গুৱাহাটী,৬ অক্টোবৰ: লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ঠিকেই ৷ পিছে লক্ষ্যপ্ৰাপ্তিতহে লাগিল অথন্তৰ ৷ ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ পৰা ধান ক্ৰয়ৰ লক্ষ্য ঠিক কৰাৰ পিছতো সফল নোহোৱাৰ আশংকাত অৱশেষত হ্ৰাস কৰিবলৈ বাধ্য হ'ল লক্ষ্যপ্ৰাপ্তিৰ পৰিমাণ ৷ চলিত মাহৰ ৩১ অক্টোবৰত সমাপ্ত হ'ব বৰ্ষটোৰ দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয় প্ৰক্ৰিয়া । জুলাই মাহৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সমাপ্ত হ'বলৈ মাজত কিছুদিন বাকী । প্ৰথম পৰ্যায়ৰ ব্যৰ্থতাৰ বাবে দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰা হৈছিল । পূৰ্বৰ ছটা চৰকাৰী সংস্থাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম পৰ্যায়ত চাৰিটা সংস্থাক চাৰে ছয় লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল । ইয়াৰ পূৰ্বে ১০ লাখ মেট্ৰিক টন লক্ষ্য আছিল ।
কিন্তু সেয়া প্ৰথম পৰ্যায়ত চাৰে ছয় লাখ মেট্ৰিক টনলৈ হ্ৰাস কৰা হৈছিল । কিন্তু তথাপিও লক্ষ্যত উপনীত হ'ব নোৱাৰিলে । ২০২৩-২৪ বৰ্ষৰ প্ৰথম পৰ্যায়ত লক্ষ্যৰ ৪৮ শতাংশ ধান ক্ৰয় কৰা হ'ব । প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাচত ধান ক্ৰয়ৰ দ্বিতীয় পৰ্যায় জুলাই মাহৰ পৰা আৰম্ভ হৈছে আৰু ৩১ অক্টোবৰলৈ চলিব । দ্বিতীয় পৰ্যায়ত এতিয়ালৈকে লক্ষ্যৰ কিমান ধান ক্ৰয় কৰা হৈছে ।
![Paddy purchased target has been reduced in the second phase](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2024/as-ghy-02-paddy-purchased-target-has-been-reduced-in-the-second-phase-after-the-failure-of-the-first-phase-this-year-7209925_04102024133118_0410f_1728028878_962.jpg)
চলিত দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ লক্ষ্য ৮৮৭০০ মেট্ৰিক টন:
প্ৰথম পৰ্যায়ৰ ব্যৰ্থতাৰ পাছত অসম চৰকাৰে ২০২৩-২৪ বৰ্ষৰ দ্বিতীয়টো পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া জুলাই মাহৰ পৰা আৰম্ভ কৰে । বিশেষকৈ বৰো ধানৰ খেতিক লক্ষ্য কৰি আৰম্ভ হোৱা এই ধান ক্ৰয় প্রক্রিয়া অহা ৩১ অক্টোবৰলৈ চলিব । বিগত বৰ্ষবোৰৰ দৰে প্ৰথম পৰ্যায়ত লক্ষ্য নির্ধাৰিত পৰিমাণৰ আধা ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ'ল চাৰিটা সংস্থা । ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি কৰি আৰু ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ হ্ৰাস কৰিও প্ৰথম পৰ্যায়ত মাত্র ৪৮ শতাংশ ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয় ।
![Paddy purchased target has been reduced in the second phase](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2024/as-ghy-02-paddy-purchased-target-has-been-reduced-in-the-second-phase-after-the-failure-of-the-first-phase-this-year-7209925_04102024133118_0410f_1728028878_859.jpg)
এনে ব্যৰ্থতাৰ বাবেই পুনৰ লক্ষ্য হ্ৰাস কৰি দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । সেই অনুসৰি এইবাৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে ৮৮৭০০ মেট্রিক টন । উল্লেখ্য যে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল ১,৩৬,৫০০ মেট্রিক টন । ইয়াৰ বিপৰীতে ক্ৰয় কৰিছিল মাত্র ৫২৮১ মেট্ৰিক টন ধান । যাৰ বাবে এইবাৰ ২০২৩-২৪ বৰ্ষৰ দ্বিতীয় পৰ্যায়ত পূৰ্বৰ তুলনাত ৪৭৮০০ মেট্ৰিক টন হ্ৰাস কৰা হ'ল ।
