স্প’ৰ্টছ ডেস্ক: এডিলেইডৰ অভেলত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰে । যাৰ ফলত অষ্ট্ৰেলিয়াই পাঁচখন খেলৰ শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷
অষ্ট্ৰেলিয়াৰ এই বিজয়ত অধিনায়ক পেট কামিন্সে 14 অভাৰত 57 ৰাণ ব্যয় কৰি 5 টা উইকেট দখলৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
ট্ৰেভিছ হেডলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা
অষ্ট্ৰেলিয়াই কোনো উইকেট অবিহনেই ভাৰতে নিৰ্ধাৰণ কৰা 19 ৰাণৰ সহজ লক্ষ্য অতিক্ৰম কৰে ৷ দ্বিতীয় টেষ্ট মেচখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ভ্ৰমণকাৰী দলটো তেওঁলোকৰ প্ৰথম ইনিংছত 180 ৰাণত আউট হৈছিল ।
প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত 337 ৰাণ সংগ্ৰহ কৰি মেচখনত ভাৰতৰ বিৰুদ্ধে 157 ৰাণৰ অগ্ৰগতি লাভ কৰে । ট্ৰেভিছ হেডে আগবঢ়োৱা বিস্ফোৰক শতকৰ বাবে প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ ক্ৰিকেটাৰগৰাকীয়ে প্ৰথম ইনিংছত 141 টা বলত 140 ৰাণ সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক 157 ৰাণৰ অগ্ৰগতি দিয়াত পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ।
নীতিশ কুমাৰ ৰেড্ডীৰ সৰ্বাধিক ৰাণ
এডিলেইডৰ দ্বিতীয় ইনিংছতো ভাৰতীয় বেটছমেনসকল ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় ৷ যাৰ বাবে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে মাত্ৰ 175 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰে ৷