স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ: ভাৰত বনাম বাংলাদেশৰ টেষ্ট শৃংখলাৰ দ্বিতীয় দিনৰ খেল পৰিত্যক্ত ৷ কানপুৰ টেষ্টত খলনায়কৰ ভূমিকা পালন কৰিছে প্ৰতিকূল বতৰে । মেচখনৰ প্ৰথমদিনাও অনুষ্ঠিত হয় মাত্ৰ 35 অভাৰৰ খেল ৷
চাহ বিৰতিলৈকে খেল অনুষ্ঠিত নোহোৱাত আয়োজকে দ্বিতীয় দিনৰ খেলখন পৰিত্যক্ত ঘোষণা কৰে ৷ খেল নোহোৱাত দুয়োটা দলৰে খেলুৱৈসকল উভতি হৈ হোটেলত উপস্থিত হয় ৷ এই সন্দৰ্ভত প্ৰকাশ পাইছে এটা ভিডিঅ’, য’ত খেলুৱৈসকলক হোটেলত উপস্থিত হোৱা দেখা গৈছে ৷
ভিডিঅ'টোত দেখুওৱা অনুসৰি, ভাৰতীয় দলটো এখন বাছত হোটেললৈ উভতি আহিছিল ৷ শনিবাৰে পুৱাৰে পৰা হৈ থকা বৰষুণে ধুই নিয়ায় খেলপথাৰ । টীম ইণ্ডিয়াৰ সমান্তৰালকৈ বাংলাদেশৰ খেলুৱৈসকলো উপস্থিত হয় হোটেলত ৷
কানপুৰ টেষ্টত প্ৰথমদিনাৰে পৰা বৰষুণে দিছে বিধি-পথালি ৷ বৰষুণৰ সমান্তৰালকৈ ক’লা মেঘেও আকাশ ছানি ধৰাত ষ্টেডিয়ামৰ কম পোহৰৰ বাবে খেল বাতিল কৰিবলগীয়া হয় ৷ দ্বিতীয় দিনাও অব্যাহত থাকে একেই অৱস্থা ৷ শুকুৰবাৰে টেষ্টৰ প্ৰথমদিনা মাত্ৰ 35 অভাৰৰ বলহে কৰিব পৰা যায় ৷