ETV Bharat / sports

ক্ৰিকেটত এহাজাৰতকৈও অধিক চাৰি কোবোৱা ক্ৰিকেটাৰৰ তালিকাত কোন ভাৰতীয় - 1000 PLUS FOURS IN CRICKET - 1000 PLUS FOURS IN CRICKET

1000 Plus fours in test and odi: টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত 1000 বা তাতোকৈ অধিক চাৰি কোবোৱা ভাৰতীয় বেটছমেনসকলৰ তালিকাত কাৰ নাম আছে জানেনে ?

1000 PLUS FOURS IN CRICKET
ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 5, 2024, 10:01 AM IST

স্প’ৰ্টছ ডেস্ক, 5 অক্টোবৰ: ক্ৰিকেটপ্ৰেমীসকলে এবাৰলৈয়ো হয়তো নিজৰ প্ৰিয় খেলুৱৈগৰাকীৰ বেটিঙৰ ধুমুহা নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছে ৷ বলাৰ যিমানেই শক্তিশালী নহওঁক কিয়, একাংশ বেটছমেনে চাৰি-ছয় কোবাই খেলপথাৰত দিশহাৰা কৰি তোলে বলাৰসকলক ৷ বাউণ্ডেৰী কোবোৱাটো একাংশ বেটছমেনৰ চখতো পৰিণত হৈছে ৷

বেটছমেনসকলে বিস্ফোৰক বেটিং কৰি বহু অভিলেখ গঢ়িবলৈ সক্ষম হয় ক্ৰিকেট ইতিহাসত । এই প্ৰতিবেদনত এনে কেইগৰাকীমান ভাৰতীয় বেটছমেনৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো, যিসকলে টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে 1000 বা তাতকৈ অধিক চাৰি কোবাইছে ৷

টেষ্ট আৰু এদিনীয়াত 1000+ চাৰি কোবোৱা খেলুৱৈ:

ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে সৰ্বাধিক চাৰি আৰু ছয় কোবোৱা বেটছমেনসকলৰ ভিতৰত আছে প্ৰাক্তন কিংবদন্তী বেটছমেন শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ আৰু বৰ্তমান টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী ।

এই তিনিওগৰাকী ভাৰতীয় ক্ৰিকেটাৰে টেষ্ট আৰু এদিনীয়া মেচত 1000 বা তাতকৈ অধিক চাৰি কোবাইছে ৷

শচীন তেণ্ডুলকাৰ: টেষ্ট আৰু এদিনীয়া ফৰ্মেটত ভাৰতৰ হৈ সৰ্বাধিক চাৰি কোবোৱা একমাত্ৰ বেটছমেনগৰাকী হৈছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । ইয়াৰ লগতে এই দুয়োটা ফৰ্মেটতে 1000 বা তাতকৈ অধিক ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাতো নাম অন্তৰ্ভুক্ত কৰা হৈছে মাষ্টাৰ-ব্লাষ্টাৰগৰাকীৰ । শচীনে টেষ্টত 2058 টা আৰু এদিনীয়াত 2016 টা চাৰি কোবোৱাৰ অভিলেখ অৰ্জন কৰিছে ।

1000 PLUS FOURS IN CRICKET
শচীন তেণ্ডুলকাৰ (IANS PHOTO)

বীৰেন্দ্ৰ ছেহৱাগ: টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে ভাৰতৰ হৈ 1000 বা তাতকৈ অধিক চাৰি সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগ । টেষ্টত ছেহৱাগে 1233 টা আৰু এদিনীয়াত 1132 টা চাৰি কোবাইছে ।

1000 PLUS FOURS IN CRICKET
বীৰেন্দ্ৰ ছেহৱাগ (ANI PHOTO)

বিৰাট কোহলী: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এতিয়াও ভাৰতৰ হৈ বেটিং ধুমুহা অব্যাহত ৰাখিছে ৷ ভাৰতৰ হৈ দুয়োটা ফৰ্মেটতে 1000 বা তাতকৈ অধিক চাৰি ৰাণ সংগ্ৰহ কৰা ভাৰতীয় বেটছমেনৰ ভিতৰত বিৰাট অন্যতম । টেষ্ট ক্ৰিকেটত তেওঁৰ নামত আছে 993 টা আৰু এদিনীয়া ক্ৰিকেটত আছে 1302 টা চাৰিৰ অভিলেখ ।

1000 PLUS FOURS IN CRICKET
বিৰাট কোহলী (ANI PHOTO)

টেষ্ট আৰু এদিনীয়াত ভাৰতৰ হৈ সৰ্বাধিক চাৰি

  1. শচীন তেণ্ডুলকাৰ: টেষ্ট (2058), এদিনীয়া (2016)
  2. বীৰেন্দ্ৰ ছেহৱাগ: টেষ্ট (1233), এদিনীয়া (1132)
  3. বিৰাট কোহলী: টেষ্ট (1001), এদিনীয়া (1302)

লগতে পঢ়ক: জীয়ৰীক সাক্ষাতৰ পিছতে মহম্মদ ছামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পূৰ্বৰ পত্নীৰ - MOHAMMED SHAMI Ex WIFE ALLEGATIONS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.