ETV Bharat / opinion

ইজৰাইল-হামাছ যুদ্ধ : ধ্বংসলীলা অব্যাহত, এতিয়াও বন্দী বহুলোক - Israel Hamas War

Hamas attack: সংঘৰ্ষৰ এবছৰৰ লগে লগে ইজাৰাইলৰ জীৱন যাত্ৰা স্বাভাৱিক যেন লাগিলেও কিন্তু গাজা মহিলা আৰু শিশুৰ বাবে নৰকৰ দৰে হৈ পৰিছে ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Israel Hamas War
ইজৰাইল-হামাছ যুদ্ধ : ধ্বংসলীলা অব্যাহত, এতিয়াও বন্দী বহুলোক (AP)

বিশেষ প্ৰতিবেদন, ৬ অক্টোবৰ : সত্য হৈছে যুদ্ধৰ প্ৰথম আঘাত; মহিলা আৰু শিশু দ্বিতীয় । ই প্ৰতিটো সংঘৰ্ষৰ ক্ষেত্ৰতে সঁচা সেয়া লাগিলে ইজৰাইল আৰু হামাছ, ৰাছিয়া আৰু ইউক্ৰেইন বা পশ্চিম এছিয়াৰ আন ঠাইত চলা সংঘৰ্ষই নহওঁক কিয় । এবছৰ পূৰ্বে হামাছৰ যুঁজাৰুসকলে ইজৰাইলত আক্ৰমণ কৰিছিল । নিৰ্বিচাৰভাৱে গুলীচালনা কৰি এক সম্পূৰ্ণ যুদ্ধৰ পৰিৱেশ কৰি তুলিছিল । ৭ অক্টোবৰত হামাছে ১,২০০ গৰাকী লোকক হত্যা কৰিছিল আৰু প্ৰায় ২৫০ গৰাকী ইজৰাইলীক অপহৰণ কৰিছিল; তেওঁলোকৰ ভিতৰত ১০০ তকৈও অধিক লোক এতিয়াও গাজাৰ কোনোবা অঞ্চলত হামাছে বন্দী কৰি ৰাখিছে আৰু কোনেও নাজানে যে তেওঁলোকৰ কিমান জীয়াই আছে ।

যুদ্ধৰ ফলত প্ৰভাৱিত পেলেষ্টাইনী

ইয়াৰ প্ৰতিশোধ স্বৰূপে, ইজৰাইলী সেনাই এতিয়ালৈকে প্ৰায় ৪১,০০০ পেলেষ্টাইনীক হত্যা কৰিছে । মৃতকৰ সামগ্ৰিক সংখ্যাৰ ভিতৰত ১৬,০০০ শিশু আছিল । ১৯,০০০ শিশু অনাথ হৈছে আৰু ১০০০ ৰো অধিক শিশু ঘূণীয়া হৈছে । ৯০ শতাংশ পেলেষ্টাইনী আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈছে । সম্পূৰ্ণ অৱৰোধ হোৱাৰ বাবে বেছিভাগ লোকে খাদ্য সংকটৰ সন্মুখীন হৈছে । চিকিৎসালয়, বিদ্যালয় আদিকে ধৰি সমগ্ৰ গাজাৰ বিভিন্ন অট্টালিকাসমূহ ধ্বংসপ্ৰাপ্ত হৈছে ।

Hamas attack
ইজৰাইল হামাছ যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ (AP)

প্ৰভাৱিত মহিলা আৰু শিশু

এবছৰৰ সংঘৰ্ষৰ অন্তত পেলেষ্টাইন প্ৰায় ধ্বংস হৈ গৈছে আৰু হামাছে এতিয়াও বিভিন্ন লোকক বন্দী কৰি ৰাখিছে । ইজৰাইলত জীৱন যাত্ৰা স্বাভাৱিক যেন লাগিলেও এই সংঘৰ্ষৰ কেন্দ্ৰবিন্দু গাজাত জীৱন স্থবিৰ হৈ পৰিছে । শিশু আৰু মহিলাসকল আকাশী আক্ৰমণৰ ক্ষেত্ৰত অধিক অসুৰক্ষিত । তেওঁলোকে আশ্ৰয় ল'ব পৰা কোনো সুৰক্ষিত স্থান নাই । প্ৰাথমিক অস্তিত্ব সংকটত আছে । আনহাতে গাজাত স্বাস্থ্য আৰু পৰিচ্ছন্নতা বহু পিছপৰি গৈছে । যেতিয়া এটা বোমাই শিশুক টুকুৰা টুকুৰ কৰি পেলায় আৰু চিৰজীৱনৰ বাবে ঘূণীয়া কৰে তেতিয়া মানৱীয়তা সম্পূৰ্ণ হেৰাই যায় । যিবোৰ শিশুৰ মুখৰ মাত ফুটা নাছিল তেওঁলোকো এই যুদ্ধৰ চিকাৰ হৈছে । তেওঁলোক কাৰো শত্ৰু নহয় বা তেওঁলোকৰ জীৱন মৰ্যাদাহীন হিচাপে গণ্য কৰিব নোৱাৰি ।

