নতুন দিল্লী:শনিবাৰৰ পৰা আৰম্ভ হৈছে আই চি চিৰ ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ । ডিফেণ্ডিং চেম্পিয়ন ভাৰতক মালয়েছিয়া, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ লগতে গ্ৰুপ এত স্থান দিয়া হৈছে । নিকি প্ৰসাদৰ নেতৃত্বত ভাৰতে অহা ১৯ জানুৱাৰী দেওবাৰে কুৱালালামপুৰৰ বায়ুমাছ অভালত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ।
ইংলেণ্ড, আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকাই গ্ৰুপ বিত থাকে । গ্ৰুপ চিত আছে নিউজীলেণ্ড, নাইজেৰিয়া, চামোয়া আৰু দক্ষিণ আফ্ৰিকা । গ্ৰুপ ডিত অষ্ট্ৰেলিয়া, বাংলাদেশ, নেপাল আৰু স্কটলেণ্ড আছে । ২৩ জানুৱাৰীলৈকে গ্ৰুপ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব, তাৰ পিছত ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ছুপাৰ ছিক্স ।
দুয়োখন ছেমি ফাইনেল ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ বায়’মাছ অ’ভেলত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ফাইনেল খেলখন । দক্ষিণ আফ্ৰিকাত ২০২৩ চনৰ সংস্কৰণত ইংলেণ্ডক পৰাস্ত কৰি শ্বেফালী বাৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ডিফেণ্ডিং চেম্পিয়ন হিচাপে পৰিগণিত হয় ।
U19 মহিলা T20 বিশ্বকাপ 2025 ৰ লাইভ ষ্ট্ৰীমিং আৰু লাইভ টেলিকাষ্টৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য :
- U19 মহিলা T20 বিশ্বকাপ 2025ৰ লাইভ কেতিয়া আৰু ক’ত চাব ?
১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ খেলসমূহ পুৱা ৮:০০ বজাত আৰু নিশা ১২:০০ বজাত আৰম্ভ হ’ব ।
- ১৯ বছৰ অনুৰ্ধ মহিলাৰ টি-২০ বিশ্বকাপ ২০২৫ লাইভ ক’ত চাব ?