কাজিৰঙা: নতুন বছৰৰ আৰম্ভণিতেই অসমবাসীয়ে লাভ কৰা সুখবৰটো আছিল বিশ্বৰ পৰ্যটন মানচিত্ৰত অসমে স্থান লাভ কৰাটো । নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা ২০২৫ চনৰ ৫২ খন বিশ্ব পৰ্যটন ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হয় অসমৰ দুই পৰ্যটন ক্ষেত্ৰ ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ । এই খবৰ লাভ কৰাত আনন্দিত হৈছে ৰাজ্য়ৰ জনগণ । ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ।
আজি কাজিৰঙাত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এটা আন্দোলন বিবৰ্জিত পৰিৱেশ, হত্যা-হিংসাৰ পৰা এখন সমাজ আঁতৰি আহিলে সেই সমাজখনে যে আকাশ চুব পাৰে সি আকৌ এবাৰ প্ৰমাণ হ’ল ৷ অসমবাসীক এই নতুন বছৰত লাভ কৰা কৃতিত্বৰ বাবে মই অভিনন্দন জনাইছো ৷” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "বিগত তিনিটা বছৰে আমি অসমবাসীয়ে অসমত আন্দোলন বৰ্জন, হত্যা-হিংসা আদি আঁতৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা আৰু মাজুলী, কাজিৰঙা, মানাহ, কামাখ্যা মন্দিৰ, বৰদোৱা বিহু এই সকলোবোৰ বিশ্ব মানচিত্ৰত লৈ যোৱাৰ যি প্ৰয়াস আছিল, এই সকলোবোৰে আজি কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷"
বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান নিউয়ৰ্ক টাইমছৰ সমীক্ষাত পৰ্যটন পৰামৰ্শ তালিকাত ৫২ টা পৰ্যটন স্থানৰ ভিতৰত অসমে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱাত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এতিয়া অসমৰ পৰ্যটন ক্ষেত্ৰটোক অধিক আকৰ্ষণীয়কৈ সজাই-পৰাই তোলা আমাৰ দায়িত্ব হ’ব । তাৰবাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৷"
এডভান্টেজ অসমৰ সাফল্য় নিৰ্ভৰ কৰিব বিনিয়োগকাৰীৰ সন্তুষ্টিৰ ওপৰত :
ইফালে, এডভান্টেজ অসম ০২ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিনিয়োগৰ ক্ষেত্ৰত মই কিমান আশাবাদী তাৰ ওপৰত নহয়, অসমৰ মানুহে বিনিয়োগকাৰীক কিমান আশ্বস্ত কৰিব পাৰিব তাৰ ওপৰতহে বিনিয়োগ নিৰ্ভৰশীল ৷ অসমৰ মানুহে যিমানে আশ্বস্ত কৰিব পাৰিব যে অসম শান্তিত থাকিব, অসম সকলো ফালৰ পৰা বিনিয়োগ সুচল ৰাজ্য হৈ থাকিব তাৰ ওপৰতে বিনিয়োগ নিৰ্ভৰ কৰিব । বিনিয়োগকাৰীসকলৰ অসম সন্দৰ্ভত অভিমত কি সেয়া এডভান্টেজ অসমত গম পাম ৷"
উল্লেখ্য যে, কাজিৰঙাত অনুষ্ঠিত দেশৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন কাউঞ্চিলৰ দ্বিতীয় পূৰ্ণাংগ অধিবেশন উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলা, বোকাখাত সমজিলা প্ৰশাসন আৰু বোকাখাত উন্নয়ন খণ্ডই কাজিৰঙাৰ কঁহৰাত পৰ্যটকক আকৰ্ষণ কৰিবলৈ অনুষ্ঠিত কৰা ভোগালীৰ বতৰত ফুলৰ মেলা শীৰ্ষক অনুষ্ঠানো পৰিদৰ্শন কৰে ৷