ETV Bharat / sports

ৰাজকোটত স্মৃতি মান্ধানাৰ স্মৰণীয় ইনিংছ, গঢ়িলে কেইবাটাও অভিলেখ - SMRITI MANDHANA ODI RECORDS

মহিলাৰ এদিনীয়া ক্ৰিকেটত ৫০০+ চাৰি আৰু ৫০+ ছয় কোবোৱা দ্বিতীয় ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয় স্মৃতি মান্ধানা ।

Smriti Mandhana ODI Records
শতক অৰ্জনৰ পিছত স্মৃতি মান্ধানা (IANS)
author img

By ETV Bharat Assamese Team

Published : Jan 15, 2025, 4:25 PM IST

ৰাজকোট : মহিলা ক্ৰিকেট ইতিহাসত ভাৰতৰ হৈ দ্ৰুততম এদিনীয়া শতক আৰু সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপে ইতিহাস ৰচে ভাৰতীয় দলৰ ভাৰপ্ৰাপ্ত অধিনায়ক স্মৃতি মান্ধানাই । মান্ধানা ৫০০+ চাৰি কোবোৱা দ্বিতীয় ভাৰতীয় হিচাপেও পৰিগণিত হয় । আনহাতে, বৰ্তমান মহিলাৰ এদিনীয়া ক্ৰিকেটত তৃতীয় যুটীয়া সৰ্বাধিক শতকৰ অভিলেখ ৰচে বেটিং চেনচেচন মান্ধানাই ।

বুধবাৰে ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰতীয় মহিলা আৰু আয়াৰলেণ্ডৰ মহিলা দলৰ মাজৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত স্মৃতি মান্ধানাই এক গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰে ।

মোহময়ী মান্ধানাৰ নামত বৰ্তমান 10 টা শতক আছে । ইয়াৰ জৰিয়তে তেওঁ ইংলেণ্ডৰ টামচিন টিলি বিউমণ্টৰ সৈতে তালিকাত একেটা স্থানত উপনীত হয় । তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মেগ লেনিঙে ১৫ টা শতকৰ সৈতে শীৰ্ষত আছে । ইয়াৰ পিছত দ্বিতীয় স্থানত আছে নিউজীলেণ্ডৰ অলৰাউণ্ডাৰ চুজি বেটছ । তেওঁৰ মুঠ শতকৰ সংখ্যা ১৩ টা ।

ইয়াৰ উপৰি মান্ধানাই এগৰাকী ভাৰতীয় হিচাপে দ্ৰুততম শতক অৰ্জন কৰা হৰমনপ্ৰীত কৌৰৰ অভিলেখ ভংগ কৰে । মাত্ৰ 70 টা বলত মান্ধানাই নিজৰ শতক সম্পূৰ্ণ কৰে । আনহাতে, হৰমনপ্ৰীত কৌৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মাত্ৰ ৮৭ টা বলত শতক অৰ্জন কৰিছিল ।

ইয়াৰ উপৰি ২৮ বছৰীয়া ষ্টাইলিষ্ট ক্ৰিকেটাৰগৰাকীৰ নামত আছে ভাৰতৰ হৈ মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা অভিলেখ । এই মেচখনৰ পিছত মান্ধানাৰ নামত আছে 52 টা ছয় । এদিনীয়া ক্ৰিকেটত হৰমনপ্ৰীত কৌৰৰ সৈতে তেওঁৰ ছয়ৰ পৰিমাণ সমান । আনহাতে, ৮৯ টা ছয়েৰে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডেন্দ্ৰা ডটিনৰ নেতৃত্বত থকা সৰ্বাধিক ছয়ৰ সামগ্ৰিক তালিকাত ষষ্ঠ স্থানত আছে মান্ধানা ।

ইফালে মান্ধানাই আজিৰ মেচখনৰ তেওঁৰ সপ্তমটো বাউণ্ডেৰীৰ জৰিয়তে এদিনীয়াত ৫০০ টা চাৰি অৰ্জন কৰে আৰু প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ পিছত এই মাইলৰ খুঁটি স্পৰ্শ কৰা একমাত্ৰ দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয় । মিতালী ৰাজে তেওঁৰ এদিনীয়া কেৰিয়াৰত ৮০৫ টাতকৈ অধিক চাৰি কোবাইছিল, যিটো মহিলা ক্ৰিকেটত সৰ্বাধিক । এই মেচখনৰ পূৰ্বে মান্ধানাই তেওঁৰ এদিনীয়া কেৰিয়াৰত 493 টা চাৰি সংগ্ৰহ কৰিছিল । মান্ধানা বৰ্তমান মহিলা এদিনীয়াত ৫০০+ চাৰি ৰাণ সংগ্ৰহ কৰা সামগ্ৰিক বেটাৰৰ তালিকাত নৱম স্থানত আছে ।

মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰ

ক্ৰিকেটাৰ শতকৰ সংখ্যা
এম এম লেনিং (অষ্ট্ৰেলিয়া) 15
এছ ডব্লিউ বেটছ (নিউজীলেণ্ড) 13
টি টি বিউমণ্ট (ইংলেণ্ড) 10
স্মৃতি মান্ধানা (ভাৰত)১০

মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক চাৰি

ক্ৰিকেটাৰ মেচ ইনিংছ চাৰিৰ সংখ্যা
এম ৰাজ (ভাৰত) 232 211805+
চি এম এডৱাৰ্ডছ (ইংলেণ্ড) 191 180686+
এছ ডব্লিউ বেটছ (নিউজীলেণ্ড)168162673
এম এম লেনিং (অষ্ট্ৰেলিয়া)103 102572
এছ আৰ টেইলৰ (ৱেষ্ট ইণ্ডিজ)160154546
কে এল ৰল্টন (অষ্ট্ৰেলিয়া)141132529+
এ ই চেটাৰ্থৱেইট (নিউজীলেণ্ড) 145138514
টি টি বিউমণ্ট (ইংলেণ্ড)126116508
এছ মান্ধানা (ভাৰত) 97*97500

মহিলা এদিনীয়া ক্ৰিকেটত এগৰাকী খেলুৱৈৰ দ্বাৰা সৰ্বাধিক ছয়

খেলুৱৈ ছয়ৰ সংখ্যা
ডি জে এছ ডটিন (ৱেষ্ট ইণ্ডিজ)89
এছ এফ এম ডিভাইন (নিউজীলেণ্ড)70
এল লী (দক্ষিণ আফ্ৰিকা)70
চি এল ট্ৰিয়ন (দক্ষিণ আফ্ৰিকা)60
এএমচিজেকে আটাপাটু (শ্ৰীলংকা)56
এইচ কৌৰ (ভাৰত) 52
এছ মান্ধানা (ভাৰত)52
লগতে পঢ়ক :নীৰৱতা ভংগ কৰিলে অশ্বিনে; কিয় ল'লে অৱসৰ ? - ASHWIN RETIREMENT CONTROVERSY
লগতে পঢ়ক :বছৰ নৌহওঁতেই নষ্ট হ'ল মনু ভাকৰৰ পদক: কি কৰিব পেৰিছ অলিম্পিক কমিটীয়ে ? - MANU BHAKER MEDALS TO REPLACED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.