ছিডনী : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা নিৰ্ণায়ক মেচ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে । শনিবাৰে টেষ্ট মেচৰ দ্বিতীয় দিনা মধ্যাহ্ন ভোজন বিৰতিৰ সময়ত ভাৰতৰ নিয়মীয়া টেষ্ট অধিনায়ক ৰোহিত শৰ্মাই এক ডাঙৰ ঘোষণা কৰে । মেচখনত মূল একাদশত অন্তৰ্ভুক্ত নোহোৱা আৰু তেওঁৰ টেষ্টৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত যি চৰ্চা চলি আছে সেই বিষয়ে ৰোহিতে নীৰৱতা ভংগ কৰি পোনপটীয়া সম্প্ৰচাৰত এক ডাঙৰ ঘোষণা কৰে ।
মধ্যাহ্নভোজন বিৰতিৰ সময়ত ৰোহিত শৰ্মাই ষ্টাৰ স্প'ৰ্টছৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে । তাত বিগত কেইবাদিনো ধৰি তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ বাতৰি ব্যাপকভাৱে বিয়পি পৰাৰ খবৰ অস্বীকাৰ কৰি কয় যে তেওঁ এতিয়াই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ নলয় । তেওঁ কয়, "মই অৱসৰ ল'বলৈ যোৱা নাই, কেৱল দলটোৰ প্ৰয়োজনীয়তাৰ বাবেহে মই দলৰ বাহিৰত বহি আছো ।"
Question - reports were there you were rested, dropped or opted out?
— Mufaddal Vohra (@mufaddal_vohra) January 4, 2025
Rohit Sharma - none, I stood down. I told the selectors and coach that runs are not coming from my bat, so I decided to step away. pic.twitter.com/hAHKW7BJx9
- ছিডনী টেষ্টৰ পৰা নিজে আঁতৰি থকাৰ সিদ্ধান্ত ৰোহিতৰ
খবৰ ওলাইছিল যে আপোনাক ছিডনী টেষ্টৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল নে আপোনাক বিশ্ৰাম দিয়া হৈছিল ? দলৰ পৰা বাদ দিয়া সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰোহিত শৰ্মাই কয়, "সেয়া একো নহয়, মই নিজে স্থান এৰি দিছিলো । মই নিৰ্বাচক আৰু প্ৰশিক্ষকক কৈছিলো যে মোৰ বেটৰ পৰা ৰাণ অহা নাই, সেয়েহে মই নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিলো ।"
🚨 ROHIT SHARMA CONFIRMS HE IS NOT RETIRING ANYTIME SOON. 🚨
— Mufaddal Vohra (@mufaddal_vohra) January 4, 2025
Rohit said, " runs are not coming now, but not guaranteed it'll not come 5 months later. i'll work hard". pic.twitter.com/Hte8VT74kW
ৰোহিতে কয়, "এতিয়া ৰাণ অহা নাই, কিন্তু 5 মাহৰ পিছতো যে ৰাণ নাহিব সেয়াতো গেৰাণ্টি দি ক'ব নোৱাৰি । মই কঠোৰ পৰিশ্ৰম কৰিম ।"
Rohit Sharma said - " people from the outside who are sitting with laptop, pen & paper don't decide when i retire or not. what decision i need to take. so they don't decide about retirement". pic.twitter.com/5GGFX700uR
— Tanuj Singh (@ImTanujSingh) January 4, 2025
আনহাতে, সংবাদ মাধ্যমৰ বাতৰি খাৰিজ কৰি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে কয়, "বাহিৰৰ যিসকল লোকে লেপটপ, কলম আৰু কাগজ-পত্ৰ লৈ বহি আছে তেওঁলোকে এইটো সিদ্ধান্ত নলয় যে মই কেতিয়া অৱসৰ গ্ৰহণ কৰিম বা নকৰিম । সিদ্ধান্ত ময়ে ল'ব লাগিব । গতিকে তেওঁলোকে মোৰ অৱসৰৰ বিষয়ে সিদ্ধান্ত ল'ব নোৱাৰে ।"