অসম

assam

ETV Bharat / sports

পাকিস্তানৰ দবা খেলুৱৈয়ে ফটো উঠিল সমুখত তিৰংগা লৈ; তীব্ৰ প্ৰতিক্ৰিয়া চুবুৰীয়া দেশখনত - CHESS OLYMPIAD 2024 - CHESS OLYMPIAD 2024

International chess federation: বুডাপেষ্টত উঠা এখন ফটোৱে হাহাকাৰ লগাইছে পাকিস্তানত ৷ এই ফটোখন আন কাৰো নহয়, দেশখনৰ দবা দলটোৰহে ৷ সামাজিক মাধ্যমত ফটোখন ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি ৷ পিছে কি আছিল ইয়াৰ আঁৰৰ কাৰণ ?

CHESS OLYMPIAD 2024
ভাৰতীয় দবা দলটো (ANI)

By ETV Bharat Sports Team

Published : Sep 27, 2024, 2:11 PM IST

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ:ভাৰত আৰু পাকিস্তানৰ মাজত কূটনৈতিক সম্পৰ্কত প্ৰতিবন্ধকতা থকাৰ মাজতে দবা অলিম্পিয়াড 2024 ত পৰিলক্ষিত হ’ল এক অনন্য দৃশ্য ৷ সেই দৃশ্যই বহু লোকক আকৰ্ষিত কৰাৰ বিপৰীতে আন বহুতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ এই ঘটনা সংঘটিত হৈছে হাংগেৰীৰ বুডাপেষ্টত ৷

দবা অলিম্পিয়াড 2024 ত ভাৰতে পুৰুষ-মহিলা উভয় শাখাতে চেম্পিয়নছৰ খিতাপ অৰ্জন কৰাৰ পিছতে ফটো ছেচনৰ বাবে প’জ দিয়ে ৷ উক্ত সময়ত পাকিস্তানৰ দলটোৱেও ভাৰতীয় পতাকা হাতত লৈ প’জ দিয়ে ফটোৰ বাবে ৷ পৰৱৰ্তী সময়ত এই ফটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷ তাৰপিছতে ঘটে অথন্তৰ ৷ এই ফটো চুবুৰীয়া ৰাষ্ট্ৰখনত বিয়পি পৰাৰ পিছতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰত-পাকিস্তানৰ ক্ৰীড়াপ্ৰেমীসকলে ৷ ইণ্টাৰনেটত ব্যাপক ৰূপত চৰ্চা লাভ কৰা বিশেষ মুহূৰ্তটোৰ ভিডিঅ’টোক লৈ দুয়োখন দেশৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত দবা কেনেকৈ এক মাধ্যম হ’ব পাৰে, সেই বিষয়ত আৰম্ভ হৈছে আলোচনা । একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ দলটোক সমালোচনা কৰাৰ বিপৰীতে একাংশই দলটোৰ হৃদয়স্পৰ্শী ইংগিতৰ বাবে কৰিছে প্ৰশংসা ৷

দবা অলিম্পিয়াডত পাকিস্তানৰ প্ৰদৰ্শন

প্ৰতিযোগিতাখনত দুগৰাকী পাকিস্তানী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰে । মুকলি শাখাত মমিন ফায়জানে 11 ৰ ভিতৰত 6.5 নম্বৰ লাভ কৰি কেণ্ডিডেট মাষ্টাৰ (চি এম) খিতাপ দখল কৰাৰ বিপৰীতে 11 বছৰীয়া আয়ত আছমীয়ে 10 ৰ ভিতৰত 5 নম্বৰ লাভ কৰি মহিলা কেণ্ডিডেট মাষ্টাৰ (ডব্লিউ চি এম) খিতাপ লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰে । প্রয়োজনীয় আনুষ্ঠানিকতাৰ পাছত দুয়োটা উপাধি প্রদানৰ প্রক্রিয়া সম্পূর্ণ হ’ব ৷

দবা অলিম্পিয়াডত ভাৰতৰ প্ৰদৰ্শন

পুৰুষৰ দলটোৱে অন্তিম ৰাউণ্ডত শ্ল’ভেনিয়াক আউটপ্লে কৰি ৰূপৰ পদক অৰ্জন কৰে । ডি গুকেশে প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি ভাৰতক 22 টা সম্ভাৱ্য পইণ্টৰ ভিতৰত 21 টা পইণ্ট লাভ কৰি 11 টা ৰাউণ্ডৰ ভিতৰত 10 টা ৰাউণ্ডত জয়লাভ হোৱাত সহায় কৰে । ফাইনেল ৰাউণ্ডত আজাৰবাইজানক পৰাস্ত কৰি মহিলা দলটোৱে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈসকলৰ জয়ৰ পিছত সাক্ষাৎ কৰি প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰদৰ্শনৰ উচ্চ প্ৰশংসা কৰে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত দবা খেল খেলিলে অলিম্পিয়াডৰ চেম্পিয়নে - CHESS OLYMPIAD 2024

ABOUT THE AUTHOR

...view details