ডিব্ৰুগড় : ৰাজ্যখনৰ নাৰী শিক্ষাৰ অন্যতম বাটকটীয়া, বিশিষ্ট সমাজসেৱিকা, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কৃতি শিক্ষক বঁটাপ্ৰাপক কল্যাণী দেৱীৰ পৰলোকপ্ৰাপ্তি । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ । বার্ধক্যজনিত কাৰণত শুকুৰবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ।
কেইবাটাও দিন চিকিৎসাধীন হৈ থকা বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সমগ্ৰ ডিব্ৰুগড় জিলাখনতে শোকৰ ছাঁ পৰে । বিশেষকৈ ঐতিহাসিক খোৱাঙক শৈক্ষিক ক্ষেত্ৰত প্ৰতিষ্ঠা কৰি আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে প্ৰয়াত কল্যাণী দেৱীয়ে ।
১৯৩৯ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা প্ৰাক্তন শিক্ষয়িত্ৰীগৰাকীয়ে খোৱাং বালিকা প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি ১৯৪৭ চনত প্ৰাথমিক বৃত্তি, ১৯৪৯ চনত মাধ্যমিক বৃত্তি লাভ কৰি ১৯৬৪ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । মৰাণ মহাবিদ্যালয়ৰ পৰা ১৯৭১ চনত স্নাতক ডিগ্ৰী লাভ কৰা কল্যাণী দেৱীয়ে ১৯৫৩ চনৰ পৰা ১৯৬২ চনলৈ বুনিয়াদী অভ্যসন বিদ্যালয়, ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে পিথুবৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত হিন্দী শিক্ষয়িত্ৰী হিচাপে শিক্ষকতা কৰি উক্ত শিক্ষানুষ্ঠানখনত ১৯৬৬ চনৰ পৰা ১৯৯৮ চনলৈকে প্ৰধান শিক্ষয়িত্ৰী হিচাপে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে ।
নাৰীয়ে শিক্ষা গ্ৰহণত দেখা দিয়া সমস্যা দূৰ কৰিবলৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছিল কল্যাণী দেৱী । ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি ১৯৭৩ চনত তেওঁ খোৱাঙত আৰ্থিকভাৱে পিছপৰা ছাত্ৰীৰ শিক্ষাৰ বাবে সোণোৱাল চেৰিটেবল ট্ৰাষ্ট বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰম্ভ কৰিছিল । ইয়াৰ সমান্তৰালভাৱে ১৯৭৫ চনত খোৱাং জনতা হাইস্কুল স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।
আনহাতে, বৰ্তমানৰ উজনি অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয় খোৱাং মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাতো মুখ্য ভূমিকা পালন কৰিছিল কল্যাণী দেৱীয়ে । ১৯৮২ চনত খোৱাং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰি উচ্চ শিক্ষানুষ্ঠানখন তেওঁ আগবঢ়াই নিছিল । সদায়ে ৰাজনীতিৰ পৰা আঁতৰত থাকি ডিব্ৰুগড় জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জীৱনৰ অন্তিম মুহূৰ্তলৈকে নিজক জড়িত কৰি ৰাখিছিল ।
ইফালে কল্যাণী দেৱীৰ মৃত্যুত শুকুৰবাৰে ডিব্ৰুগড়ৰ খোৱাং স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে । আবেলি তেওঁৰ নশ্বৰদেহ পোনপ্ৰথমে তেওঁ প্ৰতিষ্ঠা কৰা খোৱাং পিথুবৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত স্ব-গৃহলৈ অনা হয় ।
স্ব-গৃহত নীতি-নিয়মৰ অন্তত বিশিষ্ট সমাজ সেৱিকাগৰাকীৰ নশ্বৰ দেহ খোৱাং মহাবিদ্যালয়লৈ নিয়া হয় । বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মহাবিদ্যালয়ৰ ফালৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এক শোকাকুল পৰিৱেশত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।
- কি কি বঁটাৰে সন্মানিত হৈছিল কল্যাণী দেৱী
শিক্ষাৰ ক্ষেত্ৰখনত নিজৰ ওৰেতো জীৱন উছৰ্গা কৰা কল্যাণ দেৱীয়ে লাভ কৰিছিল বহুকেইটা সন্মানীয় বঁটা । তেওঁ ১৯৮৯ চনত ৰাজ্যিক কৃতি শিক্ষক বঁটা, ১৯৯০ চনত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি হিচাপে আনন্দময়ী চলিহা বঁটা, ১৯৯৪ চনত শিক্ষকৰ সৰ্ব্বোচ্চ সন্মান ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা, ২০০৩ চনত শিক্ষা ৰত্ন বঁটা, ২০০৮ চনত ৰাষ্ট্ৰীয়, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সন্মিলনত আচাৰ্য মহীয়সী উপাধি গ্ৰহণ, ২০১৪ চনত জীৱন সমৃদ্ধ বঁটা, ২০১৫ চনত মুখ্যমন্ত্ৰী শ্ৰেষ্ঠ সামূহিক উন্নয়ন বঁটা লাভ কৰিছিল ।