ETV Bharat / international

হোৱাইট হাউচ আক্ৰমণৰ পৰিকল্পনা; ভাৰতীয় যুৱকক কাৰাদণ্ড - WHITE HOUSE ATTACK ATTEMPT

গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আমেৰিকান চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে হোবাইট হাউচত আক্ৰমণৰ অভিযোগত ভাৰতীয় যুৱকক কাৰাদণ্ড ।

White House attack attempt
হোৱাইট হাউচ আক্ৰমণৰ পৰিকল্পনা (AP)
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2025, 12:18 PM IST

ৱাশ্বিংটন : আমেৰিকাৰ হোৱাইট হাউচত আক্ৰমণৰ ভয়ংকৰ ষড়যন্ত্ৰ ! অভিযোগ অনুসৰি এই ষড়যন্ত্ৰ কৰিছিল এগৰাকী ভাৰতীয়ই । সাই বৰ্শিত কান্দুলা নামৰ ২০ বছৰীয়া যুৱকজনক ইতিমধ্যে এই গোচৰত ৮ বছৰৰ কাৰাদণ্ড দিয়া হৈছে । বৃহস্পতিবাৰে এক শুনানিৰ সময়ত আদালতে ভাৰতীয় যুৱকজনক এই শাস্তি প্ৰদান কৰে ।

  • হোৱাইট হাউচ আক্ৰমণৰ পৰিকল্পনা কান্দুলাৰ

অভিযোগ অনুসৰি, ২০২৩ চনৰ ২০ মে'ত এখন ভাৰাৰ ট্ৰাকেৰে হোৱাইট হাউচত আক্ৰমণৰ চেষ্টা কৰিছিল যুৱকজনে । ন্যায় বিভাগে জনোৱা মতে, এই আক্ৰমণৰ উদ্দেশ্য আছিল গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আমেৰিকান চৰকাৰক উৎখাত কৰা ।

কান্দুলাই ২০২৪ চনৰ ১৩ মে'ত ইচ্ছাকৃত আঘাত বা আমেৰিকাৰ সম্পত্তি ধ্বংস কৰাৰ অভিযোগত দোষ স্বীকাৰ কৰিছিল । ভাৰতৰ চান্দানগৰত জন্মগ্ৰহণ কৰা কান্দুলা গ্ৰীণ কাৰ্ডৰ সৈতে আমেৰিকাৰ আইনী স্থায়ী বাসিন্দা আছিল । জিলা আদালতৰ ন্যায়াধীশ ডাবনি এল ফ্ৰিডৰিচে কান্দুলাক ৩ বছৰৰ বাবে তত্বাৱধানত মুকলি কৰাৰো নিৰ্দেশ দিয়ে ।

  • কেনেদৰে ঘটনা সংঘটিত কৰিছিল ?

আদালতৰ তথ্য অনুসৰি, ভাৰতীয় নাগৰিকজনে ২০২৩ চনৰ ২২ মে'ৰ আবেলি মিছৌৰীৰ ছেইণ্ট লুইছৰ পৰা ৱাশ্বিংটন ডিচিলৈ বাণিজ্যিক বিমানেৰে উৰা মাৰিছিল । সন্ধিয়া প্ৰায় ৫:২০ বজাত তেওঁ ডুলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল, য'ত তেওঁ সন্ধিয়া ৬:৩০ বজাত এখন ট্ৰাক ভাৰালৈ লৈছিল ।

তেওঁ আহাৰ গ্ৰহণ কৰে আৰু গেছ সংগ্ৰহ কৰে । তাৰ পিছত ৱাশ্বিংটন ডিচিলৈ ৰাওনা হয় য'ত তেওঁ উত্তৰ-পশ্চিমৰ এইছ ষ্ট্ৰীট আৰু ১৬ নং ষ্ট্ৰীট, নৰ্থৱেষ্টৰ চাৰিআলিত নিশা ৯:৩৫ বজাত হোৱাইট হাউচ আৰু প্ৰেচিডেণ্ট পাৰ্কৰ সুৰক্ষা বেষ্টনীত প্ৰৱেশ কৰে । কান্দুলাই ফুটপাথৰ মাজেৰে ট্ৰাকখন চলাই গৈছিল । যাৰ ফলত পথচাৰীসকল ইফালে সিফালে দৌৰিছিল ।

