স্প’ৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰ:ভাৰত আৰু বাংলাদেশৰ মাজত চেন্নাইত খেলা শৃংখলাৰ প্ৰথমখন টেষ্ট অন্ত পৰাৰ পিচতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ ৷ ভিডিঅ’টোৰ কেপশ্যনত ঠিক এইদৰে লিখা আছিল যে খেলখনত বাংলাদেশ জিকিলে হেঁতেন, যদি ৰোহিত শৰ্মাই এই কামটো নকৰিলে হেঁতেন ৷ কিন্তু ৰোহিত শৰ্মাই এনে কি কৰিলে, যাৰ বাবে বাংলাদেশ হাৰিবলগীয়া হ’ল বুলি ভিডিঅ’টোৰ কেপশ্যনত এইদৰে উল্লেখ কৰা হ’ল ৷
এই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই যে বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা । কেৱল এয়াই নহয়, খেলপথাৰত কৰা কেতবোৰ ধেমেলিয়া কৰ্ম-কাণ্ডৰ বাবেও তেওঁ পৰিচিত, যাৰ বাবে তেওঁ ভাইৰেল হৈয়েই থাকে । তেওঁৰ চঞ্চল আচৰণ আৰু আৱেগিক প্ৰতিক্ৰিয়া অনুৰাগীৰ বাবে মনোৰঞ্জনৰ উৎস হৈ পৰিছে ।
ৰোহিতে খেলপথাৰত কিবা নহয় কিবা এটা কৰে, যিটো ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰে । সতীৰ্থৰ সৈতে হোৱা যোগাযোগেই হওক বা বিৰোধী খেলুৱৈৰ সৈতে তেওঁৰ হাস্যৰসময়ী ঠাট্টা-মস্কৰাই হওক, ৰোহিতৰ এই কাৰ্যই খেলৰ প্ৰতি তেওঁৰ শিথিল অথচ প্ৰতিযোগিতামূলক দৃষ্টিভংগীক প্ৰতিফলিত কৰে । বাংলাদেশৰ সৈতে প্ৰথমখন টেষ্টৰ সময়তো তেনেধৰণ মনোৰঞ্জনৰ পৰা দৰ্শকক বঞ্চিত নকৰিলে হিটমেনে ৷
প্ৰথমখন খেলৰ সময়ত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ এটা ধেমেলীয়া ঘটনাও পোহৰলৈ আহিছে । মেচৰ চতুৰ্থ তথা অন্তিম দিনা ষ্ট্ৰাইকাৰৰ ফালে ষ্টাম্পৰ বেল্ট সাল-সলনি কৰা দেখা গ’ল ৰোহিতক । ইয়াৰ পিছত ৰোহিতে উভতি গৈ ষ্টাম্পলৈ চাই এটা ধেমেলীয়া যাদুৰ ভংগী প্ৰদৰ্শন কৰে, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । কেৱল এয়াই নহয়, তেওঁৰ সতীৰ্থ খেলুৱৈ পন্তক ৰোহিতলৈ চাই হাঁহি থকা দেখা গ’ল ।