ETV Bharat / bharat

যিয়ে গান্ধী পৰিয়াল এৰিছে তেওঁলোকে আৰু সহানুভূতি নাপায় : হিমন্ত বিশ্ব শৰ্মা - HIMANTA BISWA SARMA SLAMS CONGRESS

প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ স্মাৰক নিৰ্মাণ প্ৰসংগত পুনৰ কংগ্ৰেছক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ।

r Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ANI)
author img

By ETV Bharat Assamese Team

Published : 20 hours ago

নতুন দিল্লী: কংগ্ৰেছে প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ স্মাৰক নিৰ্মাণৰ বাবে নতুন দিল্লীত স্থান আৱণ্টন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনোৱাৰ কেইদিনমান পিছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলটোক তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, "যিয়ে গান্ধী পৰিয়াল এৰিছে তেওঁলোকে আৰু সহানুভূতি নাপায় ।"

ড৹ মনমোহন সিঙৰ অন্তোষ্টিক্ৰিয়া সম্পন্নৰ পিছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ড৹ মনমোহন সিঙৰ স্মাৰক নিৰ্মাণৰ বাবে ঠাইৰ আৱন্টন কৰিবলৈ আহ্বান জনায় । মল্লিকাৰ্জুন খাৰ্গেৰ পত্ৰৰ উত্তৰত চৰকাৰে স্মাৰকৰ বাবে ঠাই আৱণ্টন কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ।

ইয়াৰ পিছতেই ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত ই টিভি ভাৰতক কয়, "ড৹ মনমোহন সিং-পিভি নৰসিংহ ৰাও, যিয়ে নহওক কিয় গান্ধী পৰিয়ালৰ বাহিৰত থাকিলে তেওঁলোকে আৰু কোনো সহানুভূতি নাপায় ।" এই প্ৰসংগত ৰাহুল গান্ধীক সমালোচনা কৰি অসমৰ মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়,"তেওঁ (ৰাহুল গান্ধী) একো নাজানে আৰু তেওঁ যি কৰে সেয়া কেৱল প্ৰচাৰৰ বাবে ।" ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়, "ড৹ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছদিনা ৰাহুল গান্ধী ভিয়েটনামলৈ গৈছিল । যদিও কংগ্ৰেছৰ এজন নেতাই কৈছিল যে ৰাহুলে ভিয়েটনামৰ অৰ্থনৈতিক আৰ্হি আৰু সামাজিক ব্যৱস্থা অধ্যয়ন কৰিবলৈ ভিয়েটনামলৈ গৈছিল, সত্যটো হ'ল যে তেওঁ (ৰাহুল) নৱবৰ্ষ উদযাপন কৰিবলৈ তালৈ গৈছিল ।" ৰাহুলজীয়ে নতুন বছৰ উদযাপন কৰিবলৈ ভিয়েটনামলৈ গৈছিল বুলি মন্তব্য় কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "যিমান দূৰলৈকে গান্ধী পৰিয়ালৰ কোনো প্ৰভাৱ নপৰে তেওঁলোকে নতুন বছৰ উদযাপন অব্যাহত ৰাখিব । "

ইপিনে, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভাণ্টেজ অসম ২.০ সন্মিলনৰ বিষয়ে সোধাত ড৹ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট ভাল সঁহাৰি পোৱাৰ বাবে আশাবাদী বুলি মন্তব্য় কৰি কয়, "অসমত সকলো ক্ষেত্ৰতে বিকাশ হৈছে । ৰাজ্যখনত বিনিয়োগ আৰু ইয়াৰ সম্ভাৱনা অন্বেষণ কৰাৰ এইটো সঠিক সময় । অসম চৰকাৰে অহা মাহত গুৱাহাটীত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ আয়োজন কৰি আহিছে, যাৰ লক্ষ্য হৈছে ৰাজ্যখনত উদ্যোগ আৰু বিনিয়োগক প্ৰলোভিত কৰা ।"

লগতে পঢ়ক:অসম চুক্তি ৰূপায়ণত মনমোহন সিঙে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা - MANMOHAN SINGH AND ASSAM

অসমবাসী হিচাপে মনমোহন সিঙক লৈ গৌৰৱবোধ কৰো: প্ৰাক্তন সাংসদ দীপ গগৈ - DIP GOGOI ON MANMOHAN SINGH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.