ছিডনী : অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলৰ বেটিং বিপৰ্যয় অব্যাহত আছে । ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পঞ্চম টেষ্টত ভাৰতৰ প্ৰথম ইনিংছ ১৮৫ ৰাণতে থমকি ৰয় । চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত পুনৰবাৰ ভাৰতৰ শীৰ্ষ ক্ৰমৰ ৪ গৰাকী বেটছমেন ব্যৰ্থ হয় । এই শৃংখলাত যশস্বী জয়ছোৱাল, কে এল ৰাহুল, শুভমন গিল আৰু বিৰাট কোহলীয়ে কোনো ধৰণৰ ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হৈছে ।
উল্লেখ্য যে ৰোহিত শৰ্মাই ছিডনী টেষ্টৰ মূল একাদশৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লয় । পঞ্চম টেষ্টত টীম ইণ্ডিয়াক যশপ্ৰীত বুমৰাহে নেতৃত্ব দিয়ে । বুমৰাহে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । অৱশ্যে দলৰ বেটিং লাইনে পুনৰবাৰ হতাশ কৰে আৰু প্ৰথম ইনিংছত সমগ্ৰ দলটোৱে মাত্ৰ 185 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । বেটছমেনসকলৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে শৃংখলাটোত পুনৰ এবাৰ মেচখন বচাবলৈ বলাৰসকলৰ ওপৰত চাপ পৰিব ।
ভাৰতৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলৰ অপেনিং যুটি । অনুৰাগীসকলে দুয়োগৰাকী বেটাৰৰ পৰা এক ভাল আৰম্ভণি আশা কৰিছিল । কিন্তু সেয়া নহ'ল । মিচেল ষ্টাৰ্কে কে এল ৰাহুলক (৪) পেভিলিয়নৰ পথ দেখুৱাই ভাৰতক প্ৰথমটো আঘাত দিয়ে । যশস্বী জয়ছোৱালেও বেছি সময় ক্ৰীজত টিকি থকাৰ ধৈৰ্য দেখুৱাব নোৱাৰিলে আৰু মাত্ৰ ১০ ৰাণৰ ব্যক্তিগত স্ক'ৰত স্কট বোলেণ্ডৰ চিকাৰ হয় ।
এই দুয়োগৰাকী অপেনাৰৰ প্ৰস্থানৰ পিছত বিৰাট কোহলী আৰু শুভমন গিলৰ মাজত এক ভাল পাৰ্টনাৰশ্বিপ গঢ়ি উঠিবলৈ আৰম্ভ কৰিছিল । কিন্তু মধ্যাহ্নভোজনলৈ মাত্ৰ এটা বল বাকী থকা অৱস্থাত অভিজ্ঞ স্পিনাৰ নাথান লিঅ'নে গিলক (২০) শ্লিপত ষ্টিভ স্মিথৰ হাতত কেচ কৰোৱাই ভাৰতৰ তৃতীয়টো আৰু ব্যক্তিগত প্ৰথমটো উইকেট হস্তগত কৰে । মধ্যাহ্ন ভোজনলৈকে ভাৰতৰ স্ক'ৰ আছিল ৩ উইকেটৰ বিনিময়ত ৫৭ ৰাণ ।
সপ্তমবাৰৰ বাবে উইকেটৰ পিছফালে নিজৰ উইকেট বিসৰ্জন কোহলীৰ
বিৰাট কোহলীয়েও একে ভুলৰ পুনৰাবৃত্তি কৰি পুনৰবাৰ উইকেটৰ পিছফালে নিজৰ উইকেট বিসৰ্জন দিয়ে । ভাৰতৰ সোঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে অফ ষ্টাম্পৰ লাইনৰ বাহিৰলৈ যোৱা বলৰ পিচা কৰিবলৈ গৈ শ্লিপত সহজ কেছ তুলি দিয়ে । স্কট বোলেণ্ডৰ বলত কোহলীয়ে ১৭ ৰাণৰ ব্যক্তিগত স্ক'ৰত তৃতীয় শ্লিপত কেছ দিয়ে । চলিত শৃংখলাটোত তেওঁ একেৰাহে সপ্তমবাৰৰ বাবে এনেদৰে আউট হয় ।