অসম

assam

ETV Bharat / sports

হাৰাৰেত অভিষেকৰ ধুমুহা, জিম্বাব’ৱেৰ বিৰুদ্ধে 100 ৰাণত জয়লাভ ভাৰতৰ - INDIA VS ZIMBABWE

IND VS ZIM : অভিষেক শৰ্মা আৰু ৰুতুৰাজ গাইকোৱাডৰ বেটিং বিক্ৰমৰ সহায়ত জিম্বাব’ৱেক 100 ৰাণ বিশাল ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় যুৱ দলটোৱে ৷ অভিষেক মেচত ব্যৰ্থ হোৱা অভিষেক শৰ্মাই আজিৰ মেচত সমালোচকৰ মুখ বন্ধ কৰি দুৰ্দান্ত বেটিঙেৰে আন্তঃৰাষ্ট্ৰীয় T-20ত প্ৰথমটো শতক অৰ্জন কৰে ৷

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 7:07 PM IST

Updated : Jul 7, 2024, 8:06 PM IST

INDIA VS ZIMBABWE LIVE SCORE
ভাৰত-জিম্বাব’ৱেৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় T-20 (BCCI X ACCOUNT)

স্পৰ্টছ ডেস্ক, 7 জুলাই : হাৰাৰেত বেটে-বলে উজ্বলিল ভাৰতীয় যুৱ দল ৷ যুৱ তথা নৱাগত খেলুৱৈৰে ভৰা দলটোৱে আজি হাৰাৰেত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায় ৷ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ পাচত আজি প্ৰত্যাৱৰ্তনেৰে ভাৰতীয় যুৱ দলটোৱে জিম্বাব’ৱেক 100 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে ৷ 235 ৰাণৰ বিশাল লক্ষ্য খেদি জিম্বাব’ৱে দলটোৱে ভাৰতৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 18.4 অভাৰতে 134 ৰাণত আটাইকেইটা উইকেট হেৰুৱায় ৷ ৱেছলী মাধেভেৰে সৰ্বাধিক 43 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ মুকেশ কুমাৰ আৰু আভেশ খানে 3 টাকৈ উইকেট দখল কৰে ৷ ৰবি বিষ্ণোইয়ে 2 টা উইকেট আৰু ৱাশ্বিংটন সুন্দৰে 1 টা উইকেট দখল কৰে ৷

ইফালে শনিবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন মেচত আন্তঃৰাষ্ট্ৰীয় T-20ত অভিষেক ঘটোৱা অপেনিং বেটছমেন অভিষেক শৰ্মাই শূণ্যতে আউট হোৱাৰ পিচত আজি দ্বিতীয়খন মেচত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতে অভিষেক শৰ্মা আৰু ৰুতুৰাজ গাইকোৱাডৰ বেটিং বিক্ৰমৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 2 টা উইকেট হেৰুৱাই জিম্বাব’ৱেক বান্ধি দিয়ে 235 ৰাণৰ বিশাল লক্ষ্য ৷ অভিষেক মেচত ব্যৰ্থ হোৱা অভিষেক শৰ্মাই সমালোচকৰ মুখ বন্ধ কৰি দুৰ্দান্ত বেটিঙেৰে আন্তঃৰাষ্ট্ৰীয় T-20ত প্ৰথমটো শতক অৰ্জন কৰে ৷

দলীয় দহ ৰাণত 1.2 অভাৰতে অধিনায়ক শুভমন গিলৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল ভাৰতীয় দল ৷ ব্যক্তিগত 2 ৰাণত শুভমন গিলৰ উইকেট পতনৰ পিচত অভিষেক শৰ্মাই দলক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লয় ৷ বিস্ফোৰক বেটছমেনজনে মাত্ৰ 47 টা বলতে 8 টা ছয় আৰু 7 টা চাৰিৰ সহায়ত 100 ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে ৷ ব্যক্তিগত 100 ৰাণত অভিষেক শৰ্মাৰ উইকেট পতনৰ পিচত আন এজন বিস্ফোৰক বেটছমেন ৰুতুৰাজ গাইকোৱাডে দুৰ্দান্ত বেটিঙেৰে 77 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷ গাইকোৱাডে 47 টা বলত 11 টা চাৰি আৰু 1 টা ছয়ৰ সহায়ত 77 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈছে ৷ ইফালে ৰিংকু সিঙেও গাইকোৱাডৰ সৈতে যুচি বান্ধি দলৰ স্ক’ৰ 234 লৈ যোৱাত সহায় কৰে ৷ ৰিংকু সিঙে 22 টা বলত 5 টা ছয় আৰু 2 টা চাৰিৰ সহায়ত 48 ৰাণত অপৰাজিত হৈ থাকে ৷

লগতে পঢ়ক :ভাৰত বনাম জিম্বাব'ৱে: প্ৰথম খেলৰ পৰাজয়ৰ প্ৰতিশোধ ল'ব পাৰিব নে যুৱ ভাৰতীয়ই - IND vs ZIM T20 Series

উল্লেখ্য যে, 5 খনীয়া মেচৰ T-২০ শৃংখলাৰ দ্বিতীয়খন মেচ আজি ভাৰত আৰু জিম্বাব’ৱেৰ মাজত হাৰাৰেৰ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হয় ৷ শনিবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন T-২০ মেচত দৰ্শনীয় জয়ৰ পিচত আয়োজক দল জিম্বাব’ৱেৰ মনোবল শিখৰত আছিল যদিও আজি পৰাজয়ৰ সন্মুখীন হয় ৷ জিম্বাব’ৱেই প্ৰথমখন T-২০ মেচত সফলতাৰে 115 ৰাণ ৰক্ষা কৰি টিম ইণ্ডিয়াক 102 ৰাণত অল আউট কৰি 13 ৰাণত জয়লাভ কৰে ৷

আনহাতে আজিৰ মেচত খলিল আহমেদৰ ঠাইত ভাৰতৰ মূল একাদশত সাই সুদৰ্শনক অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগে লগে সাই সুদৰ্শনে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় T-২০ত অভিষেক ঘটায় । টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিলে সাই সুদৰ্শনক প্ৰদান কৰে অভিষেকৰ টুপী ।

লগতে পঢ়ক :চেন্নাইত পুনৰ মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা - INDW vs SAW T20 series

Last Updated : Jul 7, 2024, 8:06 PM IST

ABOUT THE AUTHOR

...view details