তেজপুৰ : ‘‘কলিয়াবৰৰ নৰখাদক বাঘটোৰ বাবে বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । বন বিভাগে নিৰ্দিষ্ট বাঘটো চিনাক্ত কৰিবলৈ বিভিন্ন ঠাইত কেমেৰা সংস্থাপন কৰিছে, যাতে বাঘটোৰ অৱস্থিতি নিৰ্ধাৰণ কৰি পিঞ্জৰাবদ্ধ কৰিব পৰা যায় ৷’’ এই মন্তব্য অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷
মন্ত্ৰী মঙলবাৰে পাটোৱাৰীয়ে কয় যে বাঘটোৰ পৰা পৰিত্ৰাণ পাবলৈ বন বিভাগে আজি বিয়লি কলিয়াবৰ উপ-জিলাত এখন গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব ।
মন্ত্ৰী পাটোৱাৰীয়ে কয়, "বাঘটোৱে যিহেতু মানুহ খালে গতিকে তাক চিনাক্ত কৰি আৱদ্ধ কৰাৰ বাহিৰে অন্য কোনো উপায় নাই । এবাৰ মানুহ খোৱাৰ পিছত বাঘটোৱে ইয়াৰ পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা প্ৰকট । জিলা প্ৰশাসনৰ লগত আলোচনা কৰি বাঘৰ পৰা মানুহক সুৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বাঘটো ধৰাৰ পিছত পুনৰ সংস্থাপনৰ বাবে চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব ৷’’
গঁড় আৰু হাতীৰ সংখ্যা বৃদ্ধি :
মন্ত্ৰী পাটোৱাৰীয়ে কয়, ‘‘অসমত গঁড় আৰু হাতীৰ সংখ্যা বহুখিনি বৃদ্ধি পাইছে । ফলস্বৰূপে হাতী-মানুহৰ সংঘাতৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ ওলাই আহিছে গঁড় । কালি ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এজন মানুহক গঁড়ে আক্ৰমণ কৰিছে ৷’’
বনাঞ্চলত হাতীৰ বাবে খাদ্যৰ অভাৱ হোৱাৰ কথা সদৰী কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়, "বন বিভাগে বৰ্তমান বনাঞ্চলৰ ভিতৰত গছ গছনিৰ ৰোপণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকক পৰিভ্ৰমণ কৰিবলৈ নিয়াৰ আগতে জীপচী চালকসকলে সুৰাপান কৰিছে নেকি সেই বিষয়ে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সুৰাপান কৰি জীপ চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিলে পৰিবহন বিভাগৰ নিয়ম অনুসৰি অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে ।’’
পৰ্যটকৰ সমাগম :
পাটোৱাৰীয়ে আৰু কয়, ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ বহু পৰ্যটকৰ সমাগম হৈছে । যোৱা তিনি মাহৰ পৰা ৬ জানুৱাৰীলৈ ১ লাখ ৬১ হাজাৰ পৰ্যটকৰ আগমন ঘটিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিছে ৷’’
‘‘আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী এলেকাত জীৱ-জন্তুৰ লগত সংঘাতৰ বলি হোৱা লোকৰ পৰিয়ালৰ বাবে বন বিভাগে উপযুক্ত সাহায্য ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে বোকাখাত মহকুমাত এই চৰকাৰী পুঁজি পৰ্যাপ্ত পৰিমাণে জমা আছে ৷’’ পাটোৱাৰীয়ে কয় ।
বাঘ আৰু মানুহৰ সংঘাত বৃদ্ধি
ইফালে বিগত সময়ছোৱাত অসমত বাঘ আৰু মানুহৰ সংঘাতো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । তথ্য অনুসৰি, ২০২২ চনলৈকে অসমত বাঘৰ সংখ্যা ২২৭ টা আছিল । কিন্তু ২০০৬ চনত ইয়াৰ সংখ্যা ৭০ টা, ২০১০ চনত ১৪৩ টা আৰু ২০১৮ চনত ১৯০ টা বাঘৰ সংখ্যাৰ তুলনা কৰা হৈছে ৷ ইয়াৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ।
অসমত বাঘ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত উল্লেখযোগ্য হ’ল মানস, কাজিৰঙা, ওৰাং আৰু নামেৰী । মানস, কাজিৰঙা, ওৰাঙত বাঘৰ সংখ্যা বৃদ্ধি পাইছে যদিও নামেৰীত চাৰিৰ পৰা তিনিলৈ হ্ৰাস পাইছে । শেহতীয়াকৈ শোণিতপুৰৰ সোনাই ৰূপাই বনাঞ্চলত কেমেৰা ট্ৰেপিঙত এটা ঢেকীয়াপতিয়া বাঘৰ তথ্য পোৱা গৈছে । মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান বাঘৰ সংখ্যা বয়স্ক ৫৭ টা আৰু উপ প্ৰাপ্তবয়স্ক (Sub Adult)ৰ সংখ্যা ৩ টালৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক : চোঁচা মাৰি আহিল গঁড়ে: খৰি আনিবলৈ যোৱাই কাল হ'ল লক্ষীৰ লগতে পঢ়ক : অৱশেষত ছাগলী খাবলৈ বাঘ আহিল আৰু লগে লগে... |