ETV Bharat / state

পট্টা নাপাব গুৱাহাটীৰ ৮৫ হাজাৰৰো অধিক পৰিয়ালে: চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ২০ ফেব্ৰুৱাৰীত দিচপুৰ চলো - CHALO DISPUR RALLY

চৰকাৰৰ শেহতীয়া নির্দেশনা অনুসৰি বিবদমান আৰু 'ননকে' অঞ্চলত মাটিৰ পট্টা দিয়া নহয় ।

Chalo Dispur Rally
পট্টা নাপাব গুৱাহাটীৰ ৮৫ হাজাৰৰো অধিক পৰিয়ালে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 8:33 PM IST

গুৱাহাটী: গুৱাহাটীৰ পাহাৰ অঞ্চলত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব নে ? বৰ্তমান সময়ত এই প্ৰশ্ন গুৱাহাটীৰ সৰু-বৰ ১৮ খন পাহাৰত বসবাস কৰা লাখ লাখ লোকৰ মাজত তীব্ৰতৰ হৈ পৰিছে । কাৰণ বছৰৰ পাছত বছৰ ধৰি পাহাৰত বসবাস কৰা লোসকলক লৈ প্ৰতিখন চৰকাৰে কেৱল মাত্র ৰাজনীতি কৰি আহিছে । পট্টা দিয়াৰ নামত চৰকাৰে পাহাৰৰ লোকসকলক কেৱল ভোটৰ ৰাজনীতিৰে প্ৰতাৰণাহে কৰি আহিছে । পট্টা নথকাৰ ফলত বহু সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে পাহাৰত বসবাস কৰা লোকসকলে । বৰ্তমান অস্তিত্বৰ সংকটত ভোগিবলগীয়া হৈছে গুৱাহাটীৰ মাটিৰ পট্টাবিহীন লাখ লাখ লোক ।

লক্ষণীয় বিষয় যে গুৱাহাটীৰ পট্টাহীন ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ লাখ লাখ ভোটাৰে গুৱাহাটীৰ কেইবাটাও সমষ্টিত যথেষ্ট নিৰ্ণায়ক ভূমিকা পালন কৰে । যাৰবাবে নিৰ্বাচনৰ সময়ত পট্টাৰ বিষয়টোকলৈ ভোটৰ ৰাজনীতিত অৱতীৰ্ণ হয় শাসক-বিৰোধী । বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনটো গুৱাহাটীৰ পট্টাহীন লোকসকলৰ বিষয়টো চৰ্চালৈ আহিছিল আৰু বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ।

ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্রবীণজ্যোতি কলিতা (ETV Bharat Assam)

বিগত লোকসভা নির্বাচনতো শাসক-বিৰোধী উভয়ে এইসকল লোকৰ ভোট বিচাৰি নিৰ্বাচনী ক্ষেত্ৰত জঁপিয়াই পৰিছিল । কিন্তু নিৰ্বাচনৰ পাছত পূৰ্বৰ দৰে বিষয়টো তল পৰিল । চৰকাৰৰ প্রলোভনৰ ৰাজনীতিৰ বিপৰীতে উক্ত ৮৫ হেজাৰ পৰিয়ালে এইবাৰো পট্টা লাভ নকৰাটো নিশ্চিত হৈছে । অন্ততঃ মিছন বসুন্ধৰাৰ জৰিয়তে বছৰ বছৰ ধৰি একচনীয়া ভূমিত বাস কৰি অহা এই বৃহৎ সংখ্যক লোকে পট্টা লাভ কৰিব বুলি আশা কৰিছিল । কিন্তু সেই আশাও পূৰণ নহ'ল ।

এই সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্রবীণজ্যোতি কলিতাই ক্ষোভ প্ৰকাশ কৰি কয়, "শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে জাৰি কৰা এক নিৰ্দেশনাই ৰাইজৰ পট্টা লাভৰ ন্যূনতম আশাকণকো সমাধি দিছে । সেইদৰে ইতিমধ্যে চৰকাৰে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন কৰাসকলক তৃতীয় পৰ্যায়ত আবেদন নকৰিবলৈ কোৱা হয় । দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰাত গুৱাহাটীৰ পট্টাহীনকো পট্টা প্ৰদানৰ আশ্বাস দিয়াত প্রায় এক লাখ লোকে আবেদন দাখিল কৰিছিল ।

Chalo Dispur Rally
পট্টা নাপাব গুৱাহাটীৰ ৮৫ হাজাৰৰো অধিক পৰিয়ালে (ETV Bharat Assam)

চৰকাৰৰ শেহতীয়া নির্দেশনা অনুসৰি বিবদমান আৰু 'ননকে' অঞ্চলত মাটিৰ পট্টা দিয়া নহয় । ননকেৰ দ্বাৰা স্পষ্ট কৰি দিয়া হৈছে যে জৰীপ নোহোৱা মাটিত পট্টা প্ৰদান কৰা নহয় । গুৱাহাটীৰ ১৮ খন পাহাৰৰ এখনতো এতিয়ালৈকে জৰীপ হোৱা নাই । অথচ চৰকাৰে পাহাৰত মাটিৰ পট্টা দিয়া নহ'ব বুলি নক'লেও ননকেৰ দ্বাৰাই সেয়া স্পষ্ট কৰিছে । গুৱাহাটীৰ বৃহৎ সংখ্যক পৰিয়াল পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত পৰা পাহাৰ আৰু পাহাৰৰ নামনি অঞ্চলত বাস কৰে । দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰা কাৰ্যকৰী কৰাৰ সময়ত ভৈয়ামত বাস কৰা একাংশ লোকক পট্টা প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি তেওঁলোকক আগধন জমা দিবলৈ কোৱা হৈছিল । কিন্তু সেই ধনৰ পৰিমাণ ইমানেই বেছি আছিল যে তাৰে ৯৫ শতাংশ পৰিয়ালেই আগধন জমা দিব নোৱাৰিলে । অথচ এইসকল লোকক পট্টা লাভৰ চৰ্ত পূৰণৰ উপযুক্ততাৰ ভিত্তিতহে বাছনি কৰা হৈছিল ।"

