অসম

assam

ETV Bharat / sports

আনুষ্ঠানিকতা ৰক্ষাৰ উদ্দেশ্যে ৱাংখেড়েত তৃতীয়খন টেষ্ট; টছত জিকি বেটিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ - IND VS NZ TEST SERIES

Ind vs nz third test: তৃতীয় তথা অন্তিম টেষ্টত টছত জয় লাভ নিউজিলেণ্ডৰ ৷ অধিনায়ক টম লাথামৰ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ৷

IND VS NZ TEST SERIES
Etv Bharat (ANI Photo)

By ETV Bharat Sports Team

Published : Nov 1, 2024, 11:24 AM IST

নিউজ ডেস্ক: আজিৰে পৰা ভাৰত-নিউজিলেণ্ডৰ মাজত আৰম্ভ হৈছে তৃতীয় তথা অন্তিমখন টেষ্ট ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আৰম্ভ হোৱা এই টেষ্টত নিউজিলেণ্ডে টছত জিকি ভাৰতক বলিঙৰ বাবে আমন্ত্ৰণ জনায় ৷

তিনিখন মেচৰ টেষ্ট শৃংখলাটো নিউজিলেণ্ডে ইতিমধ্যে 2-0 ব্যৱধানত দখল কৰিছে ৷ অন্তিমখন টেষ্ট মাথো আনুষ্ঠানিকতা ৰক্ষাৰহে খেল ৷ তৃতীয় টেষ্টৰ বাবে নিউজিলেণ্ডে দুজন খেলুৱৈ আৰু ভাৰতে এজন খেলুৱৈৰ সালসলনি কৰিছে ৷

এই টেষ্ট শৃংখলাৰ সামৰণিৰ পিছতে ভাৰতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অংশগ্ৰহণৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ৷

বুমৰাহৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত চিৰাজ

এই খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দলৰ মূল একাদশত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে ৷ তেওঁ ভাৰতীয় বলিং বিভাগৰ আটাইতকৈ অভিজ্ঞ আৰু নিৰ্ভৰযোগ্য বলাৰ যশপ্ৰীত বুমৰাহৰ পৰিৱৰ্তে মহম্মদ চিৰাজক তৃতীয় টেষ্টত অন্তৰ্ভুক্ত কৰিছে ৷ ভাইৰেল জ্বৰত আক্ৰান্ত বুমৰাহ সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে চিৰাজে এই সুযোগ লাভ কৰে ৷

যশপ্ৰীত বুমৰাহ (ANI Photo)

আনহাতে, নিউজিলেণ্ডৰ অধিনায়ক টম লাথামে মিচেল চেণ্টনাৰ আৰু টিম চাউথীক তৃতীয় টেষ্টৰ পৰা বাদ দিছে ৷ তাৰ পৰিৱৰ্তে দলটোত স্থান লাভ কৰিছে ঈশ সোধি আৰু মেট হেনৰীয়ে ৷

ভাৰত আৰু নিউজিলেণ্ডৰ মূল একাদশ

ভাৰত: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), চৰফৰাজ খান, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন অশ্বিন, আকাশদ্বীপ আৰু মহম্মদ চিৰাজ ।

নিউজিলেণ্ড: টম লাথাম (অধিনায়ক), ডেভন কনৱে, উইল ইয়ং, ৰাচিন ৰবীন্দ্ৰ, ডেৰিল মিচেল, টম ব্লুণ্ডেল (উইকেটকীপাৰ), গ্লেন ফিলিপছ, ইছ সোধি, মেট হেনৰী, আজাজ পেটেল আৰু উইলিয়াম অ'ৰাউৰকে ।

লগতে পঢ়ক:ভাৰত-নিউজিলেণ্ডৰ তৃতীয় টেষ্টৰ পৰাও বাদ পৰিল কেন উইলিয়ামছন

ABOUT THE AUTHOR

...view details