ETV Bharat / entertainment

অস্কাৰ মনোনয়নৰ লগতে এখনে উপাৰ্জন কৰিছিল 13 হাজাৰ কোটি টকা, এইসমূহ ছবি প্ৰত্যাখ্যান কৰিছিল হৃত্বিকে - FILMS REJECTED BY HRITHIK ROSHAN

হৃত্বিক ৰোশনে বক্স অফিচত বৃহৎ সফলতা লাভ কৰা কেইবাখনো চলচ্চিত্ৰ প্ৰত্যাখ্যান কৰিছিল । ইয়াৰে এখনে 13 হাজাৰ কোটি উপাৰ্জন কৰিছিল ।

Bollywood and Hollywood films rejected by Hrithik Roshan
হৃত্বিক ৰোশন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : 4 hours ago

Updated : 3 hours ago

হায়দৰাবাদ : ছুপাৰহিৰ’ কৃষ হিচাপে পৰিচিত হৃত্বিক ৰোশনে আজি ৫১ বছৰীয়া জন্মদিন উদযাপন কৰিছে ৷ বিশেষ দিনটোত অভিনেতাজনে সকলো ফালৰ পৰাই শুভেচ্ছা বাৰ্তা লাভ কৰিছে ৷ অনুৰাগীসকলে বহু আকৰ্ষণীয় বাৰ্তাৰে প্ৰিয় অভিনেতাজনৰ বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তুলিছে ৷

হৃত্বিক ৰোশনৰ জন্মদিনৰ এদিন পূৰ্বে মুকলি কৰা হয় তেওঁৰ পাৰিবাৰিক তথ্যচিত্ৰ ‘দ্য ৰোশন’ৰ ট্ৰেইলাৰ । হৃত্বিক ৰোশনে তেওঁৰ প্ৰথম ছবি ‘কহো না প্যাৰ হে’ ৰ পৰাই খ্যাতি লাভ কৰে আৰু ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ’ল । 25 বছৰীয়া চলচ্চিত্ৰ জীৱনত হৃত্বিক ৰোশনে বহু হিট ছবি উপহাৰ দিয়ে ৷ কিন্তু ইয়াৰ সমান্তৰালকৈ তেওঁ বহু ছবিৰ অফাৰো নাকচ কৰিছিল যিবোৰ পিছলৈ ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হৈছিল । হৃত্বিক ৰোশনে নাকচ কৰা ছবিকেইখনৰ নাম জানেনে আপোনালোকে ?

1. লগান (2001)

অস্কাৰ বিজয়ী ছবি ‘লগান’ৰ অফাৰ পাইছিলে ৰোশনে ৷ আমিৰ খানে অভিনয় কৰা ভুৱনৰ চৰিত্ৰটোৰ বাবে আশুতোষ গোৱাৰিকাৰৰ প্ৰথম পছন্দ আছিল হৃত্বিক ৰোশন, যদিও ই কাৰ্যকৰী হৈ নুঠিল । উল্লেখ্য যে, লগান ছবিখন শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত মনোনীত হৈছিল ।

2. দিল চাহতা হে (2001)

ফাৰহান আখটাৰৰ দ্বাৰা পৰিচালিত কমেডি-ড্ৰামা ছবি ‘দিল চাহতা হে’ আমিৰ খান, অক্ষয় খান্না আৰু ছৈফ আলী খান অভিনীত এখন ছুপাৰহিট ছবি ৷ এই ছবিখনত হৃত্বিক ৰোশনক অক্ষয় খান্নাই চিত্ৰিত কৰা সিড সিনহাৰ চৰিত্ৰটোৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো অভিনেতাজনে অস্বীকাৰ কৰিছিল ।

3. স্বদেশ (2004)

হৃত্বিক ৰোশন 2004 চনত মুক্তি লাভ কৰা শ্বাহৰুখ খান অভিনীত ছবি স্বদেশ কৰিবলৈ অসমৰ্থ হৈছিল । শ্বাহৰুখ খানৰ আগতে আশুতোষ গোৱাৰিকাৰে প্ৰথমতে স্বদেশ চলচ্চিত্ৰৰ বাবে হৃত্বিক ৰোশনক বাছনি কৰিছিল । হৃত্বিকে ছবিখনৰ চিত্ৰনাট্যও পঢ়িছিল, কিন্তু কৰিবলৈ সক্ষম নহ’ল ৷ স্বদেশ ছবিখন অস্কাৰৰ মনোনয়নৰ পৰা বঞ্চিত হয় যদিও ছবিখনে কেইবাটাও বঁটা লাভ কৰে ।

4. ৰং দে বসন্তী (2006)

ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ পৰিচালনাত নিৰ্মিত দেশপ্ৰেমমূলক ছবি ৰং দে বসন্তীত আমিৰ খানকে ধৰি বহু তাৰকাই অভিনয় কৰিছে । ছবিখনত দক্ষিণৰ অভিনেতা সিদ্ধাৰ্থৰ কৰণ সিংঘানিয়াৰ চৰিত্ৰটো প্ৰথমে হৃত্বিকক দিয়া হৈছিল যদিও হৃত্বিকে নাকচ কৰিছিল ।

5. বাহুবলী: দ্য বিগিনিং (2015)

দক্ষিণৰ কিংবদন্তি চলচ্চিত্ৰ পৰিচালক এছ এছ ৰাজামৌলীয়ে পৰিচালনা কৰা এই ছবিখন কৰণ জোহৰে প্ৰযোজনা কৰিছিল । প্ৰভাসৰ আগতে হৃত্বিক ৰোশনক এই চলচ্চিত্ৰখনৰ অফাৰ আগবঢ়োৱা হৈছিল, কিন্তু সেই সময়ছোৱাত হৃত্বিকে আন এটা প্ৰকল্পত কাম কৰি আছিল, যাৰ বাবে তেওঁ এই ব্লকবাষ্টাৰ চলচ্চিত্ৰখনৰ অফাৰ গ্ৰহণ কৰিব পৰা নাছিল ৷

6. ফাষ্ট এণ্ড ফিউৰিয়াছ 7 (2015)

বাতৰি অনুসৰি কেৱল বলীউডেই নহয় হলীউডৰ ছবিও নাকচ কৰাৰ অভিলেখ আছে হৃত্বিক ৰোশনৰ । ফাষ্ট এণ্ড ফিউৰিয়াছৰ পৰিচালক ৰব কোহান অভিনেতা হৃত্বিক ৰোশনৰ ডাঙৰ অনুৰাগী আৰু তেওঁৰ ছবিখনৰ সপ্তম খণ্ডত হৃত্বিকক বিচাৰিছিল যদিও বলীউডত ব্যস্ততাৰ বাবে হৃত্বিক ৰোশনে এই ছবিখন কৰিব নোৱাৰিলে । এই ছবিখনে বিশ্বজুৰি 13 হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছিল বুলি জনা যায় ।

লগতে পঢ়ক : হৃত্বিক ৰোশন অভিনীত আইকনিক চৰিত্ৰ কেইটা কি কি বাৰু ?

Last Updated : 3 hours ago
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.