অসম

assam

ETV Bharat / sports

জাহিৰ খান, ঈশান্ত শৰ্মাক অতিক্ৰমী পঞ্চম সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত ৰবীন্দ্ৰ জাদেজা

India vs New Zealand 3rd Test: মুম্বাই টেষ্টত আটাইকেইটা উইকেটৰ বিনিময়ত নিউজিলেণ্ডৰ সংগ্ৰহ 235 ৰাণ ৷ ভাৰতীয় বলাৰ ৰবীন্দ্ৰ জাদেজাৰ গুৰুত্বপূৰ্ণ ভূমিকা ৷

IND VS NZ TEST SERIES
ৰবীন্দ্ৰ জাদেজাৰ ধুমুহা (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 1, 2024, 5:24 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে তৃতীয় তথা অন্তিমখন টেষ্ট ৷ এই টেষ্টৰ প্ৰথম দিনটোত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত হাৰি নিউজিলেণ্ডৰ অধিনায়কৰ আমন্ত্ৰণমৰ্মে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

খেলখনৰ আৰম্ভণিতে নিউজিলেণ্ডে উন্নত প্ৰদৰ্শন আগবঢ়াইছিল যদিও ভাৰতীয় বলাৰসকলে প্ৰত্যাৱৰ্তন কৰি দিশহাৰা কৰি তোলে প্ৰতিপক্ষৰ বেটছমেনসকলক ৷ বিশেষকৈ ৰবীন্দ্ৰ জাদেজাই পাঁচটাকৈ উইকেট দখল কৰি স্থাপন কৰে অভিলেখ ৷

টেষ্টত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ

জাদেজাই মুম্বাই টেষ্টৰ প্ৰথম ইনিংছত নিউজিলেণ্ডৰ 5 টাকৈ উইকেট দখল কৰি টেষ্টত পঞ্চম সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত হয় ৷ জাদেজাই খেলখনৰ 53 তম অভাৰত গ্লেন ফিলিপছৰ (17) ৰূপত তৃতীয়টো উইকেট দখল কৰি এই কৃতিত্ব অৰ্জন কৰে ৷

সমান্তৰালকৈ ভাৰতৰ হৈ পঞ্চম সৰ্বাধিক টেষ্ট উইকেট সংগ্ৰহকাৰীত পৰিণত হোৱাৰ লগতে জাহিৰ খান (311 উইকেট) আৰু ইশান্ত শৰ্মা (311 উইকেট) ক অতিক্ৰম কৰে ৷

জাদেজাই প্ৰতিপক্ষৰ বেটছমেন উইল ইয়ং (71), টম ব্লুণ্ডেল (0), গ্লেন ফিলিপছ (17), ঈশ সোধি (7) আৰু মেট হেনৰী (0) ৰ উইকেট দখল কৰে । পুনে টেষ্টত অতি ব্যয়বহুল প্ৰমাণিত হোৱা জাদেজাই 22 অভাৰত 65 ৰাণৰ বিনিময়ত দখল কৰে 5 টা উইকেট ৷ যাৰ বাবে দলটোক 235 ৰাণত বান্ধি ৰাখিবলৈ সক্ষম হয় ভাৰত ৷

টেষ্ট মেচত ভাৰতৰ হৈ সৰ্বাধিক উইকেট:

  1. অনিল কুম্বলে - 619
  2. ৰবিচন্দ্ৰন অশ্বিন - 553
  3. কপিলদেৱ - 434
  4. হৰভজন সিং - 417
  5. ৰবীন্দ্ৰ জাদেজা - 314*

জাদেজা-সুন্দৰৰ সন্মুখত দিশহাৰা নিউজিলেণ্ড

মুম্বাই টেষ্টৰ প্ৰথম দিনা নিউজিলেণ্ডে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 235 ৰাণ । 5 টা উইকেট দখল কৰা জাদেজাৰ সহযোগী স্পিনাৰ ৱাশ্বিংটন সুন্দৰে দখল কৰে 4 টা উইকেট ৷ দুয়োগৰাকী বলাৰে 76 ৰাণৰ ভিতৰত 6 টা উইকেট দখল কৰি শ’লঠেকত পেলাই নিউজিলেণ্ডক ৷

নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেলে সৰ্বাধিক 82 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, উইল ইয়ঙেও 71 ৰাণৰ এক অৰ্ধ-শতকীয় ইনিংছ খেলিছিল । একেৰাহে দুখনকৈ টেষ্টত পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ টীম ইণ্ডিয়াৰ বাবে মুম্বাই টেষ্টত জয় লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।

লগতে পঢ়ক:আনুষ্ঠানিকতা ৰক্ষাৰ উদ্দেশ্যে ৱাংখেড়েত তৃতীয়খন টেষ্ট; টছত জিকি বেটিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

ABOUT THE AUTHOR

...view details