ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা; কোনে পালে ১ লাখৰ পুৰস্কাৰ ? - DIBRUGARH FOOTBALL TOURNAMENT

মটক ৰজা স্বৰ্গদেউ সবানন্দ সিংহ সোঁৱৰণি সপ্তম বাৰ্ষিক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ।

Dibrugarh Football Tournament
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 11 hours ago

ডিব্ৰুগড় : ১৭৯১ চনত তাহানিৰ বেংমৰাত (বৰ্তমানৰ তিনিচুকীয়া) ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰা সৰ্বানন্দ সিংহ স্মৃতি যুগমীয়া কৰাৰ লগতে সৰ্বানন্দ সিংহক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ বিগত বহু বছৰৰ পৰা অনুষ্ঠিত কৰি অহা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা ।

যোৱা ২৩ ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ৰ বাণীপুৰ খেলপথাৰত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক ৰজা স্বৰ্গদেউ সবানন্দ সিংহ সোঁৱৰণি সপ্তম বাৰ্ষিক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । বুধবাৰে নিশা এই প্ৰতিযোগিতাৰ সফল সামৰণি পৰে । এইবাৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত দেশৰ আগশাৰীৰ ১৪ টা দলে অংশগ্ৰহণ কৰে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা (ETV Bharat)
  • অসম আৰক্ষী দলৰ জয়লাভ :

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত, মটক স্পৰ্টছ ক্লাব আৰু ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহযোগত সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদনত, অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় মিলনজ্যোতি সংঘ তথা বাণীপুৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘৰ আতিথ্যত অনুষ্ঠিত হোৱা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অসম আৰক্ষী আৰু গোসাইগাঁও গ্লোবেল এফচিৰ মাজত অনুষ্ঠিত হয় ।

লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই চূড়ান্ত খেলখন উদ্বোধন কৰা পাছতে আৰম্ভ হয় তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখন । কেইবাহাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত খেলখনত ২-১ গ'লৰ ব্যৱধানত গোসাইগাঁও গ্লোবেল এফচিক পৰাস্ত কৰি অসম আৰক্ষী বিজয়ী হয় ।

  • স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা

ক্ৰীড়া প্ৰেমী ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি উৎফুল্লিত উদ্যোগক্তা । এগৰাকী উদ্যোগক্তাই কয়, "এই প্ৰতিযোগিতাৰ জৰিয়তে প্ৰতিভাৱান খেলুৱৈসকলক এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ দিয়াৰ চেষ্টা কৰা হৈছে । এই খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰতিবছৰৰ দৰে এইবাৰো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১০ লাখ টকা অনুদান দিছে । বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত সহযোগিতা কৰিব বুলি আশা কৰিছো ।"

লগতে পঢ়ক :ফুটবলপ্ৰেমীৰ বাবে সুখবৰ; শনিবাৰে গুৱাহাটীত দেখিব ISLৰ দুভৰিৰ যাদু - ISL MATCH IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.