অসম

assam

ETV Bharat / sports

পেৰিছ অলিম্পিক : পূৰ্বৰ অভিলেখ ভংগৰ লক্ষ্য ভাৰতৰ - Paris Olympics 2024

Paris Olympics 2024: ভাৰতৰ ১১৭ গৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব । প্ৰদৰ্শন উন্নত কৰি পদকৰ সংখ্যাও বৃদ্ধিৰ বাবে চেষ্টা চলাব ভাৰতে । পদকৰ দাবীদাৰসকলৰ ভিতৰত নীৰজ চোপ্ৰা অন্যতম । বেডমিণ্টন আৰু শ্বুটিং ইভেণ্টতো ভাৰতে পদক লাভ কৰিব বুলি অনুৰাগীসকলে আশা কৰি আছে ।

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 5:42 PM IST

Paris Olympics 2024
পেৰিছ অলিম্পিক;পূৰ্বৰ অভিলেখ ভংগৰ লক্ষ্য ভাৰতৰ (ANI Photo)

স্পৰ্টছ ডেস্ক,২৫ জুলাই : ভাৰতৰ ১১৭ জনীয়া খেলুৱৈৰ দলে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাৰ লগে লগে ক্ৰীড়া অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ভাৰতে এইবাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বুলি আশা কৰিছে অনুৰাগীয়ে । একাংশ খেলুৱৈয়ে অলিম্পিকত আত্মপ্ৰকাশ কৰিব আনহাতে একাংশ খেলুৱৈয়ে অন্তিমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰীড়াত যোগদান কৰিব ।

ভাৰতে টকিঅ'ত ৭ টা পদক লাভ কৰিছিল । তাৰ ভিতৰত নীৰজ চোপ্ৰাৰ নামত এটা স্বৰ্ণ আছিল । এইবাৰ পদকৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্যৰে ভাৰতীয় খেলুৱৈসকল অৱতীৰ্ণ হ'ব । কিন্তু পদকৰ সংখ্যা দুটা অংকত প্ৰৱেশ কৰাটো কঠিন কাম হ'ব । কিয়নো কেৱল নীৰজ চোপ্ৰা হে পদকৰ বাবে আত্মবিশ্বাসী যেন লাগিছে ।

পেৰিছত ভাৰতৰ বাবে আটাইতকৈ শক্তিশালী পদকৰ দাবীদাৰ হ'ব নীৰজ চোপ্ৰা আৰু ৰঙ্কিৰেড্ডী সাতৱিক আৰু চিৰাগ চেট্টীৰ বেডমিণ্টন যুটি । ভাৰতৰ দলটোৰ আধাতকৈও অধিক তিনিটা ক্ৰীড়া ক্ৰমে এথলেটিকছ (২৯), শ্বুটিং (২১) আৰু হকী (১৯)। ৬৯ গৰাকী খেলুৱৈৰ ভিতৰত ৪০ গৰাকীয়ে নতুন খেলুৱৈ ।

ভাৰতৰ অভিযান মুখ্যতঃ এথলেটিকছ দলৰ দ্বাৰা পৰিচালিত হ'ব কিয়নো তেওঁলোক ভাৰতীয় দলৰ এটা মুখ্য অংশ । ভাৰতীয় দলটোৰ অভিজ্ঞ খেলুৱৈ দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, প্ৰবীণ টেনিছ তাৰকা ৰোহন বোপান্না, টেবুল টেনিছ খেলুৱৈ অচন্ত শৰৎ কমল আৰু হকী গ'লকীপাৰ পি আৰ শ্ৰীজেশৰ পৰা উন্নত প্ৰদৰ্শনৰ আশা কৰা হৈছে ।

পদকৰ সম্ভাৱনা :

ভাৰতৰ পদকৰ আশা তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাৰ ওপৰত নিৰ্ভৰশীল যিয়ে যোৱা সংস্কৰণত সোণৰ পদক লাভ কৰিছিল । ভাৰতীয় অনুৰাগীসকলে আশা কৰিব যে তেওঁ কেৱল পোডিয়ামৰ শীৰ্ষত থকাই নহয় থ্ৰ'ৰ দ্বাৰা ৯০ মিটাৰ সীমা অতিক্ৰম কৰিব । নীৰজৰ পিচতে পি ভি সিন্ধু আৰু সুশীল কুমাৰৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । যিয়ে একেৰাহে অলিম্পিক পদক লাভ কৰিছে ।

সাতৱিকচাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীৰ বেডমিণ্টন যুটি হৈছে আন এক পদকৰ দাবীদাৰ । তেওঁলোকে বিশ্ব ৰেংকিঙত এক নম্বৰ স্থানত থাকি গৌৰৱ অৰ্জন কৰিব বিচাৰিব ।

শ্বুটিং হৈছে আন এখন ইভেণ্ট য'ত ভাৰতে পদকৰ আশা কৰিব পাৰে কিয়নো মনু ভাকৰ আৰু সৌৰভ চৌধুৰীয়ে অলিম্পিকৰ প্ৰস্তুতিত তেওঁলোকৰ ধাৰাবাহিক প্ৰদৰ্শনেৰে প্ৰত্যাশা বৃদ্ধি কৰিছিল । চিফ্ট কৌৰ সমৰা (৫০ মিটাৰ থ্ৰী পজিছন), সন্দীপ সিং (১০ মিটাৰ এয়াৰ ৰাইফল) আৰু ঐশ্বৰ্য প্ৰতাপ সিং তোমাৰ (পুৰুষৰ ৫০ মিটাৰ ৰাইফল) তিনিওজনে দেখুৱাইছে যে তেওঁলোক অলিম্পিকত পদক লাভ কৰিবলৈ যথেষ্ট আগ্ৰহী ।

আৰ্চাৰসকলৰ ওপৰত প্ৰত্যাশা অধিক থাকে যিহেতু তেওঁলোকে গোলকীয় প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শন কৰি আহিছে । অৱশ্যে যেতিয়া অলিম্পিকৰ কথা আহে ভাৰতীয় আৰ্চাৰী খেলুৱৈসকলে তেওঁলোকৰ খ্যাতি অনুসৰণ কৰিবলৈ সক্ষম হোৱা নহয় । এইবাৰ তেওঁলোকে আশা পূৰণৰ বাবে প্ৰচেষ্টা চলাব । পূৰ্বত কৈ পদকৰ সংখ্যা বৃদ্ধি কৰিলে ই ভাৰতীয় অনুৰাগীসকলৰ বাবে এক স্মৰণীয় সংস্কৰণ হ'ব ।

লগতে পঢ়ক :আৰ্চাৰীৰে ভাৰতৰ অলিম্পিকৰ যাত্ৰা আৰম্ভ - Paris Olympics 2024

ABOUT THE AUTHOR

...view details