তিনিচুকীয়া : চিংফৌ ৰজা বিছা নং চিংফৌৰ বুধবাৰে নিশা দেহাৱসান ঘটে । বাৰ্ধক্যজনিত কাৰণত তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত বিছা গাঁৱৰ নিজা বাসভৱনত চিকিৎসা চলি আছিল চিংফৌ ৰজাৰ । চিংফৌ সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছা ৰজা খ্যাত চিংফৌৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।
উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত বিছা নং চিংফৌ এক পৰিচিত নাম । নামেই তেওঁৰ পৰিচয় । বংশানুক্ৰমে তেওঁ বিছা ৰজা । লিডুৰ ঐতিহ্যমণ্ডিত বিছা গাৱঁৰ নিবাসী বিছা নং চিংফৌৰ ৭৬ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান ঘটে ।
ৰজাৰ ধৰ্ম প্ৰজাক সমদৃষ্টিৰে সম-মৰ্যাদা দিয়া । তেওঁৰ সোণসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফল । সেইবাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্ৰিয় । একাংশ লোকৰ মতে বিছা ৰজাৰ অতি সহজ-সৰল কথন ভংগী সদায় মানুহৰ কাণত বাজি থাকিব । সকলো জাতি-জনগোষ্ঠীৰ সমন্বয় সাধনত লোৱা পদক্ষেপে সদায় জনতাৰ হৃদয়ত সমন্বয়ৰ প্ৰতীক কৰি ৰাখিব ।
মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ
বিছা ৰজা বিছা নং চিংফৌৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শোকপ্ৰকাশ কৰিছে । তেওঁ কৈছে, "চিংফৌ ৰজা বিছা নং চিংফৌৰ দেহাৱসানৰ খবৰ শুনি অতিকৈ মৰ্মাহত হ'লো ৷ মাৰ্ঘেৰিটাৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটা ৰজাগৰাকীৰ প্ৰয়াণ চিংফৌ জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি ৷ জনসাধাৰণৰ মাজত অতি প্ৰিয় চিংফৌ ৰজাগৰাকীৰ অৱদান ভৱিষ্যৎ প্ৰজন্মই সদায়ে স্মৰণ কৰিব ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো ৷"
বিভিন্ন দল-সংগঠনৰ শোকপ্ৰকাশ
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটী, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ লগতে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে ৰজাৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে ।
ইফালে শুকুৰবাৰে দিনৰ ১২ বজাত ৰাজ্যিক মৰ্যাদাৰে বিছা ৰজা বিছা নং চিংফৌৰ অন্ত্যেষ্টিক্ৰিয়া লিডু বিছা গাঁৱত সম্পন্ন কৰা হ'ব আৰু উক্ত অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল উপস্থিত থকাৰ কথা আছে ।
লগতে পঢ়ক :'২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক নেতৃত্ব দিব দিলীপ শইকীয়াই - BJP NEW STATE PRESIDENT