তেজপুৰ :অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনে আজি জন আব্ৰাহামৰ মালিকানাধীন জে এ ফুটবল প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । জে এ ফুটবল এছ’চিয়েশ্যনে নৰ্থ ইষ্ট ইউনাইটেড এফ চি (এন ই ইউ এফ চি) পৰিচালনা কৰে । অৰুণাচল প্ৰদেশত ফুটবলৰ উন্নয়নৰ বাবে কাম কৰিব জে এ ফুটবল প্ৰাইভেট লিমিটেডে ।
সোমবাৰে অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনে এ পি এফ এৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু জন আব্ৰাহামে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । আব্ৰাহামৰ লগত উপস্থিত থাকে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবে । বুজাবুজি চুক্তি অনুসৰি এন ই ইউ এফ চিয়ে স্কাউটিং আৰু খেলুৱৈসকলক চিনাক্তকৰণৰ দৰে সেৱা আগবঢ়াব ।
তৃণমূল পৰ্যায়ত ফুটবলৰ বাবে বিদ্যালয়বোৰত প্ৰশিক্ষক,পাঠ্যক্ৰম,পুষ্টি আৰু ফিটনেছ বিশেষজ্ঞ,সাপ্তাহিক ক্লিনিকৰ বাবে প্ৰশিক্ষক,ফাউণ্ডেশ্যন,মধ্যম আৰু উন্নত পৰ্যায়ৰ পাঠ্যক্ৰম,যুৱ একাডেমী অৰুণাচল প্ৰদেশ যুৱ প্ৰিমিয়াৰ লীগৰ কাৰিকৰী বিশেষজ্ঞ আৰু প্ৰশিক্ষকে শিক্ষা প্ৰদান কৰিব ।