অসম

assam

ETV Bharat / sports

মাৰ্ক বাউচাৰে এৰিলে মুম্বাই ইণ্ডিয়ানছ; দুবছৰৰ মূৰত দলটোলৈ প্ৰত্যাৱৰ্তন এইগৰাকী খেলুৱৈৰ

Mumbai Indians: দুবছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছলৈ ঘূৰি আহিছে শ্ৰীলংকাৰ প্ৰাক্তন কিংবদন্তী ৷

By ETV Bharat Sports Team

Published : Oct 13, 2024, 7:43 PM IST

IPL 2025
মুম্বাই ইণ্ডিয়ানছ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ:আই পি এলৰ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে পৰৱৰ্তী সংস্কৰণৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে মাহেলা জয়ৱৰ্ধনেক । দুবছৰৰ ব্যৱধানৰ অন্তত এই ফ্ৰেঞ্চাইজীলৈ ঘূৰি আহিছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী । 2022 আৰু 2023 চনত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে কৰ্মৰত দক্ষিণ আফ্ৰিকাৰ মাৰ্ক বাউচাৰৰ স্থানত নিযুক্তি দিয়া হৈছে জয়ৱৰ্ধনেক ৷

মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ

2017 চনৰ পৰা 2022 চনলৈকে পাঁচ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰিছিল শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । কিন্তু 2022 চনত আন লীগত মুম্বাই ফ্ৰেঞ্চাইজীৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ বাবে তেওঁক এম আইৰ গ্ল’বেল হেড হিচাপে নিযুক্তি দিয়া হৈছিল । য’ত তেওঁ এম আইৰ বিশ্বব্যাপী দলসমূহৰ বিভিন্ন লীগত সম্প্ৰসাৰণ পৰিচালনা কৰিছিল – এম আই (মহিলা প্ৰিমিয়াৰ লীগ), এম আই নিউয়ৰ্ক (মেজৰ লীগ ক্ৰিকেট) আৰু এম আই এমিৰেটছ (আন্তঃৰাষ্ট্ৰীয় লীগ টি 20) ৰ প্ৰশিক্ষক-কৰ্মচাৰীৰ সৈতে কাম কৰাৰ লগতে খিতাপ দখলত দলবোৰক সহায় কৰিছিল ৷

জয়ৱৰ্ধনে উভতি অহাত সুখী এম আইৰ স্বত্বাধিকাৰী আকাশ আম্বানী

জয়ৱৰ্ধনেৰ নিযুক্তিৰ কথা ঘোষণা কৰি মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ ফ্ৰেঞ্চাইজীৰ স্বত্বাধিকাৰী আকাশ আম্বানীয়ে কয় যে, "মাহেলাক মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ লাভ কৰি আমি অতিশয় উৎসাহিত হৈছো । আমাৰ আন দলবোৰেও এতিয়া সুস্থিৰ অৱস্থা লাভ কৰিছে আৰু এইটোৱেই হৈছে মাহেলাক ঘূৰাই অনাৰ উপযুক্ত সময় । তেওঁৰ নেতৃত্ব আৰু অভিজ্ঞতাৰ দ্বাৰা মুম্বাই ইণ্ডিয়ানছ সদায়ে উপকৃত হৈ আহিছে । আমি এই সুযোগতে বাউচাৰক তেওঁৰ অৱদানৰ বাবেও ধন্যবাদ জনাইছো আৰু এতিয়া তেওঁ এম আই পৰিয়ালৰ এক অবিচ্ছেদ্য সদস্য হৈ পৰিছে" ।

মুখ্য প্ৰশিক্ষক হোৱাৰ পিছত কি ক’লে জয়ৱৰ্ধনে ?

নিযুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জয়ৱৰ্ধনে কয়, "এম আই পৰিয়ালৰ ভিতৰত মোৰ যাত্ৰা সদায় বৃদ্ধিৰ । 2017 চনতো যেতিয়া মই আহিছিলো, তেতিয়াও ভৱিষ্যতৰ বাবে এটা দল প্ৰস্তুত কৰিবলগীয়া হৈছিল ৷ এতিয়াও একেধৰণৰ সুযোগ আছে । এইটো মোৰ বাবে এক ৰোমাঞ্চকৰ প্ৰত্যাহ্বান আৰু মই এই সুযোগৰ বাবে সাজু" ।

বাউচাৰৰ নেতৃত্বত মুম্বাইৰ প্ৰদৰ্শন

বাউচাৰৰ নেতৃত্বত মুম্বাই 2023 চনৰ আই পি এলত প্লে অফত স্থান লাভ কৰিছিল যদিও পিছৰ ছিজনত হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত পইণ্ট তালিকাৰ নিম্নস্থানত উপনীত হৈছিল ৷ দলটোৱে 14 খন মেচৰ মাত্ৰ চাৰিখনতহে জয়লাভ কৰিছিল ৷ মুখ্য প্ৰশিক্ষক হিচাপে দ্বিতীয়টো কাৰ্যকালত জয়ৱৰ্ধনেৰ প্ৰথম কাম হ’ব 31 অক্টোবৰৰ নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে মুম্বাইৰ ৰিটেইনড খেলুৱৈসকলক চূড়ান্ত কৰা ।

লগতে পঢ়ক:শচীন তেণ্ডুলকাৰৰ ঐতিহাসিক অভিলেখ; 3 বলত 24 ৰাণ সংগ্ৰহ

ABOUT THE AUTHOR

...view details