স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: পাকিস্তানৰ সোঁহতীয়া উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানে বাংলাদেশৰ বিৰুদ্ধে চলি থকা প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা 171 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৷ 239 টা বলত ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰা এই দৰ্শনীয় ইনিংছৰ সহায়ত পাকিস্তানে অৰ্জন কৰে 448/6 ৰাণৰ বিশাল স্ক’ৰ ৷ যাৰ পিছত অধিনায়ক শান মাছুদে ইনিংছ ঘোষণা কৰে ।
ৰিজৱানৰ অপৰাজিত শতকে পাকিস্তানক 16-3 ৰ দুৰ্বল স্ক’ৰৰ পৰা সৌদ চাকিলৰ সৈতে শক্তিশালী স্থিতিলৈ লৈ যায়, যিয়ে 141 ৰাণৰ সুন্দৰ ইনিংছ সংগ্ৰহ কৰে ।
বাবৰক লক্ষ্য কৰি ৰিজৱানে দলিয়াইছিল বেট
পাকিস্তানী ক্ৰিকেটাৰ ৰিজৱানে এক সুন্দৰ ইনিংছৰ পিছত পেভিলিয়নমুখী হয় ৷ প্ৰাক্তন টেষ্ট অধিনায়ক বাবৰ আজমৰ সৈতে এক আৱেগিক মুহূৰ্তৰো ভাগ-বতৰা কৰে ৰিজৱানে । ৰিজৱানে ড্ৰেছিং ৰুমলৈ উভতি যাওঁতে তেওঁৰ বেটখন বাবৰক উদ্দেশ্যি দলিয়াই দিয়ে, লগে লগে বেটখন ধৰি ৰাখে বাবৰে ৷ যি ধেমেলীয়া মুহূৰ্তৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
পাকিস্তানৰ খেলুৱৈসকলে ৰিজৱানৰ এই দৰ্শনীয় ইনিংছক প্ৰশংসা কৰিবলৈ একত্ৰিত হৈছিল খেলপথাৰৰ বাউণ্ডেৰীত ৷ দলটোৰ সদস্যসকলে ক্ৰিকেটাৰ দুগৰাকীৰ বিশেষ মুহূৰ্তটো উপভোগ কৰে ৷