অসম

assam

ETV Bharat / sports

বি চি চি আই বনাম পি চি বি; আই চি চিৰ হাতত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত তিনি বিকল্প - CHAMPIONS TROPHY 2025

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত অব্যাহত আছে বি চি চি আই আৰু পি চি বিৰ মাজৰ যুঁজ ৷ তেনেক্ষেত্ৰত আই চি চিৰ হাতত আছে অন্য বিকল্প ৷

CHAMPIONS TROPHY 2025
ভাৰত বনাম পাকিস্তান চেম্পিয়নছ ট্ৰফী 2025 (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 15, 2024, 12:40 PM IST

স্প’ৰ্টছ ডেস্ক: আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব ? এয়া হৈছে বিশ্ব ক্ৰিকেটত বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন ৷ ইতিমধ্যে পাকিস্তানে এই প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্বত থাকি ঘোষণা কৰিছে সকলো কাৰ্যসূচী ৷

আনহাতে, সৰ্বাধিক ৰাজহ উপাৰ্জন কৰাৰ ক্ষেত্ৰত থকা সামৰ্থৰ বাবে ভাৰতক বিশ্ব ক্ৰিকেটত সৰ্বাধিক শক্তি থকা দেশ হিচাপে গণ্য কৰা হৈছে ৷ সেয়েহে যিকোনো আই চি চি ইভেণ্টত ভাৰতৰ অংশগ্ৰহণ সৰ্বাধিক গুৰুত্বপূৰ্ণ । ভাৰতৰ অবিহনে কোনো আই চি চি অনুষ্ঠান আয়োজন কৰাৰ কথা কল্পনা কৰিব নোৱাৰি ।

চেম্পিয়নছ ট্ৰফীক লৈ সমুখ সমৰত ভাৰত-পাকিস্তান

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পি চি বি) ৰ মাজত চেম্পিয়নছ ট্ৰফীক লৈ অব্যাহত আছে বিবাদ ৷ বি চি চি আইয়ে আই চি চি-ক ইতিমধ্যে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ নকৰে বুলি জনাইছে ।

ৰাজনৈতিক ভেদাভেদৰ লগতে সুৰক্ষাজনিত কাৰণৰ বাবে দীৰ্ঘদিন ধৰি ভাৰত আৰু পাকিস্তানে অংশগ্ৰহণ কৰা নাই কোনো দ্বি-পাক্ষিক শৃংখলাত ৷ দুয়োটা চিৰপ্ৰতিদ্বন্দ্বী দলে কেৱল আই চি চি আৰু এছিয়ান ক্ৰিকেট পৰিষদৰ ইভেণ্টত ইটোৱে সিটোৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হয় ।

হাইব্ৰিড মডেলৰ বাবে সন্মত নহয় পি চি বি

ভাৰতে শেষবাৰৰ বাবে 2006 চনত পাকিস্তান ভ্ৰমণ কৰিছিল । সম্প্ৰতি ভাৰতে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত, পি চি বি-য়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি ।

পি চি বিয়ে কৈছে যে, হাইব্ৰিড মডেল তেওঁলোকৰ ফৰ্মূলাৰ বাহিৰত । বি চি চি আইয়ে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ কাৰণসমূহ বৰ্ণনা কৰি এক লিখিত পত্ৰ প্ৰেৰণ কৰাৰ বাবেও আই চি চিক বিশেষ পত্ৰযোগে অনুৰোধ জনাইছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷

পি চি বি বা বি চি চি আই কোনোৱেই চেম্পিয়নছ ট্ৰফী 2025 ৰ সন্দৰ্ভত তেওঁলোকৰ বৰ্তমানৰ স্থিতিলৈ ঘূৰি যাবলৈ সাজু নহয় । এনে পৰিস্থিতিত এই বিষয়টো সমাধান কৰাৰ দায়িত্ব পৰিছে আই চি চি-ৰ কান্ধত ৷

চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আই চি চিৰ ওচৰত আছে তিনি বিকল্প

  1. হাইব্ৰিড মডেল সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডক সন্মত কৰোৱা, যাৰ অধীনত প্ৰতিযোগিতাখনৰ 15 খন মেচৰ 5 খন মেচ অনুষ্ঠিত হ’ব সংযুক্ত আৰৱ আমিৰশ্বাহীত ৷
  2. আয়োজকৰ দায়িত্বত থকা পি চি বিৰ হাতৰ পৰা এই দায়িত্ব সম্পূৰ্ণৰূপে বাতিল কৰা ৷ অৱশ্যে এনে কৰিলে ব’ৰ্ডখনে নিজৰ দলটোৰ নাম প্ৰতিযোগিতাৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰে ৷
  3. অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব পাৰে চেম্পিয়নছ ট্ৰফী 2025 ৷ কিন্তু এনে সিদ্ধান্তৰ ফলত আই চি চি আৰু পি চি বি দুয়োখন ব’ৰ্ডৰে ৰাজহৰ ওপৰত বৃহৎ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:পাকিস্তানৰ সলনি দক্ষিণ আফ্ৰিকাত হ’ব চেম্পিয়নছ ট্ৰফী !

ABOUT THE AUTHOR

...view details