ETV Bharat / sports

ৰাজস্থান ৰয়েলছৰ সৈতে ক্ৰিকেট খেলিলে এড শ্বীৰাণে, ৰিয়ান পৰাগৰ বলত মাৰিলে ছিক্সাৰ - ED SHEERAN PLAY CRICKET

হলিউডৰ বিখ্যাত গায়ক এড শ্বীৰাণে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলৰ সৈতে ক্ৰিকেট খেলাৰ লগতে তেওঁলোকৰ নতুন জাৰ্চীৰ প্ৰশংসা কৰে ।

ED SHEERAN PLAY CRICKET
এড শ্বীৰণ আৰু ৰিয়ান পৰাগ (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 5:24 PM IST

নতুন দিল্লী: দেশৰ বিভিন্ন প্ৰান্তত চলিছে আই পি এলৰ প্ৰস্তুতি । শীঘ্ৰেই আৰম্ভ হ'ব আই পি এল ২০২৫ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ প্ৰস্তুতিৰ মাজতেই ৰিয়ান পৰাগৰ বলত ছিক্সাৰ কোবালে এগৰাকী আমেৰিকান গায়কে । ৰিয়ানৰ বলত আমেৰিকান গায়ক এড শ্বীৰাণে ছিক্সাৰ কোবোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্য়মত ।

আই পি এল ২০২৫ আৰম্ভ হ'বলৈ কেইদিনমান থকা অৱস্থাতে আমেৰিকান গায়ক এড শ্বীৰাণে ভাৰতীয় দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হাতত বেট লৈ । এই গায়কগৰাকীয়ে গানৰ বাবে বিখ্য়াক হ'লেও এইবাৰ ভাৰতীয় দৰ্শকক আকৰ্ষণ কৰিছে হাতত ক্ৰিকেট বেট লৈ ।

আজি আমেৰিকান গায়কগৰাকীয়ে আই পি এলৰ প্ৰথম ছিজনৰ বিজয়ী ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰৰ লগতে বিগত সময়ৰ খেলুৱৈসকলক সাক্ষাৎ কৰে । এই সাক্ষাতৰ সময়তেই অনুষ্ঠিত হয় এখন মেচ । এই মেচখনত ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰ তথা অসম সন্তান ৰিয়ান পৰাগৰ এটা বলত আমেৰিকান গায়কগৰাকীয়ে কোবালে ছিক্সাৰ । কেবল ৰিয়ানৰেই নহয়, আন খেলুৱৈৰো বল ঠেলি পঠিয়ালে বাউণ্ডেৰীৰ বাহিৰলৈ । তেওঁ লগতে মুকলি কৰিলে ৰাজস্থান ৰয়েলছৰ জাৰ্চী ।

এই খেলৰ এটা ভিডিঅ' ৰাজস্থান ৰয়েলছে তেওঁলোকৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত তেওঁ আৰ আৰ খেলুৱৈসকলৰ সৈতে ক্ৰিকেট খেলি থকা প্ৰত্য়ক্ষ কৰা হৈছে । আৰ আৰৰ খেলুৱৈৰ বলত আমেৰিকান গায়কগৰাকীয়ে এটাৰ পাছত আনটো দীঘলীয়া শ্বট মৰা দেখা যায় ।

এড শ্বীৰাণে ৰাজস্থান ৰয়েলছৰ নতুন জাৰ্চি খুব প্ৰশংসা কৰে । হলিউডৰ বিখ্যাত গায়ক এড শ্বীৰাণৰ এটা ভিডিঅ' শ্বাহৰুখ খানৰ সৈতে ভাইৰেল হৈছিল য'ত দুয়োজনক নাচি থকা দেখা গৈছিল । এড শ্বীৰাণে ২০১১ চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেতিয়াৰ পৰা তেওঁ পিছলৈ উভতি চোৱা নাই । এতিয়া তেওঁ আই পি এল ২০০৮ ৰ বিজয়ী আৰু আই পি এল ২০২২ ৰ ৰাণাৰ-আপ দলক সমৰ্থন কৰিছে ।

উল্লেখ্য় যে এইগৰাকী গায়কে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে । শ্বীৰাণে তেওঁৰ আকৰ্ষণীয় আৰু উৎকৃষ্ট গানেৰে ভাৰতীয় অনুৰাগীসকলক আকৰ্ষণ কৰাৰ মাজতে ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰক সাক্ষাৎ কৰে ।

লগতে পঢ়ক:জীতো বাজী খেল কে ... আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত মুকলি আই চি চিৰ - CHAMPIONS TROPHY 2025 OFFICIAL SONG

চেম্পিয়নছ ট্ৰফীত অনুৰাগীয়ে দেখিবনে বুমৰাহৰ যাদু; বি চি চি আয়ে আজি ল'ব সিদ্ধান্ত - ICC CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.