ETV Bharat / state

পৰম্পৰা নে ন্যায় ব্যৱস্থা সৰ্বপ্ৰথম ! আদালতৰ নিষেধাজ্ঞা স্বত্বেও অনুষ্ঠিত হ'ল ম'হ যুঁজ ! - ASSAM BUFFALO FIGHT

ভোগালী বিহুত অনানুষ্ঠানিকভাৱে হ'লেও অনুষ্ঠিত হ'ল পৰম্পৰাগত ম'হ যুঁজ । কিন্তু কিয় অনুষ্ঠিত কৰিবলগীয়া হ'ল ম'হ যুঁজ ?

Assam buffalo fight
আদালতৰ নিষেধাজ্ঞা স্বত্বেও অনুষ্ঠিত হ'ল ম'হ যুঁজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2025, 12:27 PM IST

নগাঁও : এফালে ন্যায়ালয়ৰ নিষেধাজ্ঞা আনফালে জাতিৰ পৰম্পৰা । ভোগালী বিহুৰ এক পৰম্পৰাৰ ওপৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা চলি আছে । তাৰে ভিতৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা আছে মাঘ বিহু বা ভোগালী বিহুৰ অন্যতম পৰম্পৰা ম'হ যুঁজ আৰু বুলবুলি যুঁজৰ ওপৰত ।

পৰম্পৰাৰ নামত পশুৰ ওপৰত নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি পশু সুৰক্ষা আইনৰ অধীনত গুৱাহাটী উচ্চ ন্যায়ালয়ে ম'হ যুঁজৰ লগতে পৰম্পৰাগত বুলবুলি যুঁজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু অসমৰ ৰাইজ তথা গোৱালসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এক বিশেষ এছঅ'পিৰ জৰিয়তে ম'হ যুঁজ অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল ।

আদালতৰ নিষেধাজ্ঞা স্বত্বেও অনুষ্ঠিত হ'ল ম'হ যুঁজ (ETV Bharat)

২০২৩ বৰ্ষৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে উলিওৱা এছঅ'পিৰ ভিত্তিত বিগত বৰ্ষত অৰ্থাৎ ২০২৪ বৰ্ষৰ ভোগালী বিহুত পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনুষ্ঠানিকভাৱে ম'হ যুঁজ আৰু বুলবুলি যুঁজ অনুষ্ঠিত হৈছিল ।

কিন্তু বিগত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহতে গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ ম'হ যুঁজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি নিৰ্দেশনা দিয়ে । এইবাৰ আদালতৰ পুনৰ নিৰ্দেশনাৰ পিছত ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি নাহিল কোনো আয়োজক সমিতি ।

অৱশ্যে আয়োজক সমিতি অবিহনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ মাহৰ প্ৰথম দিনটোতেই অনুষ্ঠিত হৈ গ'ল পৰম্পৰাগত ম'হ যুঁজ । বিশেষকৈ ম'হ যুঁজৰ বাবে বিখ্যাত মৰিগাঁও জিলাৰ আঁহতগুৰিতো কোনো আয়োজক সমিতি অবিহনেই গোৱালসকলে নিজেই অনুষ্ঠিত কৰিলে ম'হ যুঁজ ।

পহিলা মাঘৰ দিনটোত আঁহতগুৰিৰ লগতে নগাঁও জিলাৰ পাথৰি, শিৱসাগৰ জিলা আদিত অনানুষ্ঠানিকভাৱেই অনুষ্ঠিত হৈ যায় পৰম্পৰাগত ম'হ যুঁজ । অৱশ্যে কোনো আয়োজক সমিতিয়ে একমাত্ৰ ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই ম'হ যুঁজক সঁহাৰি জনোৱা নাই বুলিয়েই জানিব পৰা গৈছে ।

  • কি কয় আঁহতগুৰিৰ ম'হ যুঁজ আয়োজক সমিতিয়ে ?

