স্পৰ্টছ ডেস্ক, ১২ আগষ্ট :সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰা শ্বুটাৰ মনু ভাকৰ আৰু দেশক একমাত্ৰ ৰূপৰ পদক প্ৰদান কৰা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ মাজৰ সম্পৰ্কক লৈ এতিয়া উত্তাল হৈ পৰিছে সামাজিক মাধ্যম । তেওঁলোকৰ মাজৰ সম্পৰ্কৰ কথা দ্ৰুতগতিত বিয়পি পৰিছে । ছ'চিয়েল মিডিয়াত অনুৰাগীসকলে এই দুয়োগৰাকীক প্ৰেমৰ বান্ধোনেৰে বান্ধি আছে আৰু তেওঁলোকৰ ছবি আৰু ভিডিঅ'ত বিভিন্ন মন্তব্য কৰিছে ।
মনু-নীৰজৰ প্ৰেমৰ সম্পৰ্কৰ উৰাবাতৰি তীব্ৰ হৈ পৰিছে
সদ্যসমাপ্ত পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰা আৰু মনু ভাকৰে কথা পাতি থকা এটা ভিডিঅ' শেহতীয়াভাৱে প্ৰকাশ পাইছে । অৱশ্যে ভিডিঅ'টোত দুয়োগৰাকীয়ে কি কথা পাতি আছিল সেয়া জানিব পৰা হোৱা নাই । কিন্তু অনুৰাগীসকলে দুয়োৰে মাজৰ কথাবাৰ্তাক তেওঁলোকৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ ডোলেৰে বান্ধিবলৈ চেষ্টা কৰিছে । বহু ইউজাৰে আনকি মনু ভাকৰক এক্সত বৌ বুলিও সম্বোধন কৰিছে । এগৰাকী ইউজাৰে লিখিছে, "মনু ভাকৰ বৌৱে নীৰজ চোপ্ৰাৰ বিজয়ৰ বাবে তেওঁৰ পৰিয়ালৰ সৈতে প্ৰাৰ্থনা কৰি আছে ।"