Hamas attack
লেবাননত ইজৰাইলী বিমান আক্ৰমণ (AP)

যেতিয়া শিশু অধিকাৰৰ বিষয়ে বিশ্বজুৰি অধিক চৰ্চা হৈ আছে আৰু শিশু অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসমূহে আয়োজন কৰা সন্মিলনবোৰ পবিত্ৰ হিচাপে বিবেচনা কৰা হৈছে তেনে এক সময়তে তেওঁলোকক হত্যা কৰা হৈছে । এই যুদ্ধই আন অঞ্চলতো প্ৰভাৱ পেলাইছে । যাৰ ফলত সেই অঞ্চলবোৰৰ মহিলা আৰু শিশুসকল আক্ৰমণৰ প্ৰতি অধিক অসুৰক্ষিত অনুভৱ কৰিছে ।

অস্থিৰ পশ্চিম এছিয়া

শেহতীয়াকৈ লেবাননৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই এক নতুন উদ্বেগৰ সৃষ্টি কৰিছে । বেছিভাগ অঞ্চলতে জীয়াই থকা আৰু বিকাশৰ ধাৰণাটোৰ ক্ষতি কৰিছে আৰু এতিয়া লেবাননৰ দক্ষিণত ইয়াৰ অস্তিত্ব অতি কম । লেবাননৰ যুদ্ধৰ বাতৰিটোৱে পশ্চিম এছিয়াৰ লোকসকলক দিনক দিনে উদ্বিগ্ন কৰি তুলিছে আৰু গাজাৰ ভয়াৱহতাই কেৱল তেওঁলোকৰ অস্থিৰতাৰ অনুভূতি বৃদ্ধি কৰাত সহায় কৰিছে । পেলেষ্টাইন আৰু লেবাননৰ কিছু অংশত আকাশী আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোত অনিশ্চয়তাই বিৰাজ কৰিছে ।

য়েমেনৰ হুথিসকলে কিছু সময়ৰ বাবে নিৰৱ হৈ থকা যেন লাগিছে, তেওঁলোকে হিজবুল্লাহৰ পিছত পৰৱৰ্তী লক্ষ্য হ'ব পাৰে বুলি আশংকা কৰিছে । ইৰাণে হুথি আৰু হিজবুল্লাহ উভয়কে সমৰ্থন কৰে । হিজবুল্লাহ নেতা হাছান নাছৰুল্লাহক হত্যা কৰাৰ পিছত ইৰাণে ব্ৰিংকমেনশ্বিপৰ আশ্ৰয় লৈছিল, সম্ভৱতঃ ইজৰাইলে কেনে প্ৰতিক্ৰিয়া দেখুৱাব তাৰ পৰীক্ষা কৰাৰ প্ৰয়াস কৰিছিল । হিজবুল্লাহ আৰু হামাছৰ প্ৰতি ইজৰাইলৰ প্ৰতিক্ৰিয়া কঠোৰ আৰু হিংস্ৰ আছিল ।

ইজৰাইলৰ মুকলি বিৰোধিতা কৰা একমাত্ৰ ৰাষ্ট্ৰ হৈছে য়েমেন, লেবানন আৰু ইৰাণৰ দৰে কিছুমান চিয়া প্ৰধান দেশ । চৌদি আৰৱ আৰু অন্যান্য চুন্নী প্ৰধান দেশসমূহে নৰম কূটনীতিৰ আশ্ৰয় লয় । ইছলামিক দেশসমূহে সতৰ্ক হৈ আছে আৰু ইজৰাইল আৰু হামাছৰ মাজৰ বিবাদৰ মধ্যস্থতা কৰি উত্তেজনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে । ইজিপ্ত আৰু কাটাৰে যুদ্ধবিৰতি অনাৰ বাবে কাম কৰি আছে আনহাতে আমেৰিকাই ইজৰাইলক নিৰন্তৰ সমৰ্থন কৰিছে আৰু অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি আছে । আমেৰিকাই ইজৰাইলক যুদ্ধবিৰতিৰ বাবে উৎসাহিত কৰিবলৈ এক বিফল প্ৰয়াস কৰিছিল ।

