স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ:পেৰিছত অব্যাহত আছে ভাৰতীয় খেলুৱৈসকলৰ জয়যাত্ৰা ৷ মঙলবাৰৰ দিনটোত দেশৰ পেৰা-এথলীটসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি অৰ্জন কৰে 5 টাকৈ পদক ৷ মাত্ৰ এদিনৰ দুৰ্দান্ত প্ৰদৰ্শনৰে ভাৰতে ভংগ কৰে টকিঅ’ পেৰালিম্পিকৰ সকলো অভিলেখ ৷ বৰ্তমানলৈকে ভাৰতে পেৰিছ পেৰালিম্পিকত লাভ কৰিছে 20 টাকৈ পদক ৷
ভাৰতে মঙলবাৰে পুৰুষৰ হাই জাম্প টি 63 আৰু জেভলিন থ্ৰ’ এফ 46 ত ক্ৰমান্বয়ে অৰ্জন কৰে ৰূপ আৰু ব্ৰঞ্জৰ পদক ৷ তদুপৰি, দীপ্তি জীয়ানজীয়ে মহিলাৰ 400 মিটাৰ টি-20 শাখাত ব্ৰঞ্জৰ পদক জয় কৰে ।
ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিক অৰ্জন কৰিছে 20 টাকৈ পদক ৷ ইয়াৰে 3 সোণ, 7 টা ৰূপ আৰু 10 টা ব্ৰঞ্জ । এইবছৰ ভাৰতে খেলুৱৈসকলৰ পৰা যথেষ্ট পদক অৰ্জনৰ আশা ৰাখিছে ৷ পৰৱৰ্তী সময়ত দেশখনে অধিক পদক লাভৰ অপেক্ষাত আছে ৷ পেৰিছৰ তুলনাত টকিঅ’ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনৰ মান আছিল নিম্ন ৷
পেৰিছ পেৰালিম্পিকত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকল
1. অৱনী লেখাৰা - মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ 1 - সোণ
2. নিতেশ কুমাৰ – পুৰুষৰ একক এছ এল 3 (বেডমিণ্টন) – সোণ
3. সুমিত এণ্টিল - জেভলিন থ্ৰ’ এফ 64 (এথলেটিকছ) - সোণ
পেৰিছ পেৰালিম্পিকত ভাৰতৰ ৰূপৰ পদক বিজয়ীসকল
1. মনীষ নাৰৱাল - পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল এছ এইচ1 (শ্বুটিং) - ৰূপ
2. নিশাদ কুমাৰ - পুৰুষৰ হাই জাম্প টি 47 (এথলেটিকছ) - ৰূপ
3. যোগেশ কাথুনিয়া - পুৰুষৰ ডিচকাচ থ্ৰ’ এফ 56 (এথলেটিকছ) - ৰূপ
4. থুলাচিমাথি মুৰুগেচন – মহিলা একক এছ ইউ 5 (বেডমিণ্টন) – ৰূপ
5. সুহাস যথিৰাজ – পুৰুষৰ একক এছ এল 4 (বেডমিণ্টন) – ৰূপ