![Paddy purchased target has been reduced in the second phase](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2024/as-ghy-02-paddy-purchased-target-has-been-reduced-in-the-second-phase-after-the-failure-of-the-first-phase-this-year-7209925_04102024133118_0410f_1728028878_26.jpg)
এইবাৰ টাৰ্গেট হৈছে ৮৮৭০০ মেট্ৰিক টন । প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো চাৰিটা সংস্থাকহে ধান ক্ৰয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে । সেই অনুসৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (এ এফ চি এছ চি এল) ৬৬৯০০ মেট্ৰিক টন, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) ৫০০০ মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমক (এফ চি আই) ৪০০০ মেট্ৰিক টন আৰু নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডক (নাফেড) ১২৮০০ মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছে ।
দ্বিতীয় পৰ্যায়ত কোনে কিমান ধান ক্ৰয় কৰিলে:
৩১ অক্টোবৰলৈ ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য হৈছে ৮৮৭০০ মেট্ৰিক টন । আজিৰ তাৰিখলৈকে সংস্থা চাৰিটাই ক্ৰয় কৰা ধানৰ পৰিমাণ হৈছে ৭৯২১৪ মেট্ৰিক টন । উপকৃত হোৱা কৃষকৰ সংখ্যা হৈছে ৬৪৪০ গৰাকী । এইবাৰ হয়টো লক্ষ্যত উপনীত হ'ব পাৰিছে । অৱশ্যে এইবাৰ টাৰ্গেতো যথেষ্ট হ্ৰাস কৰা হৈছে । এতিয়ালৈকে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে (এ এফ চি এছ চি এল) লক্ষ্যৰ ৬৬৯০০ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰিছে ৬৭৯৪৮ মেট্ৰিন টন ধান ক্ৰয় কৰিছে ।
অৰ্থাৎ এ এফ চি এছ চি এলে লক্ষ্য অতিক্ৰম কৰিছে । সংস্থাটোৱে এতিয়ালৈকে এহাজাৰ মেট্ৰিক টনৰো অধিক ধান অতিৰিক্তভাৱে ক্ৰয় কৰিছে । ইয়াৰ বিপৰীতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) লক্ষ্যৰ ৫০০০ মেট্ৰিক টনৰ বিপৰীতে ১৮৫৮ মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমে (এফ চি আই) লক্ষ্যৰ ৪০০০ মেট্ৰিক টনৰ বিপৰীতে ১১৫৭ মেট্ৰিক টন আৰু নেছনেল এগ্রিকালচাৰেল ক'পাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডে (নাফেড) লক্ষ্যৰ ১২৮০০ মেট্ৰিক টনৰ বিপৰীতে ৮২৫১ মেট্ৰিক টন ধান এতিয়ালৈকে ক্ৰয় কৰিছে । লক্ষণীয় বিষয় যে এফ চি আয়ে প্ৰত্যেক বাৰেই লক্ষ্যৰ পৰা বহু আঁতৰত থাকে । আনহাতে ধান ক্ৰয় কৰা কেন্দ্ৰৰ সংখ্যা হৈছে ৩৯ টা।
বিগত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সামগ্ৰিক প্ৰেক্ষাপট:
বিগত বৰ্ষৰ দ্বিতীয় পৰ্যায়ত পাঁচটা সংস্থাক ১৩৬৫০০ মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল । ইয়াৰ বিপৰীতে দুটা সংস্থাই শূন্যত থাকি বাকী তিনিটা সংস্থাই ক্ৰয় কৰিলে মাত্র ৫২৮০.৫০ মেট্ৰিক টন । অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (এ এফ চি এছ চি এল) ৯৩০০০ মেট্ৰিক টন, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) ১৫০০ মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমক (এফ চি আই) ২২০০০ মেট্ৰিক টন, নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডক (নাফেড) ১৮০০০ মেট্ৰিক টন আৰু এন চি চি এফক ২০০০ মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল ।
![Paddy purchased target has been reduced in the second phase](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2024/as-ghy-02-paddy-purchased-target-has-been-reduced-in-the-second-phase-after-the-failure-of-the-first-phase-this-year-7209925_04102024133118_0410f_1728028878_719.jpg)
