যোৰহাট:যোৰহাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । উত্তৰ প্ৰদেশ,হাৰিয়ানা,মণিপুৰ আদি ৰাজ্যই যোগদানৰ নিশ্চিত কৰিলে । অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট ভলীবল ৰেফাৰী আৰু অসমৰ ক্ৰীড়া সংগঠক প্ৰয়াত অমল বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে যোৰহাটত এক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ৩ আৰু ৪ জানুৱাৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আয়োজক সন্থাই । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত দিবা-নৈশ প্ৰতিযোগিতাখনিত দেশৰ মুঠ ৬টা দলে ইতিমধ্যে অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে ।
আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই প্ৰতিযোগিতাৰ বিষয়ে সদৰী কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে । তেওঁ কয়,"এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ ভলীবল খেলুৱৈসকলৰ মাজত এক সম্প্ৰীতিৰ বতৰা প্ৰসাৰিত হোৱাৰ লগতে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক অমল বৰুৱাৰ খেলজগতৰ অৱদানক জনসাধাৰণৰ ওচৰলৈ অনাৰ লক্ষ্য আগত ৰখা হৈছে ।"
সম্পূৰ্ণ প্ৰস্তুত হৈছে খেলপথাৰ :