অসম

assam

By ETV Bharat Sports Team

Published : Sep 1, 2024, 1:55 PM IST

ETV Bharat / sports

টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক অৰ্জনকাৰীত পৰিণত জ’ ৰুট - JOE ROOT

Root Scored Most Centuries in test: ক্ৰিকেটাৰ জ’ ৰুটে দেওবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে এখন টেষ্ট মেচত অভিলেখ ৰচি অৰ্জন কৰে ক্ৰমাগত দ্বিতীয়টো শতক ৷ ইয়াৰ লগে লগে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক সংগ্ৰহকাৰীত পৰিণত হয় ৰুট । পঢ়ক সম্পূৰ্ণ কাহিনী...

JOE ROOT CENTURY
ক্ৰিকেটাৰ জ’ ৰুট (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ:ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক জ’ ৰুটে ৰচিছে ইতিহাস ৷ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্টত 34 তম টেষ্ট শতক অৰ্জন কৰি এই কৃতিত্ব অৰ্জন কৰে ক্ৰিকেটাৰগৰাকীয়ে । ইংলেণ্ডৰ হৈ সৰ্বাধিক টেষ্ট শতক সংগ্ৰহকাৰীতো পৰিণত হৈছে ক্ৰিকেটাৰগৰাকী ৷

শনিবাৰে লৰ্ডছত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় টেষ্টৰ সময়ত ৰুটে এই কৃতিত্ব অৰ্জন কৰিছিল ৷ মেচৰ তৃতীয় দিনা প্ৰথম ইনিংছত 143 ৰাণ সংগ্ৰহ কৰাৰ পিছত ৰুটে চলিত টেষ্টত আন এক শতক অৰ্জন কৰে ।

ৰুটে ফাষ্ট বলাৰ লাহিৰু কুমাৰাৰ বলত এটা বাউণ্ডেৰী মাৰি প্ৰাক্তন অধিনায়ক এলিষ্টাৰ কুকৰ 33 টা শতকৰ অভিলেখ অতিক্ৰম কৰে । 111 টা বলত শতক অৰ্জন কৰা ৰুটৰ এয়া দ্ৰুততম টেষ্ট শতক । ৰুটে তেওঁৰ 145 তম টেষ্টত এই কৃতিত্ব অৰ্জন কৰে ৷ আনহাতে, কুকে 161 খন মেচত গঢ়িছিল এই কৃতিত্ব ৷

এই অভিলেখে ৰুটৰ ধৈৰ্য আৰু দক্ষতাক প্ৰদৰ্শন কৰে । ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে লৰ্ডছত সপ্তম টেষ্ট শতক অৰ্জন কৰি নিজৰ বাবে আন এক সুনাম অৰ্জন কৰে । লৰ্ডছৰ খেলপথাৰখনক ক্ৰিকেট জগতৰ সন্মানীয় স্থান হিচাপে গণ্য কৰা হয় ৷

ৰুটে ইংলেণ্ডৰ কিংবদন্তী ক্ৰিকেটাৰ গ্ৰাহাম গুচ আৰু মাইকেল ভনকো অতিক্ৰম কৰে, যিয়ে লৰ্ডছত ছয়টাকৈ শতক অৰ্জন কৰিছিল ।

সোঁহতীয়া বেটছমেনগৰাকীয়ে লৰ্ডছত অনুষ্ঠিত টেষ্ট মেচত দুয়োটা ইনিংছতে শতক অৰ্জন কৰা ক্ৰিকেটাৰসকলৰ তালিকাত স্থান লাভ কৰে ৷ ৱেষ্ট ইণ্ডিজৰ জৰ্জ হেডলী, গুচ আৰু ভনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থগৰাকী খেলুৱৈত পৰিণত হয় ৰুট । অৱশ্যে 1990 চনত লৰ্ডছত ভাৰতৰ বিৰুদ্ধে গুচে যুটীয়াভাৱে সংগ্ৰহ কৰা 456 ৰাণ হৈছে যিকোনো টেষ্টত বেটছমেনৰ দ্বাৰা সংগ্ৰহ কৰা সৰ্বাধিক স্ক'ৰ ।

ৰুটৰ 34 তম টেষ্ট শতকে সৰ্বাধিক টেষ্ট শতক সংগ্ৰহকাৰীৰ তালিকাৰ ষষ্ঠ স্থানত উপনীত কৰোৱায় ৷ এই তালিকাৰ ষষ্ঠ স্থানত আছে আন কেইবাগৰাকীও ক্ৰিকেটাৰৰ নাম ৷ আনহাতে, তালিকাৰ শীৰ্ষস্থানত আছে ভাৰতৰ মাষ্টাৰ-ব্লাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰৰ নাম ৷ তেণ্ডুলকাৰে 200 খন টেষ্ট মেচত 51 টা শতক অৰ্জন কৰি স্থাপন কৰিছে অভিলেখ ৷

টেষ্ট ক্ৰিকেটত সৰ্বাধিক কেচ ধৰাৰো অভিলেখ অৰ্জন কৰে ইংলেণ্ডৰ জ’ ৰুটে ৷ ৰুটে 200 টা কেচৰে এই তালিকাত তৃতীয় স্থান দখল কৰাৰ বিপৰীতে শ্ৰীলংকাৰ মাহেলা জয়বৰ্ধনে 205 টা কেচ ধৰি লাভ কৰিছে দ্বিতীয় স্থান ।

আনহাতে, এই তালিকাৰ শীৰ্ষস্থানত আছে ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ নাম ৷ দ্ৰাবিড়ে 210 টা কেচৰে তালিকাৰ শীৰ্ষস্থানত আছে ৷

লগতে পঢ়ক:ভংগ হোৱাৰ দিশে মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ: লৰ্ডছত জ’ ৰুটৰ 33 তম শতক অৰ্জন - Joe Root

ABOUT THE AUTHOR

...view details