नई दिल्ली: পাৰ্থত 22 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এই বিস্ফোৰক টেষ্ট শৃংখলাৰ পূৰ্বে আমি আপোনালোকক জনাব বিচাৰিছো দুগৰাকী খেলুৱৈৰ বিষয়ে ৷ যিসকল নিজ নিজ দলৰ বাবে ট্ৰাম্প কাৰ্ড হিচাপে বিবেচিত হ’ব ।
সমান্তৰালকৈ এই দুয়োগৰাকীয়ে সৰ্বাধিক টেষ্ট উইকেট দখল কৰাৰ দৌৰত ইজনে সিজনক অতিক্ৰম কৰাৰ সুযোগো লাভ কৰিব ৷ এই দুজন খেলুৱৈ আন কোনো নহয়, তেওঁলোক হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু অষ্ট্ৰেলিয়াৰ তাৰকা স্পিনাৰ নাথান লায়ন ।
মিচেল ষ্টাৰ্ক আৰু নাথান লায়ন (IANS PHOTO) দুয়োজনেই আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী শীৰ্ষ 10 গৰাকী বলাৰৰ ভিতৰত আছে । বিশ্ব ক্ৰিকেটত সৰ্বাধিক টেষ্ট উইকেট দখল কৰা সপ্তমগৰাকী বলাৰ হিচাপে অশ্বিনে স্থান লাভ কৰাৰ বিপৰীতে লিয়নে বিশ্বজুৰি সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী অষ্টমগৰাকী বলাৰ । এতিয়া দুয়োগৰাকীয়ে অধিক উইকেট দখল কৰি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত নিজৰ স্থান অধিক মজবুত কৰাৰ সুযোগ লাভ কৰিব ৷
অশ্বিন আৰু লিয়ন মুখামুখি হ’ব কঠিন যুঁজৰ
ৰবিচন্দ্ৰন অশ্বিন: ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে 105 খন টেষ্ট মেচৰ 199 টা ইনিংছত মুঠ 536 টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ৷ খেলুৱৈগৰাকীৰ গড় হৈছে 23.59 ৷ ইয়াৰোপৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও অশ্বিনৰ পৰিসংখ্যা যথেষ্ঠ ভাল । কেংগাৰু বাহিনীৰ বিৰুদ্ধে 22 খন মেচৰ 42 টা ইনিংছত মুঠ 104 টা উইকেট দখল কৰিছে অশ্বিনে । সমান্তৰালকৈ তেওঁ অষ্ট্ৰেলিয়াত 10 খন মেচৰ 18 টা ইনিংছত দখল কৰিছে 39 টা উইকেট । অশ্বিনে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলৰ বাবে ঘৰৰ মাটিতে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
নাথান লায়ন: অষ্ট্ৰেলিয়াৰ অভিজ্ঞ অফ স্পিনাৰ নাথান লায়নো অশ্বিনৰ তুলনাত বহু পিছ পৰি থকা নাই । লায়নে 129 খন মেচৰ 242 টা ইনিংছত 30.28 গড়ে 530 টা উইকেট দখল কৰিছে । ভাৰতৰ বিৰুদ্ধে 27 খন মেচৰ 49 টা ইনিংছত মুঠ 121 টা উইকেট দখল কৰিছে খেলুৱৈগৰাকীয়ে । ভাৰতৰ বিৰুদ্ধে বলাৰগৰাকী পূৰ্বতেও অতি মাৰাত্মক বুলি প্ৰমাণিত হৈছে । ঘৰুৱা শৃংখলাত 67 খন মেচৰ 126 টা ইনিংছত 259 টা উইকেট দখল কৰিছে লায়নে । তেওঁৰ পৰিসংখ্যা চালে ভাৰতীয় বেটছমেনসকলে তেওঁৰ পৰা আঁতৰি থকাটো প্ৰয়োজন ।
টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট লোৱা বলাৰ
- মুথিয়া মুৰলীধৰণ (শ্ৰীলংকা) - ইনিংছ: 230, উইকেট: 800
- শ্বেন ৱাৰ্ণ (অষ্ট্ৰেলিয়া) - ইনিংছ: 273, উইকেট: 708
- জেমছ এণ্ডাৰছন (ইংলেণ্ড) - ইনিংছ: 350, উইকেট: 704
- অনিল কুম্বলে (ভাৰত) - ইনিংছ: 236, উইকেট: 619
- ষ্টুৱাৰ্ড ব্ৰড (ইংলেণ্ড) - ইনিংছ: 309, উইকেট: 604
- গ্লেন মেকগ্ৰাথ (অষ্ট্ৰেলিয়া) - ইনিংছ: 243, উইকেট: 563
- ৰবিচন্দ্ৰন অশ্বিন (ভাৰত) - ইনিংছ: 199, উইকেট: 536
- নাথান লায়ন (অষ্ট্ৰেলিয়া) - ইনিংছ: 242, উইকেট: 530
লগতে পঢ়ক:ৰোহিত-গিলৰ সলনি কাক স্থান দিয়া হ’ব দলত ? পাৰ্থ টেষ্টৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