ট্ৰাকখনে সুৰক্ষাৰ বাবে থকা বেৰত খুন্দা মাৰিছিল । কিন্তু এইবাৰ ট্ৰাকখন বন্ধ হৈ যায় আৰু ইঞ্জিনৰ পৰা ধোঁৱা ওলাবলৈ ধৰে আৰু তেল নিৰ্গত হয় । তাৰ পিছত কান্দুলা বাহনখনৰ পৰা ওলাই ট্ৰাকৰ পিছফালে যায় । লোকজনে বেকপেকৰ পৰা এখন পতাকা উলিয়ায় ।

ৰঙা-বগা পতাকাখনৰ কেন্দ্ৰত নাজী স্বস্তিকা স্পষ্টকৈ লিখা আছিল । লগে লগে ইউএছ পাৰ্ক পুলিচ আৰু ইউএছ চিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ কান্দুলাক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক জিম্মাত লয় ।

  • কান্দুলাৰ লক্ষ্য

আৰক্ষীৰ শপতনামাত কোৱা হৈছে যে কান্দুলাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ সলনি নাজী জাৰ্মানীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । তেওঁ একনায়কত্ববাদক বিশ্বাস কৰিছিল । কান্দুলাই অনুসন্ধানকাৰীসকলৰ ওচৰত স্বীকাৰ কৰিছিল যে তেওঁ তেওঁৰ উদ্দেশ্যত উপনীত হ'বলৈ প্ৰয়োজন হ'লে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু আন সদস্যসকলক হত্যা কৰিলেহেঁতেন ।

ন্যায় বিভাগৰ মতে ভাৰতীয় লোকজনৰ এনে আক্ৰমণৰ ফলত ৰাষ্ট্ৰীয় উদ্যান সেৱাৰ ৪,৩২২ আমেৰিকান ডলাৰৰ ক্ষতি হৈছিল । আৰক্ষীয়ে জনোৱা মতে কান্দুলাই কেইবা সপ্তাহ ধৰি আক্ৰমণৰ পৰিকল্পনা কৰিছিল । ট্ৰাকখন ভাড়াত লোৱাৰ পূৰ্বে আৰু হোৱাইট হাউচৰ খেলপথাৰত দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে তেওঁ বাহন বা সশস্ত্ৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে আক্ৰমণৰ কেইবাটাও প্ৰয়াস কৰিছিল । ২০২৩ চনৰ ২২ এপ্ৰিলত কান্দুলাই ভাৰ্জিনিয়াত অৱস্থিত এটা সুৰক্ষা কোম্পানীৰ পৰা ২৫ জন সশস্ত্ৰ ৰক্ষী আৰু এটা সশস্ত্ৰ কনভয়ৰ বাবে অনুৰোধ কৰিছিল বুলিও আৰক্ষীয়ে জনাইছে ।

ইফালে ২০২৩ চনৰ ৪ মে'ত কান্দুলাই এখন ট্ৰেইলাৰ ট্ৰাক, ডাম্প ট্ৰাক বা আন এখন বৃহৎ ট্ৰাক ভাড়াত লোৱাৰ প্ৰচেষ্টাত আন কেইবাটাও কোম্পানীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু কান্দুলা নিৰাপত্তাৰক্ষী বা ট্ৰেক্টৰ-ট্ৰেইলাৰ ট্ৰাক বা ডাম্প ট্ৰাক যোগাৰ কৰিব পৰা নাছিল ।

(PTI ৰ ইনপুট অনুসৰি যুগুটোৱা তথ্য)

লগতে পঢ়ক :ইউনেস্ক'ৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমবাসীলৈ অসমীয়াতে ভোগালী বিহুৰ শুভেচ্ছা - WORLD HERITAGE CITATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.