স্প’ৰ্টছ ডেস্ক: আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) পাকিস্তান ক্ৰিকেট ব'ৰ্ডক (পি চি বি) শোধাইছে মাধমাৰ ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) ৰ তীব্ৰ আপত্তিৰ পিছত আই চি চিয়ে পাক অধিকৃত কাশ্মীৰত (পি অ' কে) বাতিল কৰে চেম্পিয়নছ ট্ৰফী ভ্ৰমণৰ কাৰ্যসূচী ।
চেম্পিয়নছ ট্ৰফীৰ পাকিস্তান ভ্ৰমণ
আই চি চিয়ে ঘোষণা কৰা অনুসৰি, 2025 চনৰ চেম্পিয়নছ ট্ৰফী ভ্ৰমণৰ কাৰ্যসূচী শনিবাৰে ইছলামাবাদত আৰম্ভ হ'ব । ট্ৰফীটো চহৰখনৰ বিখ্যাত স্থান যেনে- দমন-ই-কোহ, ফৈজল মছজিদ আৰু পাকিস্তান মেম'ৰিয়েলতো প্ৰদৰ্শিত হ'ব ৷ এই কাৰ্যসূচীত উপস্থিত থাকিব পাকিস্তানৰ প্ৰাক্তন ফাষ্ট বলাৰ ছোৱেইব আখতাৰ ৷
ট্ৰফী ভ্ৰমণ কাৰ্যসূচী হৈছে আই চি চিৰ প্ৰতিটো মুখ্য অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত এটা প্ৰচাৰমূলক অনুষ্ঠান ৷ বৃহস্পতিবাৰে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পি চি বি) স্কাৰ্ডু, মুৰী, হুঞ্জা আৰু মুজাফ্ফৰাবাদৰ দৰে ঠাই, যিসমূহ পাক অধিকৃত কাশ্মীৰৰ (পি অ' কে) অন্তৰ্গত, সেইসমূহতো ট্ৰফী ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি কৈ এক বিতৰ্কৰ মাজত সোমাই পৰিছিল ৷
পাক অধিকৃত তিনিখন চহৰলৈ নিয়া নহয় এই ট্ৰফী
শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) তীব্ৰ আপত্তিৰ পিছত আই চি চিয়ে ঘোষণা কৰা ট্ৰফী ভ্ৰমণ কাৰ্যসূচীত সালসলনি ঘটোৱা হৈছে ৷ তক্ষশিলা, খানপুৰ, এবটাবাদ, নাথিয়া গালি আৰু কৰাচীৰ দৰে ঠাইসমূহ 25 নৱেম্বৰলৈকে ট্ৰফী ভ্ৰমণৰ কাৰ্যসূচীৰ তালিকাত ৰখা হৈছে ।
আই চি চি-ৰ মুখ্য বাণিজ্যিক বিষয়া অনুৰাগ দাহিয়াই কয়, "সকলো অংশগ্ৰহণকাৰী দেশত প্ৰদৰ্শিত হ’বলগীয়া ৰূপালী ৰঙে খেলখনৰ উৎসাহী অনুৰাগীসকলক আকাংক্ষিত ট্ৰফীৰ সমীপত থকাৰ এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব" ৷
চেম্পিয়নছ ট্ৰফীৰ বিশ্ব ভ্ৰমণ
26-28 নৱেম্বৰৰ ভিতৰত আফগানিস্তান ভ্ৰমণ কৰোৱা হ’ব চেম্পিয়নছ ট্ৰফীক ৷ তাৰপিছত ক্ৰমে ট্ৰফীটো 10-13 ডিচেম্বৰত বাংলাদেশ আৰু 15-22 ডিচেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকাত প্ৰদৰ্শন কৰা হ’ব ৷
ট্ৰফীটো 6-11 জানুৱাৰীলৈ নিউজিলেণ্ড ভ্ৰমণ কৰোৱাৰ পূৰ্বে 25 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈ অষ্ট্ৰেলিয়াত প্ৰদৰ্শন কৰা হ’ব ৷ 12-14 জানুৱাৰীত ইংলেণ্ড ভ্ৰমণ কৰাৰ পিছত ট্ৰফীটো 15-26 জানুৱাৰীৰ ভিতৰত ভাৰতত প্ৰদৰ্শন কৰা হ'ব । ইয়াৰ পিছত 27 জানুৱাৰীত পাকিস্তানলৈ ওভোতাই নিয়া হ’ব এই ট্ৰফী ৷
ঘোষণা কৰা হোৱা নাই চেম্পিয়নছ ট্ৰফীৰ সময়সূচী
চেম্পিয়নছ ট্ৰফী শেষবাৰৰ বাবে 2017 চনত ইংলেণ্ডত অনুষ্ঠিত হৈছিল আৰু পাকিস্তানে ফাইনেলত ভাৰতক পৰাস্ত কৰি ট্ৰফী জয় কৰিছিল ৷ আঠটা দলৰ প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই ৷ কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) নিৰাপত্তাৰ কথা উল্লেখ কৰি পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছে । আনহাতে, পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পি চি বি) এতিয়াও ইয়াক হাইব্ৰিড মডেলৰ অধীনত আয়োজন কৰিবলৈ সন্মত হোৱা নাই ।
লগতে পঢ়ক:বি চি চি আই বনাম পি চি বি; আই চি চিৰ হাতত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত তিনি বিকল্প