ETV Bharat / lifestyle

নৱৰাত্ৰিত দেৱী দুৰ্গাৰ কোন কেইটা ৰূপৰ পূজা কৰা হয় জানেনে ? - Navratri 2024

author img

By lifestyle

Published : 2 hours ago

Navratri 2024: ৰাজ্যত ব্যাপক আয়োজনৰে চলিছে দুৰ্গোৎসৱ উদযাপনৰ প্ৰস্তুতি । এনেক্ষেত্ৰত আপুনি কিদৰে নৱৰাত্ৰি পালন কৰিব জানো আহক জনপ্ৰিয় জ্যোতিষশাস্ত্ৰবিদ কিৰো ইয়ঙৰ পৰা ৷

Navratri 2024
নৱৰাত্ৰিত দেৱী দুৰ্গাৰ কোনকেইটা ৰূপৰ পূজা কৰা হয় জানেনে ? (ETV Bharat)

মহালয়াৰ পিছৰ দিনটোতে অৰ্থাৎ ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি পূজা ৷ এই ৯ দিনত দুৰ্গা দেৱীৰ ৯ টা ৰূপৰ পূজা কৰা হয় ৷ এনেক্ষেত্ৰত আপুনি কিদৰে নৱৰাত্ৰি পালন কৰিব জানো আহক জনপ্ৰিয় জ্যোতিষশাস্ত্ৰবিদ কিৰো ইয়ঙৰ পৰা -

জ্যোতিষী কিৰো ইয়ঙে কয়, "নৱৰাত্ৰিত দেৱীৰ ৯ টকা ৰূপক বেলেগ বেলেগ নামেৰে পূজা কৰা হয় ৷ প্ৰতিদিনে দেৱীৰ ৰং বেলেগ হয় ৷ প্ৰতিবছৰৰ দৰে এইবাৰো এই ৯ দিনত দেৱীৰ ৯টা বেলেগ বেলেগ ৰং আছে ৷ নৱৰাত্ৰিৰ আৰম্ভণিতে অৰ্থাৎ ৩ অক্টোবৰত পুৱাই এগচি চাকি জ্বলাব লাগে যাতে সেই চাকিগচি নৱমী পূজালৈ নুমাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷ মংগল ঘট এটা প্ৰতিষ্ঠা কৰি কাঠৰ পিৰাত ৰঙা নহ'লে হালধীয়া কাপোৰ দি তাত দেৱীৰ ফটো প্ৰতিষ্ঠা কৰিব লাগে ৷"

প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰী বুলি পূজা কৰা হয় ৷ এই দিনটোত দেৱীৰ ৰং হালধীয়া, এই দিনটোত দেৱীয়ে চন্দ্ৰ গ্ৰহক নিয়ন্ত্ৰণ কৰে ৷ যিসকলৰ চন্দ্ৰ অশুভ কাৰক তেওঁলোকে এই দিনটোত দেৱীক পূজা কৰিলে ভাল ফল পায়, ধন ঐশ্বৰ্য বৃদ্ধি পায়

  • নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত দেৱীৰ ব্ৰক্ষচাৰিনী ৰূপক পূজা কৰা হয় ৷ এই দিনটোত দেৱীৰ ৰং সেউজীয়া ৷
  • তৃতীয় দিনটোত চণ্ডঘন্টা ৰূপক পূজা কৰা হয় ৷ এই দিনটোত দেৱীৰ ৰং ধূসৰ ৷
  • চতুৰ্থ দিনটোত দেৱীৰ কুষ্মাণ্ডা ৰূপক পূজা কৰা হয় ৷ সেইদিনা দেৱীৰ ৰং কমলা ৷
  • পঞ্চম দিনা স্কন্দমাতাৰ ৰূপক পূজা কৰা হয় ৷ এই দিনত দেৱীৰ ৰং বগা ৷
  • ষষ্ঠ দিনটোত কাত্যায়নী ৰূপক পূজা কৰা হয় ৷ সেইদিনাৰ ৰং ৰঙা ৷
  • সপ্তম দিনটোত কালৰাত্ৰী ৰূপক পূজা কৰা হয় ৷ সেইদিনা দেৱীৰ ৰং ৰয়েল ব্লু
  • অষ্টম দিনটোত দেৱীৰ মহাগৌৰী ৰূপৰ পূজা কৰা হয় ৷ সেইদিনা দেৱীৰ ৰং গুলপীয়া ৷
  • নৱমীৰ দিনটোত সিদ্ধিদাত্ৰী ৰূপক পূজা কৰা হয় ৷ সেইটো দিনত দেৱীৰ ৰং বেঙুনীয়া ৷
  • দশমীৰ দিনটোত প্ৰথম দিনা প্ৰতিষ্ঠা কৰা মংগল ঘটটো বিসৰ্জন দিব লাগে ৷

নৱৰাত্ৰিৰ ব্ৰত কিদৰে ৰাখিব ?

নৱৰাত্ৰিত নিৰ্জলা ব্ৰত ৰাখিব পাৰিলে ভাল ৷ কিন্তু নিৰ্জলা ব্ৰত ৰখাটো সম্ভৱ নহয় ৷ সেয়েহে দিনটো ব্ৰত ৰাখি সন্ধিয়া ফল-মূল খাব পাৰে ৷ এই দিনকেইটা তলত উল্লেখিত সামগ্ৰী যেনে-ফল-মূল, মৌ, গাখীৰ আদি দেৱীক প্ৰসাদ হিচাপে আগবঢ়াব পাৰে ৷

লগতে পঢ়ক: দুৰ্গা পূজাত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি...সোণত সুৱগা চৰা ৰূপে মোহিব সকলোকে...কেৱল পৰিধান কৰক এই সাজ - Trendy Outfits Ideas for Durga Puja

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.