স্পৰ্টছ ডেস্ক, ২০ জানুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ বেটিং ক্ৰমৰ এক প্ৰাণ হৈছে ৰোহিত শৰ্মা । ৰোহিতৰ আক্ৰমণাত্মক আৰম্ভণিয়ে দলটোক মেচখন আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰে । ইয়াৰ উপৰি তেওঁৰ অধিনায়কোচিত প্ৰদৰ্শনে দলটোক শক্তিশালী কৰে । তেওঁ টেষ্ট, এদিনীয়া আৰু টি-২০ আটাইকেইটা ফৰ্মেটতে দলটোৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে । লগতে গঢ়িছে এটাৰ পিছত আন এটা অভিলেখ । এতিয়া ২৫ জানুৱাৰীৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত আন এক ডাঙৰ অভিলেখ সৃষ্টিৰ সুযোগ পাব 'হিট মেন' ৰোহিতে ।
হায়দৰাবাদত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগা প্ৰথমখন টেষ্ট মেচত এই সুযোগ পাব পাৰে ৰোহিতে । এই মেচখনত ৰোহিত শৰ্মা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা প্ৰথম ভাৰতীয় অধিনায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে । ৰোহিতে এতিয়ালৈকে ভাৰতৰ অধিনায়ক হিচাপে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত মুঠ 209 টা ছয় কোবাইছে । এই ছয়ৰ সংখ্যা 116 টা ইনিংছত আহিছে । বৰ্তমান তেওঁ এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে । মহেন্দ্ৰ সিং ধোনী ভাৰতৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ছয় অৰ্জন কৰা অধিনায়কসকলৰ ভিতৰত শীৰ্ষত আছে । ধোনীয়ে টেষ্ট, এদিনীয়া আৰু টি-২০কে ধৰি মুঠ ৩১১ টা ইনিংছত ২১১ টা ছয় কোবাইছে ।