ETV Bharat / sports

মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ প্ৰথমখন মেচত ভাৰতৰ শোচনীয় পৰাজয় - IND W vs NZ W

T20 Womens World Cup : হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমখন খেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ৫৮ ৰাণত পৰাস্ত হয় ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

T20 Womens World Cup
মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ প্ৰথমখন মেচত ভাৰতৰ শোচনীয় পৰাজয় (IANS PHOTO)

স্পৰ্ষ্টছ ডেস্ক, ৫ অক্টোবৰ : শুকুৰবাৰে ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি মহিলা টি-২০ ৱৰ্ল্ডকাপ ২০২৪ৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলটো নিউজীলেণ্ডৰ হাতত ৫৮ ৰাণত পৰাস্ত হয় । নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৪টা উইকেট হেৰুৱাই ১৬৪ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ গৈ ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০২ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক: মহিলা টি-20 বিশ্বকাপ 2024 ৰ দল ঘোষণা: দলত অন্তৰ্ভুক্ত অসমৰ উমা ছেত্ৰী - WOMENS T20 World Cup 2024

প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে মেচখনত এক সুন্দৰ আৰম্ভণি কৰে । ছুজি বেটছ আৰু জৰ্জিয়া প্লিমাৰে প্ৰথম উইকেটৰ বাবে ৬৭ ৰাণৰ অংশীদাৰিত্বৰে শক্তিশালী আৰম্ভণি কৰে । বেটছে ২৭ ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে প্লিমাৰে ৩৪ ৰাণ সংগ্ৰহ কৰে । নিউজীলেণ্ডৰ অধিনায়ক ছফী ডেভিনে ৫৭ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলটোক ১৬০ ৰাণলৈ লৈ যায় । অৱশ্যে আমেলিয়া কাৰ (১৩) আৰু ব্ৰুক হেলিডে (১৬)য়ে বিশেষ একো কৰিব নোৱাৰিলেও আনটো মূৰৰ পৰা অধিনায়ক ডিভাইনে ইনিংছ নিয়ন্ত্ৰণত ৰাখি দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যায় ।

ভাৰতৰ হৈ ৰেনুকা সিঙে ২টা উইকেট দখল কৰাৰ বিপৰীতে অৰুন্ধতী ৰেড্ডী আৰু আশা সোভানাই ১টাকৈ উইকেট দখল কৰে ।

ইফালে নিউজীলেণ্ডৰ ১৬৪ ৰাণ অনুসৰণ কৰি বেটিং কৰিবলৈ অহা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ আৰম্ভণি ভাল নাছিল । ভাৰতীয় অ’পেনিং বেটছমেন শ্বেফালী বাৰ্মাই মাত্ৰ দুই ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইয়াৰ পাছত অভিজ্ঞ বেটছমেন স্মৃতি মান্ধনাই ভাৰতীয় অধিনায়ক কৌৰৰ সৈতে ইনিংছটো আগুৱাই নিয়াৰ চেষ্টা কৰে যদিও তেওঁ বেছিসময় ক্ৰীজত টিকি থাকিব নোৱাৰি ব্যক্তিগত ১২ ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ।

লগতে পঢ়ক: কেপ্টেইনছ ডে’ ৰ সৈতে আৰম্ভ হ'ল মহিলা টি-20 বিশ্বকাপ; 10 অধিনায়কৰ ফটোশ্বুট - ICC WOMENS T20 WORLD CUP 2024

ভাৰতীয় মহিলা দলৰ মধ্য ক্ৰমেও বিশেষ একো কৰিব নোৱাৰিলে । হৰমনপ্ৰীত কৌৰে দলটোৰ সৰ্বাধিক স্ক’ৰাৰ আছিল যদিও তেওঁৰ ১৫ ৰাণৰ ইনিংছ দলৰ বাবে অপৰ্যাপ্ত আছিল । দলটোৱে জেমিমাহ ৰড্ৰিগেছ (১৩), উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষ (১২) আৰু অলৰাউণ্ডাৰ দিপ্তী শৰ্মা (১৩)ৰ পৰা বহু আশা কৰিছিল যদিও তেওঁলোকো কিৱি বলাৰৰ সন্মুখত ব্যৰ্থ হয় ।

বলিঙতো দীপ্তি শৰ্মাই বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । তেওঁ চাৰি অভাৰত কোনো উইকেট নোলোৱাকৈয়ে ৪৫ ৰাণ ব্যয় কৰে । ভাৰতে ৬ অক্টোবৰ দেওবাৰে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ।

নিউজীলেণ্ডৰ হৈ ৰোজমেৰী মেয়াৰে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে লি টাহুহুৱে ৩টা, আইডান কাৰ্ছনে ২টা আৰু আমেলিয়া কাৰে ১টা উইকেট দখল কৰে ।

লগতে পঢ়ক: মহিলা ক্ৰিকেটাৰক তীৰ্যক মন্তব্য কৰাসকল হওক সাৱধান; আই চি চিয়ে ব্যৱহাৰ কৰিছে এ আই - WOMENS T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.