অসম

assam

ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 143 ৰাণৰ বিশাল জয়ৰে অভিযান আৰম্ভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - INDW vs SAW - INDW VS SAW

INDW vs SAW 1st ODI : ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক 143 ৰাণত পৰাস্ত কৰে ৷ ইয়াৰ লগে লগে জয়েৰে তিনিখন মেচৰ শৃংখলাটো আৰম্ভ কৰে ভাৰতীয় দলটোৱে । ভাৰতৰ হৈ অপেনিং বেটছমেন স্মৃতি মন্ধানাই অৰ্জন কৰে শতক । একে সময়তে ৩৩ বছৰীয়া লেগ স্পিনাৰ আশা শোভানাই অভিষেক মেচখনত দখল কৰে 4 টাকৈ উইকেট ৷ পঢ়ক সম্পূৰ্ণ খবৰ-

INDW VS SAW
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয় (IANS Photos)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 9:38 PM IST

স্প’ৰ্টছ ডেস্ক, 16 জুন: আৰম্ভ হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ ক্ৰিকেট শৃংখলা ৷ ইতিমধ্যে অনুষ্ঠিত প্ৰথমখন এদিনীয়া মেচত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰে ৷

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক 143 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । এই জয়েৰে টীম ইণ্ডিয়াই তিনিখন মেচৰ শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰে । ভাৰতৰ এই দৰ্শনীয় বিজয়ৰ মূলতে আছিল ষষ্ঠ এদিনীয়া শতক অৰ্জন কৰা খেলুৱৈ স্মৃতি মন্ধানা । লেগ স্পিনাৰ আশা শোভানায়ো অভিষেক মেচখনত দখল কৰে 4 টাকৈ উইকেট ।

লগতে পঢ়ক:গ্ৰেণ্ড প্ৰিক্স ২০২৪ : ৰূপৰ পদকতে সন্তুষ্ট থাকিল লাভলীনা - Grand Prix 2024 boxing tournament

143 ৰাণৰ ব্যৱধানত ভাৰত জয়ী

এই মেচখনত প্ৰথমে ভাৰতে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 265 ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ অপেনিং বেটছমেন স্মৃতি মন্ধানাই 127 টা বলত 12 টা চাৰি আৰু এটা ছয়ৰ সহায়ত সংগ্ৰহ কৰে 117 ৰাণ ৷ ঘৰুৱা দলটোৰ হৈ দীপ্তি শৰ্মাই 37 ৰাণ আৰু পূজা বাষ্ট্ৰকাৰে অপৰাজিত 31 ৰাণৰ বৰঙণি আগবঢ়ায় ৷

আনহাতে, 266 ৰাণৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাৰ দলটোৱে 37.4 অভাৰত সংগ্ৰহ কৰে মাত্ৰ 122 ৰাণ ৷ 7 গৰাকী আফ্ৰিকান খেলুৱৈয়ে স্পৰ্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ছুনে লুছে সৰ্বাধিক 33 ৰাণ সংগ্ৰহ কৰে ।

আশা শোভানাই দখল কৰে 4 টা উইকেট

33 বছৰীয়া লেগ স্পিনাৰআশা শোভানাই অভিষেক মেচখনত দখল কৰে 4 টাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ উল্লেখ্য যে, শোভানাই ভাৰতীয় মহিলা ক্ৰিকেট দলত অভিষেক ঘটোৱা সৰ্বাধিক বয়সৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক:খেল বাতিল হ'লেও কোহলীৰ সৈতে ফটো তোলাত ব্যস্ত কানাডাৰ খেলুৱৈ - T20 World Cup 2024

খেলুৱৈগৰাকীয়ে 8.4 অভাৰত মাত্ৰ 21 ৰাণৰ বিনিময়ত 4 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ শোভানাৰ মাৰাত্মক বলিঙৰ বাবেই ভাৰতে দক্ষিণ আফ্ৰিকাক অনায়াসে পৰাস্ত কৰে । চলিত বৰ্ষৰ অ’মেনছ প্ৰিমিয়াৰ লীগত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা আশা শোভানাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়েই বিস্ফোৰক প্ৰদৰ্শন দাঙি ধৰে ৷

স্মৃতি মন্ধানাৰ ষষ্ঠ এদিনীয়া শতক

ভাৰতৰ বাওঁহতীয়া অপেনিং বেটছমেন স্মৃতি মন্ধানাই এদিনীয়া কেৰিয়াৰৰ ষষ্ঠটো শতক অৰ্জন কৰে । ইয়াৰ লগে লগে মন্ধানা সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰত পৰিণত হয় । অধিনায়ক হৰমনপ্ৰীত সিঙক অতিক্ৰম কৰি(5 টাকৈ এদিনীয়া শতক) মন্ধানাই এই খিতাপ অৰ্জন কৰে ৷ 211 টা ইনিংছত 7 টাকৈ এদিনীয়া শতক অৰ্জন কৰা ভাৰতীয় প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ পিছতে এই তালিকাত স্থান লাভ কৰিছে স্মৃতি মন্ধানাই ।

লগতে পঢ়ক:চুপাৰ-৮ ত কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় দল ? - T20 WORLD CUP 2024

ABOUT THE AUTHOR

...view details