স্পৰ্টছ ডেস্ক,৭ জুলাই :ভাৰত আৰু জিম্বাব'ৱেৰ মাজত দেওবাৰে অনুষ্ঠিত হ'ব টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ । শনিবাৰে খেলা প্ৰথমখন মেচত ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল । জিম্বাব'ৱে দলটোৱে ভাৰতীয় আই পি এল তাৰকাসকলৰ সন্মুখত কম স্ক'ৰ ডিফেণ্ড কৰি জয়ী হৈছিল । ভাৰতীয় দলত ৩ গৰাকী আই পি এল তাৰকা খেলুৱৈয়ে আত্মপ্ৰকাশ কৰিছিল । কিন্তু তিনিওগৰাকী ফ্লপ হোৱা দেখা গৈছিল ।
ভাৰতীয় দলটোৱে দেওবাৰে জিম্বাব'ৱেৰ বিৰুদ্ধে খেলাৰ সময়ত উদ্দেশ্য হ'ব প্ৰথমখন খেলৰ পৰাজয়ৰ প্ৰতিশোধ লোৱা । যোৱা খেলখনত ভাৰতৰ ৭ গৰাকী বেটছমেনে ফ্লপ হোৱা দেখা গৈছিল । শুভমন গিল, ৱাশ্বিংটন সুন্দৰ আৰু আবেশ খানে ১০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । এনে পৰিস্থিতিত, জিম্বাব'ৱেই ভাৰতীয় খেলুৱৈসকলক সহজভাৱে লোৱা দেখা গৈছিল ।
দেওবাৰৰ খেলখনত আইপিএলত হায়দৰাবাদৰ হৈ আশ্চৰ্যজনক প্ৰদৰ্শন কৰা অভিষেক শৰ্মাৰ পৰা দলটোৱে যথেষ্ট প্ৰত্যাশা ৰাখিব । ইয়াৰ উপৰিও ৰুতুৰাজ গায়কোৱাড আৰু ৰাজস্থানৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ান পৰাগৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব । ইয়াৰ উপৰিও, অধিনায়ক শুভমন গিলেও দায়িত্বশীল ইনিংছ খেলিব লাগিব ।
জিম্বাব'ৱে দলটোৱে পুনৰ এবাৰ খেলখনত তেওঁলোকৰ অধিনায়কৰ পৰা অলৰাউণ্ডাৰ প্ৰদৰ্শন আশা কৰিব । প্ৰথমখন খেলত সিকন্দৰ ৰাজাই অলৰাউণ্ডাৰ ভূমিকা গ্ৰহণ কৰি ৯ টা বলত ১৭ ৰাণ সংগ্ৰহ কৰে আৰু পিচত ৩ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে । ৰাজাই শুভমন গিল, মুকেশ কুমাৰ আৰু ৰবি বিষ্ণইৰ উইকেট দখল কৰিছিল ।