এইবাৰ ম'হ যুঁজ অনুষ্ঠিত হোৱা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আঁহতগুৰি ম'হ যুঁজ সমিতিয়ে । মাঘ বিহুৰ অন্যতম পৰম্পৰা ৰক্ষা কৰিব নোৱাৰাত আক্ষেপ প্ৰকাশ কৰি আঁহতগুৰি ম'হ যুঁজ সমিতিৰ সাধাৰণ সম্পাদক মুকুল দাসে ইটিভি ভাৰতক জানিবলৈ দিয়ে, "এইবাৰ ন্যায়ালয়ৰ ৰায়ক আমি সন্মান জনাই ম'হ যুঁজ অনুষ্ঠিত কৰাৰ পৰা বিৰত আছো । আনকি আমি পূৰ্বৰ ম'হ যুঁজ সমিতিৰ নামো এইবাৰ সলনি কৰি আঁহতগুৰি ভোগালী উৎসৱ সমিতি নামেৰে নামাকৰণ কৰিছো ।"

অন্যতম পৰম্পৰা ৰক্ষা কৰিব নোৱাৰাত দুখ প্ৰকাশ কৰি সমিতিৰ সম্পাদক মুকুল দাসে আগন্তুক সময়ত পৰম্পৰা ৰক্ষা কৰি ম'হ যুঁজ অনুষ্ঠিত কৰিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী উত্থাপন কৰে । তেওঁ কয়, "ম'হ যুঁজে পৰম্পৰাৰ লগতে সম্প্ৰীতিও অটুট ৰাখে ।"

  • কি কয় গোৱালসকলে ?

মাঘ বিহুৰ অন্যতম পৰম্পৰা হিচাপে পৰিগণিত হৈ অহা ম'হ যুঁজ ন্যায়ালয়ে নিষিদ্ধ কৰাত আক্ষেপ প্ৰকাশ কৰি এগৰাকী গোৱালে ইটিভি ভাৰতক অৱগত কৰে ম'হ যুঁজ অনুষ্ঠিত কৰাৰ কাৰণ ।

ন্যায়ালয়ক সন্মান জনোৱাৰ কথাও উল্লেখ কৰি নাম প্ৰকাশত অনিচ্ছুক গোৱালে কয়, "আমি ন্যায়ালয়ৰ ৰায়ক সন্মান জনাওঁ যদিও ম'হ পালন কৰি আমি এতিয়া উপায়হীন । এফালে পৰম্পৰাতো আছেই আনফালে প্ৰাকৃতিক কাৰণতো ম'হ যুঁজ অনুষ্ঠিত কৰিবলগীয়া হয় । ম'হক বছৰৰ এই মাঘ মাহত যুঁজত অৱতীৰ্ণ নকৰিলে অতি খঙাল হৈ পৰে । খঙাল ম'হে যিকোনো সময়ত কৰিব পাৰে আক্ৰমণ ।" আনকি যুঁজত অৱতীৰ্ণ নকৰিলে ম'হৰ শিঙত এবিধ পোক হোৱাৰো আশংকা থকাৰ কথা উল্লেখ কৰে ম'হপালকজনে ।

  • কি ভূমিকা অসম চৰকাৰৰ :

ম'হ যুজঁৰ ওপৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই পহিলা মাঘৰ দিনটোত নগাঁৱত কৰিছিল বিশেষ মন্তব্য । পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত বিহুৰ পাছতেই ৰাইজ একগোট হৈ পুনৰ আদালতত আবেদন জনোৱাৰ সিদ্ধান্ত গ্ৰহণৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই । ঐতিহ্য ধৰি ৰাখিবলৈ সকলোৱে যত্ন কৰিব লাগিব বুলি মন্তব্য কৰিছিল মন্ত্ৰী পীযুষ হাজৰীকাই ।

  • কি কয় পশুপালন বিভাগে ?

ম'হ যুঁজ সন্দৰ্ভত গোৱালে কৰা দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে পশু চিকিৎসকে । এই সন্দৰ্ভত নগাঁৱৰ পশু চিকিৎসা বিভাগৰ এগৰাকী বিষয়া মনিৰুল হকে ইটিভি ভাৰতৰ সন্মুখত কয়, "ম'হক যুঁজত অৱতীৰ্ণ নকৰিলে কোনো অসুবিধা নহয় । বৰঞ্চ যুঁজত অৱতীৰ্ণ কৰালেহে ম'হ অধিক খঙাল হৈ পৰাৰ লগতে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে । যুঁজত অৱতীৰ্ণ হোৱাৰ পাছত ম'হ যুঁজাৰু মনোভাৱৰ হৈ পৰে ।"

লগতে পঢ়ক :ম'হযুঁজ নিষেধাজ্ঞাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব ৰাইজ: ক'লে পীযুষ হাজৰীকাই - MAGH BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.