তেওঁ লগতে কয়, "চৰকাৰে আমাক কেৱল নচুৱাই আছে । আজিৰ মুখ্যমন্ত্ৰীজনেই পৌৰ নিগমৰ নিৰ্বাচনত আমাক আশ্বাস দিছিল যে মানুহবোৰ য'তে বাস কৰি আছে, তাতে থাকিব লাগে । নিজৰ নিজৰ স্থানত তেওঁলোকক পট্টা প্রদান কৰা হ'ব । কিন্তু তাৰ পাছত এটাৰ পাছত আনটো চৰ্ত আৰোপ কৰি বিষয়টোক উপেক্ষা কৰি চলা আদিৰ জৰিয়তে প্ৰক্ৰিয়াটোক পিছুৱাই পিছুৱাই এতিয়া একেবাৰে পট্টা দিয়া নহ'ব বুলিয়ে জনাই দিছে । পাহাৰবাসীক পট্টা দিয়া নহয় বুলি পোনপটীয়াকৈ নকৈ জৰীপ নোহোৱা ভূমি বুলি স্পষ্ট কৰি দিছে । যিহেতু এই ৮৫ হেজাৰ পৰিয়াল বাস কৰা ভূমিৰ জৰীপ আজিলৈকে হোৱা নাই, তেনে ক্ষেত্ৰত কোনেও আৰু এতিয়া পট্টা নাপায় । আমাক লৈ কেৱল ৰাজনীতি কৰি অহা হৈছে ।"

চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে গুৱাহাটীৰ পট্টাহীন লোক । এই সন্দৰ্ভত প্রবীণজ্যোতি কলিতাই কয়, "ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ উদ্যোগত ২০ ফেব্ৰুৱাৰীত 'দিছপুৰ জনতা ভৱনলৈ বলক' কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণ হৈছে যে বসুন্ধৰা ২.০ত আবেদন চৰকাৰে বাতিল কৰিছে । বসুন্ধৰা ৩.০ৰ গাইড লাইন অনুসৰি এইবেলিও পট্টা নাপাব । গুৱাহাটীৰ এন চি পট্টা দিয়া বন্ধৰ নিৰ্দেশ দিছে । বসুন্ধৰা ২.০ৰ বাতিল কৰা আবেদন পুনৰ আবেদন কৰা বন্ধ কৰিছে । ওখ ঠাইত যদি ঘৰ বনাইছে, তাত পট্টা দিয়া চৰকাৰে বন্ধ কৰিছে । একচনীয়া পট্টাৰ মাটিত দখলদাৰক পট্টা দিয়া বন্ধ কৰি পট্টাদাৰকহে পট্টা দিব বিচাৰিছে । ৰায়তী মাটিত ৰায়ত নথকা দখলদাৰক পট্টা দিয়া বন্ধ কৰিছে ।

এনেদৰে চৰকাৰে বহু থলুৱা বিৰোধী নিৰ্দেশনা দিছে, য'ত গুৱাহাটীৰ ১৮ খন পাহাৰকে ধৰি বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি বাস কৰা লক্ষাধিক থলুৱা পৰিয়ালে ভূমি পট্টাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত । গতিকে আমি দীর্ঘদিন কৰি অহা দাবীক চৰকাৰে কোনো ধৰণৰ আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান নকৰি উচ্ছেদ কৰাৰহে ৰাজনীতি কৰিছে । সেয়ে ২০ ফেব্ৰুৱাৰীত দিছপুৰ জনতা ভৱনলৈ ব’লক কাৰ্যসূচী সফল কৰাৰ বাবে আমি সকলোৰে প্ৰতি বিনম্ৰতাৰে আহ্বান জনালোঁ । আমাৰ দাবী হৈছে বসুন্ধৰা ২.০ আৰু ৩.০ত পট্টাৰ বাবে কৰা সকলো আবেদন গৃহীত কৰক । গুৱাহাটীৰ সকলো খিলঞ্জীয়া পৰিয়ালক ভূমিৰ অধিকাৰ দিয়ক । পাহাৰ-ভৈয়ামৰ সকলো খিলঞ্জীয়া পৰিয়ালক পট্টা দিয়ক । এন চি, একচনীয়া পট্টা, ৰায়তী পট্টাৰ মাটি ইত্যাদি বিভিন্ন অজুহাত দেখুৱাই পট্টা নিদিয়া কাৰ্য নচলিব । পট্টা দিয়াৰ নামত ৰাজনীতি কৰা নচলিব ।"

লগতে পঢ়ক: মিছন বসুন্ধৰা, ভূমিপট্টাৰ বাবে কৰা আবেদনৰ ৯৭ শতাংশই নহ'ল বিবেচিত - Mission Basundhara Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.