অসম

assam

ETV Bharat / sports

বৰ্তমানৰ অলিম্পিক চেম্পিয়ন তথা তিনিবাৰৰ বিশ্ব চেম্পিয়নক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত বিনেশ ফ’গাট - Paris Olympics 2024

Paris Olympics 2024 Wrestling : ভাৰতৰ তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটে মঙলবাৰে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । তেওঁ জাপানী মল্লযুঁজাৰু য়ুই ছুছাকিক প্ৰি কোৱাৰ্টাৰ ফাইনেল মেচত পৰাস্ত কৰে । য়ুই ছুছাকিকে ইয়াৰ পূৰ্বে কেতিয়াও আন্তঃৰাষ্ট্ৰীয় মেচত পৰাস্ত হোৱা নাছিল ৷

Paris Olympics 2024 Wrestling
কোৱাৰ্টাৰ ফাইনেলত বিনেশ ফ’গাট (AP Photo)

By ETV Bharat Sports Team

Published : Aug 6, 2024, 5:56 PM IST

স্পৰ্টছ ডেস্ক, ৬ আগষ্ট : ভাৰতৰ তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটে মঙলবাৰে পেৰিছ অলিম্পিকত নিজৰ যাত্ৰা আৰম্ভ কৰে । বিনেশে জাপানী মল্লযুঁজাৰু য়ুই ছুছাকিক প্ৰি কোৱাৰ্টাৰ ফাইনেল মেচত পৰাস্ত কৰে । য়ুই ছুছাকিকে ইয়াৰ পূৰ্বে কেতিয়াও আন্তঃৰাষ্ট্ৰীয় মেচত পৰাস্ত হোৱা নাছিল ৷

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বিনেশ ফ’গাট :

বিনেশে তেওঁ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ১ নম্বৰ ছিড য়ুই ছুছাকিক পৰাস্ত কৰি মহিলাৰ ফ্ৰীষ্টাইল ৫০ কেজি ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে । তেওঁ দ্বিতীয় ৰাউণ্ডত অলিম্পিক চেম্পিয়ন আৰু ৩ বাৰৰ বিশ্ব চেম্পিয়ন জাপানৰ য়ুই ছুছাকিক ৩-২ ত পৰাস্ত কৰে ৷ মেচখনৰ অন্তিম মুহূৰ্তত জয় পঞ্জীয়ন কৰাটো তেওঁৰ এক চাঞ্চল্যকৰ পদক্ষেপ আছিল ।

বৰ্তমানৰ অলিম্পিক চেম্পিয়নক পৰাস্ত কৰে বিনেশে :

ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে মহিলাৰ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ১৬ ৰাউণ্ডত টকিঅ’ ২০২০ চেম্পিয়ন জাপানৰ য়ুই ছুছাকিক পৰাস্ত কৰি অলিম্পিকত তৃতীয়টো প্ৰদৰ্শন পঞ্জীয়ন কৰে । উল্লেখ্য যে, য়ুই ছুছাকি কেৱল টকিঅ’ অলিম্পিকৰ চেম্পিয়নেই নহয়, তেওঁ এই শাখাত তিনিবাৰৰ বিশ্ব চেম্পিয়ন আৰু বৰ্তমান এছিয়ান চেম্পিয়নো ।

প্ৰত্যাহ্বানৰ মাজেৰে মেচখন নিজৰ নামত কৰিলে বিনেশে :

মেচখনৰ প্ৰথম ৰাউণ্ডৰ পিচত ছুছাকিয়ে ১-০ ত অগ্ৰগতি লাভ কৰে । অৱশ্যে দ্বিতীয় ৰাউণ্ডত বিনেশে সুন্দৰ প্ৰত্যাৱৰ্তন কৰি জাপানী মল্লযুঁজাৰুগৰাকীক ৩-২ ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । বিনেশে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ২০১৯ চনৰ ইউৰোপীয় চেম্পিয়ন ইউক্ৰেইনৰ অক্সানা লিভাচৰ বিৰুদ্ধে । এই খেলখন আজি ভাৰতীয় সময় অনুসৰি বিয়লি ৪:১০ বজাত অনুষ্ঠিত হ'ব ।

ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ :

ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী ভাৰতীয় মল্লযুঁজাৰুৰ পৰা পেৰিছ অলিম্পিকত পদক লাভৰ আশা কৰিছে ১৪০ কোটি দেশবাসীয়ে ।

লগতে পঢ়ক:আজি জাৰ্মানীৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ বহু প্ৰত্যাশিত ছেমি ফাইনেল : দুয়ো দেশৰ ৰেকৰ্ডে কি কয় ? - Paris Olympics 2024

ABOUT THE AUTHOR

...view details