ETV Bharat / sports

টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰা সৰ্বাধিক বয়সীয়াল 10 গৰাকী ক্ৰিকেটাৰ - OLDEST PLAYERS IN TEST CRICKET

Oldest players in cricket history: কিমান বয়সলৈ খেলিব পাৰে ক্ৰিকেট ? টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰা সৰ্বাধিক বয়সীয়াল ক্ৰিকেটাৰগৰাকী কোন জানেনে ?

author img

By ETV Bharat Sports Team

Published : 2 hours ago

OLDEST PLAYERS IN TEST CRICKET
সৰ্বাধিক বয়সীয়াল 10 গৰাকী ক্ৰিকেটাৰ (Getty Images)

স্প’ৰ্টছ ডেস্ক, 5 অক্টোবৰ: বিশ্বব্যাপী বিয়পি থকা জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম হৈছে ক্ৰিকেট ৷ ইংলেণ্ডত এই খেলবিধৰ প্ৰচলন প্ৰথমে আৰম্ভ হৈছিল যদিও বৰ্তমান সময়ত প্ৰায় বিশ্বৰ সকলোবোৰ দেশতে বিয়পি আছে ক্ৰিকেট ৷

কোৱা বাহুল্য যে, এটা ক্ৰিকেট দলত থাকে 11 জনকৈ খেলুৱৈ ৷ পিছে দলটোৰ আটাইকেইগৰাকী খেলুৱৈ সমবয়সৰ নহয় ৷ একেবাৰে কনিষ্ঠৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠলৈকে ভিন ভিন বয়সৰ খেলুৱৈ এটা ক্ৰিকেট দলত দেখিবলৈ পোৱা যায় ৷

ক্ৰিকেট জগতত এনে কেইগৰাকীমান কিংবদন্তী আছে, যিয়ে বয়স হ’লেও খেলি গৈছিল ক্ৰিকেট ৷ তেনে 10 গৰাকী ক্ৰিকেটাৰৰ তথ্যৰে প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন-

  • ডব্লিউ ৰ’ডছ: ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ডব্লিউ ৰ’ডছক ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক বয়সীয়াল ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয় ৷ ৰ’ডছে 52 বছৰ বয়সত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ মাজত কিংষ্টনত অনুষ্ঠিত এখন মেচত ইংলেণ্ডৰ হৈ অংশগ্ৰহণ কৰিছিল ৷ উক্ত মেচখন অনুষ্ঠিত হৈছিল 1930 চনৰ 3 এপ্ৰিলত ৷
  • এইচ আইৰণমংগাৰ: এইচ আইৰণমংগাৰ আছিল অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ এগৰাকী অন্যতম সদস্য ৷ 50 বছৰ বয়সত এইগৰাকী ক্ৰিকেটাৰে অষ্ট্ৰেলিয়া বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত এখন মেচত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ এই মেচখন 1933 চনৰ 23 ফেব্ৰুৱাৰীত ছিডনীত অনুষ্ঠিত হৈছিল ৷
  • ডব্লিউ জি গ্ৰেছ: বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক বয়সীয়াল ক্ৰিকেটাৰৰ তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ডৰ ক্ৰিকেটাৰ ডব্লিউ জি গ্ৰেছৰ নাম ৷ 50 বছৰ বয়সত নটিংহামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত অংশগ্ৰহণ কৰিছিল ইংলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে ৷ এই মেচখন অনুষ্ঠিত হৈছিল 1899 চনৰ 1 জুনত ৷
  • জি গান: এই তালিকাৰ চতুৰ্থ স্থানত আছে ইংলেণ্ডৰ ক্ৰিকেটাৰ জি গান, যিয়ে 50 বছৰ বয়সত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত এখন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ এই মেচখন 1930 চনৰ 3 এপ্ৰিলত কিংষ্টনত অনুষ্ঠিত হৈছিল ৷
  • জে চাউথাৰটন: জে চাউথাৰটন হৈছে ইংলেণ্ডৰ এগৰাকী ক্ৰিকেটাৰ ৷ চাউথাৰটনে 49 বছৰ বয়সত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলব’ৰ্ণত অনুষ্ঠিত এক টেষ্টত ভাগ লৈছিল ৷ এই মেচখন অনুষ্ঠিত হৈছিল 1877 চনৰ 31 মাৰ্চত ৷
  • মিৰান বক্স: পাকিস্তানৰ ক্ৰিকেটাৰ মিৰান বক্স এই তালিকাৰ ষষ্ঠ স্থানত আছে ৷ 47 বছৰ বয়সত এইগৰাকী ক্ৰিকেটাৰে ভাৰতৰ বিৰুদ্ধে 1955 চনৰ 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ এই মেচখন অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷
  • জে বি হবছ: 47 বছৰ বয়সত ক্ৰিকেটাৰ জে বি হবছে অভেলত অনুষ্ঠিত এখন টেষ্টত ইংলেণ্ডৰ হৈ অংশগ্ৰহণ কৰিছিল ৷ এই মেচ অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়াই ইংলেণ্ড ভ্ৰমণ কৰাৰ সময়ত ৷ 1930 চনৰ 16 আগষ্টত অনুষ্ঠিত এই টেষ্টত আলহী দল অষ্ট্ৰেলিয়াই এক ইনিংছ আৰু 39 ৰাণত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে ৷
  • এফ ই উলি: এইগৰাকী ক্ৰিকেটাৰে ইংলেণ্ডৰ হৈ খেলিছিল ৷ 47 বছৰ বয়সত ক্ৰিকেটাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভেলত অনুষ্ঠিত এখন টেষ্টত অংশগ্ৰহণ কৰে ৷ এই টেষ্টখন 1934 চনৰ 18 আগষ্টত অনুষ্ঠিত হৈছিল ৷
  • ডি ডি ব্লেকি: 46 বছৰ বয়সত এইগৰাকী অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰে ইংলেণ্ডৰ বিৰুদ্ধে এডিলেইডত টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ 1929 চনৰ 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত এই টেষ্টত ইংলেণ্ডে 12 ৰাণত জয় লাভ কৰিছিল ৷
  • এইচ ষ্ট্ৰুডউইক: ইংলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে 46 বছৰ বয়সত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভেলত অনুষ্ঠিত এক টেষ্টত অংশগ্ৰহণ কৰিছিল ৷ যিখন মেচ 1926 চনৰ 14 আগষ্টত অনুষ্ঠিত হৈছিল ৷ এই মেচত ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 289 ৰাণৰ ব্যৱধানত জয় লাভ কৰিছিল ৷

লগতে পঢ়ক: এদিনীয়া ক্ৰিকেটত কেতিয়াও আউট নোহোৱা তিনিগৰাকী ভাৰতীয় বেটছমেনৰ কথাৰে... - INDIAN BATTER NEVER GOT OUT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.