অসম

assam

ETV Bharat / sports

কে এল ৰাহুলৰ লগত অন্যায় ! থাৰ্ড আম্পায়াৰৰ ভুল সিদ্ধান্তত পাকিস্তানী ক্ৰিকেটাৰৰ খং - BORDER GAVASKARKAR TROPHY 2024

Ind vs Aus 1st test: পাৰ্থ টেষ্টত কে এল ৰাহুলক বিতৰ্কিতভাৱে আউটৰ সিদ্ধান্ত দিছিল আম্পায়াৰে ৷ ইয়াৰ পিছতে পাকিস্তানৰ কিংবদন্তীয়ে আম্পায়াৰক কৰে তীব্ৰ সমালোচনা ৷

BORDER GAVASKARKAR TROPHY 2024
কে এল ৰাহুল আৰু পেট কামিন্স (AP Photo)

By ETV Bharat Sports Team

Published : Nov 22, 2024, 3:41 PM IST

স্প’ৰ্টছ ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত শুকুৰবাৰৰে পৰা অনুষ্ঠিত হৈছে । টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতে দুপৰীয়াৰ আহাৰ বিৰতিলৈকে 25 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 51 ৰাণ ৷

খেলখনত দুপৰীয়াৰ আহাৰ বিৰতিৰ কিছুসময় পূৰ্বে এটা আশ্চৰ্যজনক ঘটনা সংঘটিত হয় ৷ ভাৰতীয় বেটছমেন কে এল ৰাহুলক আম্পায়াৰে নট আউট ঘোষণা কৰাৰ পিছত পুনৰীক্ষণ কৰি খেলুৱৈগৰাকী আউট বুলি আম্পায়াৰে পুনৰ ঘোষণা কৰে ৷

আম্পায়াৰৰ এই সিদ্ধান্তত ৰাহুলৰ লগতে ক্ৰিকেটৰ ধাৰাভাষ্যকাৰসকলো হতবাক হৈ পৰে ৷

ৰাহুলক আউট ঘোষণা কৰাত ধাৰাভাষ্যকাৰসকলো হতবাক

আম্পায়াৰৰ এই সিদ্ধান্ত সম্পৰ্কত সঞ্জয় মঞ্জৰেকাৰে কৈছিল, "কে এল ৰাহুলৰ সৈতে এয়া অন্যায় । তেওঁ ভাল খেলি আছিল । যেতিয়া তেওঁৰ বেটে পেডত খুন্দা মাৰিছিল, বলটো বেটৰ পৰা ওলাই আহিছিল । মই এই সিদ্ধান্তত অসন্তুষ্ট । আম্পায়াৰে সিদ্ধান্তটো ইমান সহজে দিছে, তেওঁ ভাবিব লাগিছিল । ময়ো আচৰিত হৈছো" ৷

পাকিস্তানৰ প্ৰাক্তন বাওঁহতীয়া ফাষ্ট বলাৰ আৰু ভাষ্যকাৰ ৱাছিম আক্ৰামে এই সন্দৰ্ভত কয় যে, "তৃতীয় আম্পায়াৰে অন্ধকাৰত তীৰ মাৰিছে । তেওঁৰ পেডতহে বেটখন লাগিছিল ৷ কে এল ৰাহুলৰ সৈতে যি হ’ল, সেয়া দুৰ্ভাগ্যজনক । দ্বিতীয়টো দিশত অতি স্পষ্টকৈ দেখা গৈছে যে ক্ৰিকেটাৰগৰাকীৰ বেটখনে পেডত আঘাত কৰিছে ।

আনহাতে, সঞ্জয় মঞ্জৰেকাৰে কৈছিল যে, যদি বলটোৱে প্ৰথমে বেটত আঘাত কৰে আৰু তাৰপিছত বেটখন পেডত লাগে, তেতিয়া স্নিকো মিটাৰটোৱে দুটা শব্দৰ ইংগিত বহন কৰিব লাগিছিল ৷ কিন্তু তাত মাত্ৰ এটাহে দেখা গৈছিল । এনে পৰিস্থিতিত এই সিদ্ধান্ত অধিক চিন্তাশীলভাৱে লোৱা উচিত আছিল ।

সমগ্ৰ বিষয়টো কি আছিল ?

টীম ইণ্ডিয়াৰ প্ৰথম ইনিংছৰ 23 অভাৰৰ দ্বিতীয় বলটোত মিচেল ষ্টাৰ্কে কে এল ৰাহুলক ব’ল্ড কৰিছিল । অষ্ট্ৰেলিয়াৰ দলটোৱে কেচ আউটৰ বাবে আবেদন জনাই যদিও খেলপথাৰৰ আম্পায়াৰে ৰাহুলক ন’-আউট ঘোষণা কৰে ৷ ইয়াৰ পিছত সমীক্ষাটো গ্ৰহণ কৰে পেট কামিন্সে ৷ পৰ্যালোচনাত দেখা গৈছিল যে, যেতিয়া বলটো বেটৰ ওচৰলৈ গৈছিল, তেতিয়া মাথো এটাহে শব্দ শুনা গৈছিল । কিন্তু সেয়া বেট আৰু পেডৰ শব্দ নেকি, সেয়া স্পষ্ট নাছিল ।

এই সময়ছোৱাত এটা স্পাইকো দেখা গৈছিল । ৰাহুলে কৈছে যে বেটখনে পেডত আঘাত কৰিছে ৷ স্পাইক দেখি তৃতীয় আম্পায়াৰে ৰাহুলক আউট ঘোষণা কৰিছিল ৷ ইয়াৰ পিছত ভাৰতীয় বেটছমেনগৰাকী নিশ্চিতভাৱে সুখী নাছিল আৰু খেলপথাৰৰ আম্পায়াৰৰ সৈতে কথা পাতি পেভিলিয়নলৈ উভতিছিল ।

লগতে পঢ়ক:ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; 24 নৱেম্বৰত অষ্ট্ৰেলিয়াত উপস্থিত হ’ব ৰোহিত শৰ্মা

ABOUT THE AUTHOR

...view details