২০২৫ বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ দ্বিতীয় অৰ্থাৎ ধনস্থানত কেতু, চতুৰ্থত বুধ, পঞ্চমত ৰবি, ষষ্ঠত চন্দ্ৰ, সপ্তমত শুক্ৰ আৰু শনি, অষ্টমত ৰাহু, আৰু কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰি শুভফল নিৰূপণ কৰিছে ৷
২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰি বিশেষ শুভফল নিৰূপণ কৰিছে ৷ এই বছৰটোত ভাল কৰ্মলৈ মনোনিবেশ হ'ব ৷ ভাল তথা গঠনমূলক কৰ্মত নিজকে মনোনিৱেশ কৰিব পাৰিব ৷ এই বৰ্ষত এই ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্ম প্ৰাপ্তিৰ যোগ আছে ৷ কৰ্মৰত ব্যক্তিসকলৰ কৰ্মত উন্নতি হ'ব , নতুন নতুন কৰ্ম লাভ কৰা লগতে পদোন্নতি লাভৰ যোগ আছে ৷ নতুন ব্যৱসায়ৰ চিন্তা কৰি থকা সকলৰ বাবেও শুভ, তেওঁলোকে নতুন ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব ৷ লগতে সফলতাৰে কৰ্ম আৰু ব্যৱসায়ত আগবাঢ়ি যাব পৰিব ৷ সম্পত্তি ক্ৰয় কৰিব বিচাৰা সকলৰ বাবেও ভাল হ'ব ৷
২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ধন আৰু ব্যৱসায় স্থানটো খুব শুভ বুলি ক'ব পাৰি ৷ ধনপতি বুধ পঞ্চমত আৰু সপ্তমত শুক্ৰ আৰু শনি গ্ৰহ অৱস্থান কৰি ধনস্থানটো খুব শুভ কৰি তুলিছে ৷ এই বৰ্ষত এই ৰাশিৰ জাতক-জাতিকা সকলৰ
ব্যৱসায়ৰ জৰিয়তে ধন-টকা-পইচা বৃদ্ধি হ'ব ৷ নতুন ব্যৱসায়ত আত্মনিয়োগ কৰিব পাৰিব ৷আবদনি-ৰপ্তানি, শ্বেয়াৰ মাৰ্কেট, লো-গাড়ী-কয়লা, সম্পত্তি ক্ৰয়-বিক্ৰী আদিৰ ব্যৱসায়ৰ লগত জড়িতহৈ থকা সকলৰ বাবেও শুভ হ'ব ৷
২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?
চলিত বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকা সকলে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলি কব পাৰি ৷ স্বাস্থ্যৰ উন্নতি হ'ব ৷ শৰীৰৰ পৰা ৰোগ নাশ হ'ব ৷ শৰীৰক আৰু মানসিক স্বাস্থ্যৰ সকলো দিশৰ ক্ষেত্ৰতে ২০২৫ বৰ্ষত ভাল ফল লাভ কৰিব ৷
২০২৫ বৰ্ষত প্ৰেম-বিবাহৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত প্ৰেম-বিবাহৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ খুব শুভ বুলি কব পাৰি ৷ সপ্তমত শনি আৰু শুক্ৰ গ্ৰহ অৱস্থান কৰাৰ ফলত কিছু বাধা আহিব যদিও অন্য দিশ সমূহ শুভ বুলি কব পাৰি ৷ বিবাহপ্ৰাৰ্থী সকলৰ বিবাহৰ যোগ দেখা যায় ৷ কিন্তু প্রেম আৰু বিবাহৰ ক্ষেত্ৰত ভণ্ড আৰু দুষ্ট লোকৰ পৰা সাৱধান লাগিব, লগতে বিবাহ ক্ষেত্ৰত কিছু কষ্টৰ সন্মুখীন হ’ব পাৰে ৷
২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে যাব ?
২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে বিদ্যাস্থান শুভ ৷ চতুৰ্থত বুধ আৰু পঞ্চমত ৰবি গ্ৰহ অৱস্থান কৰাৰ ফলত বিদ্যাৰ দিশটো খুব শুভ কৰি তুলিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব ৷ বিদেশত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব ৷
এইবর্ষত এই ৰাশিৰ জাতক-জাতিকাসকলে কথা কওঁতে কিছু সাৱধান মানি চলিব লাগিব, লগতে শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব, লগতে যানবাহন চলোতে, বৈদ্যুতিক সামগ্ৰী, জুই-পানী আদিৰ পৰা সাৱধান হৈ থাকিব ৷
লগতে পঢ়ক