লুধিয়ানা : পঞ্জাবত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা । লুধিয়ানা পশ্চিম জিলাৰ আম আদমি পাৰ্টীৰ বিধায়ক গুৰপ্ৰীত গোগীৰ যোৱা নিশা তেওঁৰ ঘৰত এক ৰহস্যজনক গুলীচালনাৰ ঘটনাত মৃত্যু হয় । এই ঘটনাক এক সন্দেহজনক হত্যাকাণ্ড হিচাপে লক্ষ্য কৰা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গোগীৰ মূৰত গুলী লাগিছিল । গুলীবিদ্ধ হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
আনহাতে, পৰিয়ালৰ সদস্যৰ উদ্ধৃতি দি পঞ্জাব আৰক্ষীয়ে প্ৰকাশ কৰা মতে, লুধিয়ানা পশ্চিম জিলাৰ আম আদমি পাৰ্টীৰ বিধায়ক গুৰপ্ৰীত গোগীয়ে শুকুৰবাৰে নিশা গুলীৰ আঘাত লগাৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে ।
#WATCH | Ludhiana, Punjab: AAP MLA Gurpreet Gogi found dead with bullet injuries.
— ANI (@ANI) January 10, 2025
The incident happened around 12 am and he was dead when he was brought to DMC hospital. Investigation underway: DCP Jaskaran Singh Teja
(Visuals from outside DMC hospital) pic.twitter.com/oRxVqw17ti
লুধিয়ানাৰ ডি চি পি জস্কৰণ সিং তেজাই কয়, "গুৰপ্ৰীত গোগীক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । তেওঁৰ মৃতদেহ ডি এম চি চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । তাত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব । পৰিয়ালৰ সদস্যসকলৰ মতে, তেওঁ দুৰ্ঘটনাক্ৰমে নিজকে গুলীয়াইছিল । তেওঁ মূৰত গুলীৰ আঘাত পাইছিল । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত মৃত্যুৰ কাৰণ স্পষ্ট হ'ব...।"
#WATCH | Ludhiana, Punjab: DCP Jaskaran Singh Teja says, " gurpreet gogi was declared brought dead at the hospital, his body has been kept at the mortuary in dmc hospital. post-mortem will be conducted. as per the family members, he shot himself accidentally, he sustained bullet… https://t.co/sZEFYD9bdc pic.twitter.com/xqGPCMnlj1
— ANI (@ANI) January 11, 2025
"ঘটনাটো শুকুৰবাৰে মাজনিশা সংঘটিত হৈছিল । যেতিয়া তেওঁক ডি এম চি চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁক মৃত ঘোষণা কৰা হয়...।" আৰক্ষী উপ আয়ুক্ত (ডি চি পি) জস্কৰণ সিং তেজাই কয় । তেওঁ লগতে কয়, "ঘটনাৰ তদন্ত চলি আছে ।"
AAP MLA Gurpreet Gogi shot dead in Ludhiana
— ANI Digital (@ani_digital) January 10, 2025
Read @ANI Story | https://t.co/jlx4I6HMRZ#AAP #GurpreetGogi #Ludhiana pic.twitter.com/HzArlDYZab
উল্লেখ্য যে, গোগীয়ে ২০২২ চনত আম আদমি পাৰ্টীত যোগদান কৰিছিল । বিগত বিধানসভা নিৰ্বাচনত তেওঁ লুধিয়ানাৰ দুবাৰৰ কংগ্ৰেছ বিধায়ক ভাৰত ভূষণ আশুক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল ।
#WATCH | Ludhiana, Punjab: DCP Jaskaran Singh Teja says, " he (gurpreet gogi) was declared brought dead at the hospital...incident happened around 12 am...post mortem will be done to know the exact cause of death..." https://t.co/sZEFYD9bdc pic.twitter.com/53snOwUiyy
— ANI (@ANI) January 10, 2025