ইয়াৰ বিপৰীতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) আৰু এন চি চি এফ শূন্যতে থাকিল । আনহাতে লক্ষ্যৰ বিপৰীতে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ৪৭২৩ মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমে ১৯৮ মেট্ৰিক টন আৰু নাফেডে ৩৬০ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । ইফালে উপকৃত হোৱা কৃষকৰ সংখ্যা হৈছে ১৩০৮ গৰাকী ।
চলিত বৰ্ষৰ প্ৰথম পৰ্যায়ত ধান ক্ৰয়ৰ ৰূপৰেখা:
চলিত ২০২৩-২৪ৰ প্ৰথম পৰ্যায়ত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া বিগত বৰ্ষত পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ৩০ জুনত অন্ত পৰে । পূৰ্বৰ ছটাৰ বিপৰীতে চাৰিটা সংস্থাক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল । অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ, ভাৰতীয় খাদ্য নিগম আৰু নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়াক ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল ৬,৫৩,৭০০ মেট্রিক টন ।
ইয়াৰ বিপৰীতে সংস্থা চাৰিটাই ৩১৪৯৩৭.৫৫ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । অৰ্থাৎ লক্ষ্যৰ ৫০ শতাংশ ধানো সংস্থা চাৰিটাই ক্ৰয় কৰিব নোৱাৰিলে । ইয়াৰ ভিতৰত কৃষি বিপণন পৰিষদে লক্ষ্যৰ পাঁচ হেজাৰ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰে ৩,৫০৩.৭৮ মেট্রিক টন । খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে লক্ষ্যৰ ৪,৬৮,৭০০ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰে ২,৭১,০৬১.০২ মেট্রিক টন । আটাইতকৈ শোচনীয় পৰিমাণৰ ধান ক্রয় কৰে ভাৰতীয় খাদ্য নিগমে ।
![Paddy purchased target has been reduced in the second phase](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2024/as-ghy-02-paddy-purchased-target-has-been-reduced-in-the-second-phase-after-the-failure-of-the-first-phase-this-year-7209925_04102024133118_0410f_1728028878_1052.jpg)
সংস্থাটোৱে লক্ষ্যৰ ৭৬ হেজাৰ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰে মাত্ৰ ১২,১০০.২৪ মেট্রিক টন ধান । আনটো কেন্দ্ৰীয় সংস্থা এন এ এফ ই ডি তথা নাফেডে লক্ষ্য নির্ধাৰিত ১,০৪,০০০ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰে ২৮,২৭২.৫১ মেট্রিক টন ধান । উপকৃত হোৱা কৃষকৰ সংখ্যা আছিল ৩৩,১৪০ গৰাকী ।
ধান ক্ৰয়ৰ ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি হোৱাৰ পাছতো ব্যৰ্থতা :
এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমর্থিত মূল্য (এম এছ পি) বিগত বৰ্ষত তুলনাত বৃদ্ধি কৰা হৈছে । ২০২২-২৩ত এম এছ পিৰ পৰিমাণ প্ৰতি কুইণ্টল ধানত ২,০৪০ টকা আছিল । সেই পৰিমাণ কেৱল ধান ক্ৰয়ৰ প্ৰক্ৰিয়াটোৰ পৰা ২,১৮৩ টকালৈ বৃদ্ধি কৰা হয় । এম এছ পিৰ পৰিমাণ এনেদৰে বৃদ্ধি কৰিও প্ৰথমটো ক্ৰয় পৰ্যায়ত লক্ষ্য নির্ধাৰিত ধান ক্ৰয় কৰিবলৈ সক্ষম নহ'ল সংস্থা চাৰিটা । দ্বিতীয় পৰ্যায়ত লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে সংস্থা চাৰিটা ।
অৱশ্যে এইবাৰ ধান ক্ৰয়ৰ লক্ষ্য যথেষ্ট হ্ৰাস কৰা হৈছে । ৰাজ্যৰ দুখীয়া কৃষকসকলক মধ্যভোগীৰ পৰা সকাহ দি অধিক লাভ আদায়ৰ সুযোগ দিয়া তথা কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্য লৈ ৰূপায়ণ কৰা এই আঁচনিখন অসমত দুর্ভাগ্যজনকভাৱে আৰম্ভণিৰে পৰাই ব্যৰ্থ হৈ আহিছে । এই আঁচনিখনে প্ৰকৃতাৰ্থত ৰাজ্যৰ কৃষকসকলক উপকৃত কৰিব পৰা নাই ।