ভাৰতৰ বাবে পশ্চিম এছিয়া গুৰুত্বপূৰ্ণ

এই সকলো ক্ষেত্ৰতে ভাৰতে এক অতি গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে কিয়নো ভাৰতে ইজৰাইলৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক ৰাখে আৰু পেলেষ্টাইনী নেতাসকলৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখে । ভাৰতে সতৰ্কতাৰে পদক্ষেপ লয় কিয়নো সমগ্ৰ পশ্চিম এছিয়াত ইয়াৰ বিশেষ স্থান আছে । উচ্চাভিলাষী আইএমইইচি (ভাৰত মধ্য প্ৰাচ্য অৰ্থনৈতিক কৰিডৰ) প্ৰকল্পৰ সফলতা চৌদি আৰৱৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে যিটো এতিয়াও আৰম্ভ হোৱা নাই । কেৱল চৌদি আৰৱে নহয় ইৰাণো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ । ইৰাণত ভাৰতৰ চাবাহাৰ বন্দৰ কৌশলগত আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ । ভাৰতৰ বিকাশৰ বাবে ইৰাণ আৰু চৌদি দুয়োখন দেশে গুৰুত্বপূৰ্ণ ।

সমগ্ৰ পশ্চিম এছিয়া ভাৰতৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ । কিয়নো গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষাৰ যোগান ইজৰাইলৰ পৰা আহে । একে সময়তে, ইৰাণে ভাৰতক খাৰুৱা তেল যোগান ধৰে । ৮০ শতাংশ তৈল সম্পদ পশ্চিম এছিয়াৰ পৰা আহে আৰু ব্যাঘাতৰ ফলত ভাৰতৰ যথেষ্ট অসুবিধা হ'ব পাৰে । ইজৰাইল আৰু ইৰাণৰ মাজত এক সম্পূৰ্ণ যুদ্ধ ভাৰতৰ স্বাৰ্থৰ বিৰুদ্ধে হ'ব । ভাৰতে আলোচনাৰ বাবে আবেদন জনাইছে আৰু হিংসাৰ সমাপ্তিৰ বাবে ওকালতি কৰি আহিছে । চীন আৰু ভাৰতে পশ্চিম এছিয়াত সম্পদ আৰু সুযোগৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে ।

যদি হামাছে ২০২৩ৰ ৭ অক্টোবৰত আক্ৰমণ আৰম্ভ নকৰিলেহেঁতেন, চীনৰ মধ্যস্থতাৰ এক বেলেগ ফলাফল হ'লহেঁতেন । চীনে হামাছ আৰু আল ফাতাহৰ লগতে চৌদি আৰৱ আৰু ইৰাণৰ মাজত মীমাংসাৰ মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছিল । এই চুক্তিসমূহে চুন্নী আৰু চিয়াসকলক একত্ৰিত কৰাৰ পূৰ্বে এক সম্পূৰ্ণ সংঘৰ্ষ আৰম্ভ হয় । যাৰ ফলত চৌদি আৰৱ আৰু ইৰাণীসকলৰ মাজত কঠিন অনুভূতি অমীমাংসিত হৈ পৰে আৰু ইজৰাইলক প্ৰাধান্য দিয়া হয় । ইজৰাইলে হামাছ আৰু ইয়াৰ মিত্ৰশক্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব, যাৰ ফলত চৌদি আৰৱ আৰু ইজৰাইল দুয়োপক্ষ উপকৃত হ'ব, যি দুয়োটাই হুথিসকলৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়াস কৰি আহিছে । ইৰাণৰ মিছাইল আক্ৰমণৰ প্ৰতি ইজৰাইলে কেনেদৰে সঁহাৰি দিয়ে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :এটা বছৰ ধৰি অশান্তজৰ্জৰ- যুদ্ধ বিধ্বস্ত পশ্চিম এছিয়া ! - ISRAEL IRAN CONFLICT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.