মেলবৰ্ণ(অষ্ট্ৰেলিয়া): মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পুনৰ এবাৰ উজলিল ভাৰতৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বক্সিং ডে টেষ্ট মেচত প্ৰভাৱশালী বলিঙৰ জৰিয়তে ইতিহাস ৰচনা কৰিলে বুমৰাহে । মেচখনত শ্ৰেষ্ঠ স্পেলৰ জৰিয়তে তেওঁ নিজৰ নামত ৩ টাকৈ বৃহৎ ৰেকৰ্ড কৰিলে ।
যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস
যশপ্ৰীত বুমৰাহ বলিঙৰ ক্ষেত্ৰত আটাইতকৈ কম সময়ৰ ভিতৰত ২০০ টেষ্ট উইকেট লোৱা ভাৰতীয় বলাৰ হৈ পৰিছে । মাত্ৰ ৮৪৮৪ টা বলতে সোঁহাতৰ বলাৰজনে ২০০ টেষ্ট উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে তেওঁ ৱকাৰ ইউনিছ, ডেল ষ্টেইন আৰু কেগিছো ৰবাডাৰ পিছত ২০০ টেষ্ট উইকেট লোৱা বিশ্বৰ চতুৰ্থ আটাইতকৈ দ্ৰুত বলাৰ হৈ পৰিছে ।
বুমৰাহ মেলবৰ্ণত চতুৰ্থ টেষ্ট মেচৰ চতুৰ্থ দিনা ২০০ টেষ্ট উইকেট সম্পূৰ্ণ কৰাৰ লগে লগতে দ্ৰুতভাৱে এই অভিলেখ ৰচনা কৰা দ্বিতীয় ভাৰতীয় বলাৰ হৈ পৰিছে । ভাৰতীয় বলাৰজনে ৪৪ সংখ্যক টেষ্টত এই সফলতা লাভ কৰিছে আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ ৰেকৰ্ডৰ সমান হৈছে । শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে ৩৭ খন মেচতে এই সফলতা লাভ কৰিছিল ।
কপিল দেৱক অতিক্ৰম কৰিলে বুমৰাহে