মৰাণ: নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিৰোধৰ বাবে অসম আৰক্ষী কঠোৰ হৈছে যদিও ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে এনে ঘটনা । কেতিয়াবা ন-বোৱাৰীক যৌতুকৰ বাবে যদি স্বামী পক্ষৰ বিৰুদ্ধে হত্য়া কৰাৰ অভিযোগ উত্থাপিত হৈছে, আন কেতিয়াবা হত্য়া কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে ।
এইবাৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ ১ নং খেৰমীয়া গাঁৱত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । স্বামীয়ে পৰিকল্পিতভাৱে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, দুলীয়াজানৰ টিংৰাই আৰক্ষী চকী এলেকাৰ টিংৰাই চাৰিআলিৰ ১ নং খেৰমীয়া গাঁৱৰ প্ৰয়াত দিলীপ গগৈ আৰু ৰেণু গগৈৰ পুত্ৰ পুষ্প গগৈৰ সৈতে একে গাঁৱৰে ৰিংকু চুতীয়া আৰু ৰঞ্জু চুতীয়াৰ কন্যা পুণম চুতীয়াই ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ আছে তিনিবছৰীয়া এটি পুত্ৰ সন্তান ।
মৃত মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি দীৰ্ঘদিনৰ সুৰাৰ ৰাগীত পুষ্প গগৈয়ে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ শাৰীৰিক নিৰ্যাতন চলাই আহিছিল । কিন্তু শুকুৰবাৰে পুষ্পই পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে । আজি পুৱাৰ ভাগত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে ।
পুণম চুতীয়াৰ পৰিয়ালে এই ঘটনাটোক পৰিকল্পিতভাৱে হত্যাকাণ্ডৰ অভিযোগ কৰি টিংৰাই চাৰিআলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । ইয়াৰ পাছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত পুষ্প গগৈক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে । মৃত মহিলাগৰাকীৰ মুখ আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাত এই ঘটনাৰ উচিত ন্যায়ৰ দাবীত টিংৰাই আৰক্ষী চকীত অৱস্থান কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে পৰিয়ালৰ লোকে ।
ঘটনাক লৈ কি কয় মৃত মহিলা গৰাকীৰ পৰিয়ালে:
পুষ্প গগৈয়ে পত্নীক পৰিকল্পিতভাৱে হত্যা কৰা বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতেই টিংৰাই চাৰিআলি আৰক্ষী চকীত ভিৰ কৰে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে । ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাই এজন আত্মীয়ই কয়, "পুণমক স্বামী পৰিয়ালে ডিঙি চেপি হত্যা কৰিছে । এই ঘটনাত পুষ্প গগৈৰ লগতে তেওঁৰ পৰিয়াল জড়িত আছে । কাৰণ এই ঘটনা হৈ যোৱাৰ পাছতো আমাক খবৰ দিয়া নাছিল । পৰিকল্পিতভাৱে এই হত্যা কৰিছে । আৰক্ষীয়ে পৰিয়ালটোৰ সকলোকে তদন্তৰ মাজলৈ আনিব লাগে । পুষ্পই সুৰা সেৱন কৰি আহিছিল বাবে সেই কামত তাই বাধা দিয়াত পূৰ্বেও কাজিয়া হৈ থাকে । এই ঘটনাৰ লগত জড়িত সকলৰ উচিত শাস্তি হ'ব লাগে ।"