ETV Bharat / state

শিৱসাগৰৰ ১,২৪১ খন বিদ্য়ালয়ত গুণোৎসৱৰ মূল পৰ্ব আৰম্ভ - ASSAM GUNOTSAV 2025

ৰাজ্যৰ ৪৪,০৯৪ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক সামৰি আৰম্ভ গুণোৎসৱ ।

Gunotsav in Sivasagar
শিৱসাগৰত গুণোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 2:13 PM IST

শিৱসাগৰ: ৰাজ্যৰ ৩৫ খন জিলাত ৬ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ হৈছে গুণোৎসৱ । ৰাজ্যখনৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ উৎকর্ষ সাধনৰ বাবে আৰম্ভ কৰা গুণোৎসৱ ২০২৫ অহা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব । ৰাজ্যৰ ৪৪,০৯৪ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত হ'বলগীয়া গুণোৎসৱে সামৰি লৈছে ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক ।

ৰাজ্যৰ আন জিলাৰ লগতে শিৱসাগৰতো কালিৰে পৰা চলিত বৰ্ষৰ গুণোৎসৱ আৰম্ভ হৈছে । দৈনিক অনুষ্ঠিত প্ৰাতঃসভাৰ জৰিয়তে আজিৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু ভৱন বিদ্যালয়ত মঙলবাৰে শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি বৰুৱা উপস্থিত হৈ বিগত বছৰসমূহৰ দৰেই এইবাৰো জিলাখনে ভাল ফলাফল লাভ কৰিব বুলি আশা কৰে । এই প্ৰসংগত বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে কয়," আজিৰে পৰা শিৱসাগৰ জিলাৰ ১,২৪১ খন বিদ্য়ালয়ত গুণোৎসৱৰ মূল পৰ্ব আৰম্ভ হৈছে । কালি আমাৰ স্ব-গুণোৎসৱ আছিল । আজি ৪২১ খন বিদ্য়ালয়ত হৈছে । তাৰ বাবে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু ভৱন বিদ্যালয়ত উপস্থিত হৈছো ।"

শিৱসাগৰত গুণোৎসৱ (ETV Bharat Assam)

১২৪১ খন শিক্ষানুষ্ঠানত গুণোৎসৱ :

চলিত বৰ্ষত শিৱসাগৰ জিলাৰ ১২৪১ খন শিক্ষানুষ্ঠানৰ ৭০,৭১৭ গৰাকী ছাত্ৰ-ছাত্ৰীক এই গুণোৎসৱে সামৰি লৈছে । এই গুণোৎসৱৰ বাবে জিলাখনত ৪৮২ গৰাকী বাহ্যিক মূল্যায়ক,১২৩ গৰাকী সমন্বয়ক আৰু নডেল শিক্ষক ১২৪১ গৰাকীক দায়িত্ব প্ৰদান কৰা হৈছে । কালিৰে পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ মূল্যায়ন ৯ জানুৱাৰী পৰ্যন্ত চলিব ।

শিৱসাগৰ জিলাৰ সাফল্য় :

উল্লেখযোগ্য যে শিৱসাগৰ জিলা ক্ৰমাগতভাৱে ২০২২ বৰ্ষৰ পৰা 'A' গ্ৰেড লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । ইয়াৰ পূৰ্বে জিলাখনে ২০১৭ আৰু ২০১৮ বৰ্ষতো 'A' গ্ৰেড লাভ কৰিছিল । ২০১৭ বৰ্ষত জিলাখনৰ পৰা 'A' গ্ৰেড লাভ কৰা শিক্ষানুষ্ঠানৰ সংখ্যা আছিল ৩৯৬ খন । ইয়াৰ বিপৰীতে ২০২৪ বৰ্ষত জিলাখনৰ পৰা 'A' গ্ৰেড লাভ কৰা শিক্ষানুষ্ঠানৰ সংখ্যা ৮৯৯ লৈ বৃদ্ধি হৈছিল ।

লগতে পঢ়ক:ৰাজ্যৰ ৪৪০৯৪ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ; ম'বাইল এপ'-প'ৰ্টেল মুকলি - ASSAM GUNOTSAV 2025

সমগ্ৰ শিক্ষাৰ নিৰ্দেশনা : ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ - Gunotsav Assam - GUNOTSAV ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.