অসম

assam

ETV Bharat / sports

ৰাজনীতি এৰি ক্ৰিকেটত ব্যস্ত বিধায়ক অখিল গগৈ ! - NIGHT TENNIS BALL CRICKET

কিমাননো আৰু ৰাজনীতিক লৈয়ে ব্যস্ত থাকিব বিধায়ক অখিল গগৈ ! সদাব্যস্ত জীৱনৰ পৰা আঁতৰি ক্ষন্তেক সময় ক্ৰিকেটৰ ময়দানত দেখা গ’ল বিধায়কগৰাকীক ৷ পঢ়ক সবিশেষ খবৰ...

NIGHT TENNIS BALL CRICKET
শিৱসাগৰত নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা (ETV Bharat Assam)

By ETV Bharat Sports Team

Published : Dec 16, 2024, 3:04 PM IST

স্প’ৰ্টছ ডেস্ক:শিৱসাগৰৰ নামতি চাৰিআলিত দেওবাৰে নিশা অনুষ্ঠিত হয় নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৷ স্থানীয় যুৱ সমাজৰ উদ্যোগত তথা বৃহত্তৰ নামতিবাসী ৰাইজৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন মুকলি কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

হাড় কঁপোৱা শীতকো নেওচি সহস্ৰাধিক লোকে এই মেচ উপভোগ কৰা দেখা যায় ৷ ষষ্ঠবাৰৰ বাবে অসম ভিত্তিত অনুষ্ঠিত হোৱা মেগা টেনিচ বল প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্বে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল ৷

ক্ৰিকেটত ব্যস্ত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন গুৱাহাটীৰ সৃষ্টি গ্ৰুপ বনাম কংকন একাদশ গোগামুখ লক্ষীমপুৰৰ মাজত অনুষ্ঠিত হয় । এই খেলখনত গুৱাহাটীৰ সৃষ্টি গ্ৰুপে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 10 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 118 ৰাণ । বিপৰীতে কংকন একাদশ গোগামুখ লক্ষীমপুৰে 9 অভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ মেচত জয়ী হয় ৷

তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কংকন একাদশ গোগামুখ লক্ষীমপুৰে চেম্পিয়নৰ খিতাপ দখল কৰি পুৰস্কাৰ হিচাপে লাভ কৰে নগদ সাত লাখ টকা ৷ ফাইনেল মেচখনৰ "মেন অৱ দা মেচ" ৰ বঁটা লাভ কৰে কংকন একাদশ গোগামুখ লক্ষীমপুৰৰ সদস্য পৰম আলী(মেক্সৱেল) য়ে ৷ আনহাতে, শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে সৃষ্টি গ্ৰুপ গুৱাহাটী দলৰ তুষাৰ চবৰে ৷

উল্লেখ্য যে, প্ৰতিযোগিতাখন মুকলি কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এনেদৰে কয়, "নামতি চাৰিআলি যুৱসমাজে অসমৰ আটাইতকৈ সুন্দৰ আৰু বৃহৎ, আটাইতকৈ বেছি দৰ্শক গোট খোৱা টেনিছ বল ক্ৰিকেট খেলখন দীৰ্ঘদিন ধৰি চলাই আহিছে । নামতি চাৰিআলিৰ কাৰণে শীঘ্ৰে এখন ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হ’ব" ৷

লগতে পঢ়ক:শীতত ফুটবলৰ উন্মাদনা; বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ

ABOUT THE AUTHOR

...view details